হিয়াৰ উপকণ্ঠত
মহানগৰ
হিয়াৰ উপকণ্ঠত
মহানগৰ
যাযাবৰী ‘মই’।
পুৰণি প্ৰেমিকজনক এৰি থৈ
গুছি আহিলো তোমাৰ কাষলৈ,
আৰম্ভ কৰিলোঁ সহবাস ।
পুৰণি প্ৰেমিকজনক এৰি থৈ
গুছি আহিলো তোমাৰ কাষলৈ,
আৰম্ভ কৰিলোঁ সহবাস ।
তোমাৰ নিৰস সংগত
যেন নিথৰ হৈ পৰে
মোৰ গতিশীল জীৱন,
শীতল আলিংগনত জঠৰ হৈ পৰে
প্ৰগতিৰ গতি ।
উৎকট কেঁচা গোন্ধত ওকালি
বিকৃত হ’ল সপোন,
স্তব্ধ ধমনীৰ প্ৰবাহ।
এইদৰেই বাগৰি যায় কত প্ৰহৰ কত ঋতু,
পুৰণি প্ৰেমিকজনৰ পৰা নিলগত
শত উত্তাপহীন সহবাস ।
মোৰ গতিশীল জীৱন,
শীতল আলিংগনত জঠৰ হৈ পৰে
প্ৰগতিৰ গতি ।
উৎকট কেঁচা গোন্ধত ওকালি
বিকৃত হ’ল সপোন,
স্তব্ধ ধমনীৰ প্ৰবাহ।
এইদৰেই বাগৰি যায় কত প্ৰহৰ কত ঋতু,
পুৰণি প্ৰেমিকজনৰ পৰা নিলগত
শত উত্তাপহীন সহবাস ।
এয়া যাযাবৰী
অভ্যস্ততা
অভ্যাস মানেই ভালপোৱা ।
অভ্যাস মানেই ভালপোৱা ।
তোমাৰ শান্ত সৌম্য
চকুযুৰিত
ধূসৰ মোৰ চঞ্চল প্ৰেমিক
আশ্বস্ত আলিংগনত অনুভূত
দুৰ্লভ নিৰাপদ সময়।
তোমাৰ সহচৰ্যত
পৰিপুষ্ট পৰিপক্ক
অভিজ্ঞ মই।
ধূসৰ মোৰ চঞ্চল প্ৰেমিক
আশ্বস্ত আলিংগনত অনুভূত
দুৰ্লভ নিৰাপদ সময়।
তোমাৰ সহচৰ্যত
পৰিপুষ্ট পৰিপক্ক
অভিজ্ঞ মই।
তুমি নিৰ্বিকাৰ
অন্তৰংগতাৰ অৰ্থ নুবুজা
অনুভৱৰ অনুভৱ নকৰা ।
ওভতাই সপিলা চঞ্চল প্ৰেমিকক
….. সিদিনা
যিদিনা মই ঘিণ কৰো
বেপেৰোৱা মাতাল প্ৰেম ।
অন্তৰংগতাৰ অৰ্থ নুবুজা
অনুভৱৰ অনুভৱ নকৰা ।
ওভতাই সপিলা চঞ্চল প্ৰেমিকক
….. সিদিনা
যিদিনা মই ঘিণ কৰো
বেপেৰোৱা মাতাল প্ৰেম ।
কবি:-
ණ মনমী ভট্টাচাৰ্য্য
No comments:
Post a Comment