Tuesday, 14 March 2017

আত্মিকණস্নেহা অলংকৃতা



আত্মিক
~
সকলো সম্পৰ্কৰ শেষত গজি উঠে
সম্পৰ্ক নিজৰ স'তে
নিঃসংগ শ্মশানত প্ৰথমবাৰ উশাহ লয়
মৃত আত্মাই
সকলো সম্পৰ্কৰ ছাঁ‌ৰে অশুদ্ধ ৰাতিবোৰ
সকলো বিষণ্ণতাৰ মলিন চাকিবোৰ
নুমাই গৈ জ্বলি উঠা জোনাকীৰ আত্মাবোৰ
খুন্দ খাই থাকে চেপা উশাহত
শ্মশানৰ সকলো মলিন গান তাত -
বুকুৰ ছিগা তাঁ‌ৰত সকলো উজুটি তাত -
সকলো ভুলৰ স্বৰলিপি তাত -
উকাৰ জুইৰ দৰে সম্পৰ্কবোৰ
ভৌতিক ৰাতিৰ বুকুত কঁ‌পি থাকে
খেদি গৈ নোপোৱা কান্দোনৰ দৰে
বিবৰ্ণ শেষ এটাৰ বাবে আৰম্ভ হয় সম্পৰ্কবোৰ
ৰঙ লাহে লাহে ৰঙহীন
প্ৰাণ লাহে লাহে প্ৰাণহীন
মই লাহে লাহে মইহীন
সকলো সম্পৰ্কই কঢ়িয়ায় শূন্যতা
সকলো সম্পৰ্কৰ শেষত গজি উঠে
সম্পৰ্ক নিজৰ স'তে
শূন্যতাৰ চকুত চকু থৈ
যদি হাত থ'ব পাৰে নিজৰে হাতত
কবি:-
স্নেহা অলংকৃতা

No comments:

Post a Comment