পৃথিৱীৰ শেষ ছবিখন
পৃথিৱীৰ শেষ ছবিখন
আঁকিবলৈ
বৰ হেঁপাহ আছিল
কিন্তু নোৱাৰিলো
অঙ্কন কৰা হাতখন আঘাতপ্ৰাপ্ত
এখন সৰু চিত্র মনৰ ডেউকাৰে আঁকিলো
য'ত নিষ্পেষিত জাৱৰৰ দম
কাষত হিমালয়ৰ মাজনিশাৰ উচুপনি
ঋষি -মুনি বহা শুভ্ৰ দলিচাখন
ক'ত হেৰাল !
আকাশৰ এচমকা কলা ডাৱৰ
বাৰুদৰ বৃষ্টি
যন্ত্ৰণাত চট্ ফটাই থকা
পাখি -চিগা মাছবোৰ আৰু
ডাড়ি -চুলি নথকা পাহাৰবোৰ
আলট্ৰা ভায়লেট নামৰ তেজপিয়া ডালৰ তীৰ ।
গেলা -পচাঁ নোখোৱা
ৰাজভোগ খোৱা শগুণবোৰ
আৰু সেউজীয়া পৃথিৱীক ধৰ্ষণ কৰা
নৰপিশাচবোৰ
ছবিখনৰ দৰ্শক নোহোৱা বাবে
হৃদয়ৰ চিত্র প্ৰদৰ্শনীত দিলোঁ ।
বৰ হেঁপাহ আছিল
কিন্তু নোৱাৰিলো
অঙ্কন কৰা হাতখন আঘাতপ্ৰাপ্ত
এখন সৰু চিত্র মনৰ ডেউকাৰে আঁকিলো
য'ত নিষ্পেষিত জাৱৰৰ দম
কাষত হিমালয়ৰ মাজনিশাৰ উচুপনি
ঋষি -মুনি বহা শুভ্ৰ দলিচাখন
ক'ত হেৰাল !
আকাশৰ এচমকা কলা ডাৱৰ
বাৰুদৰ বৃষ্টি
যন্ত্ৰণাত চট্ ফটাই থকা
পাখি -চিগা মাছবোৰ আৰু
ডাড়ি -চুলি নথকা পাহাৰবোৰ
আলট্ৰা ভায়লেট নামৰ তেজপিয়া ডালৰ তীৰ ।
গেলা -পচাঁ নোখোৱা
ৰাজভোগ খোৱা শগুণবোৰ
আৰু সেউজীয়া পৃথিৱীক ধৰ্ষণ কৰা
নৰপিশাচবোৰ
ছবিখনৰ দৰ্শক নোহোৱা বাবে
হৃদয়ৰ চিত্র প্ৰদৰ্শনীত দিলোঁ ।
কবি:- ණ লীনা হাজৰীকা ।
No comments:
Post a Comment