স্মৃতি
স্মৃতি মাথো
বেদনা নহয়..
সেউজীয়া আশা থাকে
স্মৃতিৰ উকা কপালত ..
আশাৰ উতলা ফাগুণ,
এজাক কোমল বৰষুণ
কোন মই !!
আশাৰ ৰামধেনুখন
আজি মইও দেখো
ডাৱৰীয়া আকাশত ..
নিৰাশতো নহয়!!
একেই নাথাকে কোনো
আজি পদুলিত
নতুন সময় ..
কোন মই !!
আশাহত কজলা ডাৱৰ
নে আশাৰ ৰামধেনুত
ওমলা নতুন সময়!!
ঘূৰি চাওঁ এবাৰ ..
স্মৃতি মাথো
বেদনা নহয়..
No comments:
Post a Comment