Thursday, 2 March 2017

আশ্ৰয় ණ খগেশ সেন ডেকা



আশ্ৰয়

এক কাংক্ষিত স্বপ্নৰ সন্ধানত
সমস্ত দিন জুৰি পাহাৰখনৰ বুকুত
বগুওৱাৰ অন্তত
সূৰ্যটোৰ অস্তিত্ব হেৰাল ৷
গোমোঠা কম্বল এখনে লাহে লাহে গিলি থ'লে
সেউজীয়া পোহৰৰ হাঁহি,
পাহাৰীয়া নৈখন হৈ পৰিল
মটীয়া ৰঙৰ চেলেং এখন ৷
আচোঁৰত হেৰুৱাই জড়তাৰ সংজ্ঞা
আমি আগুৱাই গ'লোঁ
ওপৰলৈ
তললৈ
আকৌ তললৈ
পুনৰ ওপৰলৈ
আধাভঙা খহটা শিল আৰু কাঁইটৰ জাৰণিত
বিৰ দি দি বাট উলিয়াই ৷
অৱশেষত
এজোপা প্ৰাচীন গছৰ শিপাত
বহি পৰিলোঁ
তুমি আৰু মই ৷
ওৰেটো দিনৰ ভাগৰ,
তোমাৰ দুচকুত
সহস্ৰ ৰাতিৰ উজাগৰী ক্লান্ত প্ৰহৰ
মই সুধিলোঁ
শুবা ক'
'ত শুবা
চৌদিশে মাথোঁ শিল আৰু কাঁইটৰ দলিচা
এমুঠি বিচাৰ বুদ্ধিহীন মানুহৰ হাতৰ মুঠিত
বন্দী এই প্ৰকৃতিৰ প্ৰাণ
পাহাৰখনৰ বুকুত দেখিছা ক্ষয়ৰোগীৰ দৰে
তিল তিল মৃত্যুৰ আহ্বান ৷
শুধ বগা চাদৰখনৰ আঁচলেৰে গাটো ঢাকি
তুমি সোমাই আহিছিলা
মোৰ বুকুৰ ভিতৰলৈ
গভীৰলৈ
ক্ৰমাৎ
গভীৰলৈ ৷
অন্তৰত অদম্য বাসনা
তন্দ্ৰালস চকুৰ পতাত মোৰ
সময়ৰ সজাগ চেতনা ৷
দূৰৈত ক্ৰমাৎ ধৱল হৈ অহা
এখন পৃথিৱী ৷

কবি:- খগেশ সেন ডেকা ৷

No comments:

Post a Comment