Wednesday, 8 March 2017

ছুৰিকাঘাত ණ জ্যোতিষ কুমাৰ দেৱ



ছুৰিকাঘাত 
( এক মিনিটৰ গল্প )

বিমান বন্দৰত সুৰক্ষা পৰীক্ষণত হাতৰ বেগটো দিওঁতে আপত্তি । ভিতৰত হেনো ব্লেদ আছে । ব্লেদ ? ঘপ কৰি মনত পৰিল । ও ! ব্যাগৰ ভিতৰত প্রসাধন সামগ্রীৰ টোপোলাত এখন ব্লেদ থকাটো হয় । মই কোনো মতে ব্লেদ টো বিচৰি খোচাৰি উলিয়াই দিলোঁ । বেগটো আকৌ পৰীক্ষণত দিলে । আকৌ আপত্তি । আৰু এটা ব্লেদ আছে । বেগৰ প্রায় সমুদায় বস্তু বাহিৰলে টানি আনিলোঁ । এক প্রকাৰ খঙতে । ওহো !ব্লেদ তো নাই !
অৱস্থা দেখি স্ক্রীণিঙত বহা সুৰক্ষাকর্মী জনে মাত দিলে স্টেপলাৰৰ ওচৰে পাচৰে আছে ।
স্টেপলাৰ ! মোৰ ওচৰত স্টেপলাৰ কোনো পধ্যেই নাই । এইবাৰ ব্যাগৰ চাইদ পকেটত কিবা ভাবি হাত ফুৰালো । ভগবান ! নেদেখাকৈয়ে গম পালোঁ । ভাঁজ কৰা চাৰি ইঞ্চি মানৰ ছুৰিখন ! বহুদিন আগতে ফুটপতীয়া দোকানৰ পৰা কিনা । দুইফালে স্টীলৰ খাপৰে আৱৰা । খাপ দুটা পিছফালে টানি খুলি দিলে চাৰি ইঞ্চি মানৰ ছুৰি আৰি চাৰু ইঞ্চি খাপৰ হেণ্ডেলেৰে বেচ প্রামাণ্য ছুৰি এখন । প্রথমে বহুদিন আছিলে গাড়ীত । যদি ফল আদি কাটিবলৈ ব্যাবহাৰ কৰা যায় ! সেই দৰকাৰ কেতিয়াও হোৱা নাছিলে । এবছৰ মান আগতে চকু পৰাত মই ছুৰিখন আনি ট্রেভেলব্যাগৰ জেপত ভৰাই থলোঁ । যদি কিবা কামত আহে কেতিয়াবা - এই সুপ্ত আশাৰে । ফলৱতী নহল সেই , .আশা । আকৌ নিৰুপদ্রপে চাইড পকেটত শুই থাকিলে ৰূপোৱালী ৰঙৰ ৰূপৱতী । । আকৌ তাইৰ গাত জমিব ধৰিলে ধূলিমাকতি জং !
এইবাৰ তেন্তে পুলিচ কোঁৱৰৰ পৰশত তেওঁ সাৰ পালে ? পিছে স্থানকাল বিতর্কিত হল । এতিয়া ছুৰিকুঁৱৰীক দেখা মাত্র সুৰক্ষাকর্মী সকলে মোৰ পৰা হৰি নিব । মই যিমান পাৰোঁ অইন লামলাকটুৰ মাজলে ঠেলি দিলোঁ । অ' ব্লেদ ? অৱশেষত ওলাল । ব্যাগ আকৌ পৰীক্ষাৰ অন্তত নির্বিঘ্ন বুলি ঘুৰাই পালোঁ । কোনোবা মেজিকৰ বলত ছুৰিকা ৰাণী সুৰক্ষা কর্নীৰ এক্স-ৰে চকুৰেও অধৰা হৈ সুৰক্ষিত ৰ'ল ! মই অনতিপলমে ঠাই এৰি আগবাঢ়িলোঁ । মনতে ভাবিলোঁ জেগাত গৈ পালে ছুৰিখন আঁতৰাই থব লাগিব নিৰাপদ ঠাইত ।
তাতে হোটেলত এদিন মনত পেলাই ছুৰিখন বিচাৰিলোঁ । আচৰিত ভাবে হাতত ঢুকি নেপালোঁ । ক'ত যে হাইবাৰনেচনত গ'? ময়ো তাতে এৰিলোঁ ।
ঘুৰি আহোতে আকৌ বিমান বন্দৰ । আকৌ সুৰক্ষা পৰীক্ষা । এইবাৰ অইন আপত্তি । হে্ণ্ডব্যাগত থকা মোবাইল চার্জাৰ আদি বেলেগে উলিয়াই দিব লাগে । তাকে কৰিবলৈ যাওতে মোৰ বুকুত শেল । হাতৰ আঙুলিত লাগিলে ছুৰিৰ পৰশ । হে প্র্ভু । হোটেলত কিয় হাতত নেলাগিল ! এতিয়া তো উপায় নাই । আকৌ আগৰ বাৰৰ কথা সোঁৱৰি ছুৰিক যিমান পাৰো চুকলৈ ঠেলিলোঁ । পিছে এইবাৰ ভাগ্যই লগ নিদিলে । স্ক্রিনিং বাবুয়ে চিধাচিধি ক'লে ছুৰি আছে । আয়ৈ ! এইবাৰ মই নিজেই মোৰ প্রাণ প্রেয়সীক উলিয়াই দিব লগীয়া হ'ল ।সুৰক্ষাকর্মীয়ে বৰ উলাহেৰে খেচাং কৰি ছুৰিৰ দুই কাষৰ স্টীলৰ খাপ দুটা খুলি চাৰি ইঞ্চি মানৰ ফলিডাল আটাইকে নচুৱাই দেখুৱালে । যেন পৃথ্বীৰাজে সংযুক্তাক হৰণ কৰি আনিলে ।
মই আৰু কি কৰোঁ । নিৰুপায় কাপুৰুষৰ দৰে অতদিনে লগত ;লৈ ফুৰা লগৰীৰ লগ এৰি নির্লজ্জভাৱে আগবাঢ়িলোঁ । ইমান দাম দি ইমান চখেৰে কিনা ছুৰি এদিন ব্যাৱহাৰ কৰিবলৈকে নেপালোঁ দেখোঁ । চিখ হোৱা আৰু ছুৰি লৈ ফুৰা ইমান সহজ নহয় দেই !
কবি:- জ্যোতিষ কুমাৰ দেৱ

No comments:

Post a Comment