Friday, 10 March 2017

যোৱাৰ পৰত ණ ইন্দিৰা দিগন্ত



যোৱাৰ পৰত


সুঁহুৰি এটাই
বাউলী বতাহক
সী থৈ গল৷
সৰা পাতৰ বৰষুণজাকৰ
ধূলিৰ সৈতে মিতিৰালি৷
আঙুলিৰ মূৰত ক্ষণ গণিম৷
নাহৰৰ ৰঙচুৱা পাতবোৰে
গাঢ় সেউজীয়া হবলৈ আকুল হ
হওঁক!
আমে মলিয়াব৷
কুলিৰ কুউ কুউৱে পুৱা-গধূলি ৰজনজনাব৷
ৰঙীন ফাগুন
ধূলিয়ৰি ফাগুন
বাউলী ফাগুনে
আকৌ এবাৰ
ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে মেলানি মাগিব৷
আৰু
সেয়া
কাণপাতি শুনাচোন...
বসন্তৰ পদধ্বনি
বাটে পোৱালি মেলিছে
এতিয়া মাথো
ৰিং এটিৰ বাট৷

কবি:- ইন্দিৰা দিগন্ত

No comments:

Post a Comment