Saturday, 4 March 2017

আন্তৰিকতাৰ ষ্টপেজ ණ ডুলুমণি ৰয়



আন্তৰিকতাৰ ষ্টপেজ


তোমাৰ ব্ৰেণ্ডেড জোতাযোৰতকৈ
আপোন আছিল
তেতিয়াৰ সঁৰিয়হ ডৰাৰ পৰা
ওলাই আহোতে
তুমি পিন্ধি অহা
নিয়ঁৰ আৰু বোকাৰ খৰম ।‌
তোমাৰ উগ্ৰ পাৰফিউমৰ
অসহনীয় গোন্ধটোতকৈ
আপোন আছিল
নিলগৰ পৰা পোৱা
তোমাৰ ঘৰ্মাক্ত গেঞ্জীৰ সুৱাস ।‌
,
এতিয়াৰ তোমাৰ বিলাসী বাইকৰ হৰ্ণত
প্ৰতিধ্বনিত নহয়
টিলিঙাৰ সেই আগ্ৰহ
নাথাকে ফোনকলসমূহত
চিঠিৰ আৱেগ
চাৱনিত সেই আকুলতা ।‌
,
সময়ৰ বৰষুণজাকত
টোপাটোপে সৰি পৰিছে
তোমাৰ স্বাভিমান
নিয়নৰ বুকুৱে কাঢ়ি লৈছে
তোমাৰ জোনাকৰ হেঁপাহ ।‌
,
কায়া এটি হৈ
একেই আছা তুমি
একেই আছো মই
মাথোঁ সলনি হৈছে
ভালপোৱাৰ পথত
আন্তৰিকতাৰ ষ্টপেজ ।‌।

কবি:- ডুলুমণি ৰয়

No comments:

Post a Comment