অন্য এটা ঋতু
এখন নিস্তেজ পুৰণি
আকাশ
খহি পৰিছে চকুৰ তলৰ বন্দী সমুদ্ৰত
আজি সন্ধ্যাও পাৰ হৈ যাব
বাঁহৰ পাত চিঙা বৰষুণ এজাক
খহি পৰিছে চকুৰ তলৰ বন্দী সমুদ্ৰত
আজি সন্ধ্যাও পাৰ হৈ যাব
বাঁহৰ পাত চিঙা বৰষুণ এজাক
যোৱাৰাতিও আমাৰ
কথাৰ বিষয় অন্য একো নাছিল
অৰণ্য এৰি অহা এজাক চৰাইৰ চেতনাত মগ্ন এই সময়
অৰণ্য এৰি অহা এজাক চৰাইৰ চেতনাত মগ্ন এই সময়
সকলো কথাইটো
সাধুকথা হ'ব নোৱাৰে
কিছুমান সোঁৱৰণিতেই গলি পমি যায়
কিছুমান সোঁৱৰণিতেই গলি পমি যায়
প্ৰেমও এক প্ৰত্যয়
বিষাদ প্ৰেমৰ প্ৰথমটো চৰ্ত
বিষাদ প্ৰেমৰ প্ৰথমটো চৰ্ত
নুমাই যোৱা প্ৰিয়
নক্ষত্ৰৰ আন্ধাৰত
এটা চিনাকি বাট হেৰাই যাবলৈ ধৰিছে লাহে লাহে
এটা চিনাকি বাট হেৰাই যাবলৈ ধৰিছে লাহে লাহে
এনেকৈও এটা যাত্ৰা
শেষ হ'ব নোৱাৰে
যিহেতু ইমানৰ পাছতো আমি ভাবিম
পৰস্পৰৰ আঙুলিত লাগি থকা উষ্ণ দিনবোৰৰ কথা
যিহেতু ইমানৰ পাছতো আমি ভাবিম
পৰস্পৰৰ আঙুলিত লাগি থকা উষ্ণ দিনবোৰৰ কথা
এই নিস্তৰংগ সময়ৰ
সামৰণিত
চাগৈ আৰু এটা তৰঙ্গময় ঋতু আহিব
গছবোৰে জানে সেই কথা
নাওঁবোৰেও
আৰু মই জানোঁ তুমিও
চাগৈ আৰু এটা তৰঙ্গময় ঋতু আহিব
গছবোৰে জানে সেই কথা
নাওঁবোৰেও
আৰু মই জানোঁ তুমিও
সেয়ে আমি ৰ'বই লাগিব সেই ঋতুলৈ।
কবি:-
ණ
ৰাজীৱ ডেকা ।
No comments:
Post a Comment