মই এপিয়লা বিহ
মোৰ বুকুখন শিল
মই এপিয়লা বিহ
মোৰ বুকুখন শিল
হৈ পৰিছিল
যেতিয়া নিৰ্বোধ শিশু
এটিক দেখিছিলো
মোৰ বুকুতেই
শূন্যতাত গুজৰি গুমৰি থকা----
নৈএখন দেখিছিলো
বৰ্ষাৰ প্লাৱনত ময়মত্ত হোৱা
আৰু মই এখন সৰু গৰখীয়া নাও
বিষাক্ত বতাহে
খুলি দিছিল
সপোনৰ বায়ু ঘৰ
অম্লজান বিচাৰি
মোৰ দুয়োখন হাত
অৰণ্যৰ ওচৰত শিৰনত
পাহাৰৰ শিলবোৰ খহি আহিব খোজে
মোৰ বুকুৰ পিছল
নৈত
এনেদৰে যাপন হোৱা
মোৰ সেইদিন বোৰত
পখিলাৰ পিছ ধৰি
ফুলনি ৰ অপৰূপত বিলাব নোৱৰা
শিলাময় হোৱা তেজত
ঝাউ বন আৰু গজিবনে ?
ধূলিময় ধূসৰত
ফাগুনৰ শিমলু ৰঙাই,গজাই
তুলিবনে প্ৰেমৰ মাধৱী লতা
মই আৰু মই হৈ নাথাকিলো
শিলৰ দৰে কৰুণ
এখন পাহাৰৰ দৰে নিশ্চুপ
শিলালিপিৰ দৰে নিচিহ্ন প্ৰায়----
বুৰঞ্জীৰ বিলুপ্ত পৃষ্ঠা।।
কবি:- ණ দিবাকৰ ৰেণু ৷
No comments:
Post a Comment