Wednesday, 8 March 2017

বসন্তৰ ষ্টপেজ ණ নীলাভ সৌৰভ



বসন্তৰ ষ্টপেজ

মাটিৰ পৰা গজিছিল দুচকু
চকুতে ডাঙৰ হল দুজোপা গছ
গছ দুজোপাৰ মাজেৰে লুঙলুঙাই
এটা বাট পাৰ হৈ গ
মূল যিহেতু একেটাই
বাট শিপালে গছে বেয়া নাপায়
বাটটোৰে বৰদোৱা
বাটটোৰে চূণপোৰা
ভূমি উৰি ভাসমান
ভূমা নামি আচমান
শিল নোপঙে মানে লাও নেযায় তল
ঈশ্বৰ -এটা সুৰৰ নাম ৷ এটা নামৰ সুৰ ৷
হাল-কোৰ মাৰা হাতৰ চাপৰিত যি নিতাল
সুকোমল হাতৰ দানত যি জিলিকা সোণ
নে অম্লজান
ফুলে শোভা কৰে শিলৰ দুভৰি
জয় জয় ৰাম
জয় জয় হৰি
দুজোপা গছ দুটা মানুহ
সদায়েই প্ৰেমিক ছন্দ অথবা দন্দৰ
আবদ্ধ কোঠাত অকলে বুকুৰ বুটাম খুলি
কোনো সুখী নহয়
দুৱাৰ খুলি ওলাই আহে আন এখন বুকু বিচাৰি
নাঙঠ হলেহে সজাল হয় সৃষ্টিৰ জুইকুৰা
দুইজোপা গছেই বতাহত লগ হয়
পাতে পাতক চুমা খায়
ফাগুন আহিলেও গছে থিয় দি থাকে বাবে বসন্ত আহে
ফুলাম ষ্টপেজত ঋতুৰ ৰেল ৰলে
কি চৰায়ে গান নাগায়
শিলে নাকান্দে
অঞ্জলিৰ বাবেও ফুল নিচিঙা ভাল
শুনা, ধুমুহা আহিব
গছ দুজোপা নাকাটিবা
বাটটোও মাটিৰ ওঁঠ ৷৷

কবি:- নীলাভ সৌৰভ ৷

No comments:

Post a Comment