এবুকু অনুভৱৰ
মৃত্যুত
এসময়ত তেওঁ কবিতা
লিখিছিল,
বুকুত গোট মৰা অনুভৱৰ চিঞাহি বোৰ
শব্দ হৈ গতি কৰিছিল ৰিফিলৰ ঠেক্ সুৰংগৰে
আৰু আখৰুৱা কৰি তুলিছিল উকা পৃষ্ঠাবোৰ....
তেওঁ কিন্তু কবি নাছিল !
বুকুত গোট মৰা অনুভৱৰ চিঞাহি বোৰ
শব্দ হৈ গতি কৰিছিল ৰিফিলৰ ঠেক্ সুৰংগৰে
আৰু আখৰুৱা কৰি তুলিছিল উকা পৃষ্ঠাবোৰ....
তেওঁ কিন্তু কবি নাছিল !
শিল্প সৃষ্টিৰ
তেওঁৰ হাবিয়াস নাছিল ,
কিন্তু গোপনে সিঁচি দিয়া সেউজীয়া অনুভৱ বোৰ
সোনোৱালী হৈ পৰিছিল কৃষ্টিৰ খৰাং উপত্যকাত
আৰু তাৰ প্ৰতিটো ডালত ওলমি ৰৈছিল একোটা জীৱন্ত
কবিতা ।
কিন্তু গোপনে সিঁচি দিয়া সেউজীয়া অনুভৱ বোৰ
সোনোৱালী হৈ পৰিছিল কৃষ্টিৰ খৰাং উপত্যকাত
আৰু তাৰ প্ৰতিটো ডালত ওলমি ৰৈছিল একোটা জীৱন্ত
কবিতা ।
কবিতা লিখা তেওঁৰ
কোনো নিচা নাছিল,
জীৱন যুঁজৰ সঁচা অভিজ্ঞতাৰে পৰিপূষ্ট মনটোৰে
মাথোঁ নীলা কৰি তুলিছিল প্ৰতিখন দলিল ।
জীৱন যুঁজৰ সঁচা অভিজ্ঞতাৰে পৰিপূষ্ট মনটোৰে
মাথোঁ নীলা কৰি তুলিছিল প্ৰতিখন দলিল ।
স্বীকৃতিৰ লালসাত
বিকৃত সৃষ্টিৰ দূৰৈত থাকি
কৰ্ষণ কৰিছিল সাহিত্যৰ পথাৰত,
কিন্তু বেজবৰুৱাৰ উপদেশৰ দৰে মনৰ খূ -দুৱনি মাৰিবলৈ নহয়,
তেওঁ লিখিছিল নিজক বুজি পাবলৈ ।
কৰ্ষণ কৰিছিল সাহিত্যৰ পথাৰত,
কিন্তু বেজবৰুৱাৰ উপদেশৰ দৰে মনৰ খূ -দুৱনি মাৰিবলৈ নহয়,
তেওঁ লিখিছিল নিজক বুজি পাবলৈ ।
কিন্তু দূৰন্ত
সময়ৰ বাধাহীন গতিত
কেৱল থিয় দি ৰৈছিল এজোপা ফাগুণ সনা বৃক্ষ
আৰু স্মৃতি হৈ পৰি ৰৈছিল শব্দৰ এক অসংলগ্ন এনাজৰী ।
কেৱল থিয় দি ৰৈছিল এজোপা ফাগুণ সনা বৃক্ষ
আৰু স্মৃতি হৈ পৰি ৰৈছিল শব্দৰ এক অসংলগ্ন এনাজৰী ।
যদিও তেওঁৰ
প্ৰতিভাই স্বীকৃতি পালে অকপটে
আৰু প্ৰতিস্হা হ'ল কবিৰ ৰূপত
কিন্তু ...........
সাৰ্থক হ'ল জানো তেওঁৰ কবিত্বময়ী জীৱন,
তেওঁৰ অনুভৱক পালেনে কোনোৱে বুজি ?
আৰু প্ৰতিস্হা হ'ল কবিৰ ৰূপত
কিন্তু ...........
সাৰ্থক হ'ল জানো তেওঁৰ কবিত্বময়ী জীৱন,
তেওঁৰ অনুভৱক পালেনে কোনোৱে বুজি ?
এনেদৰেই ক্ৰমাৎ
হেৰাই যায়নে এবুকু অনুভৱ ।
ණ হিৰণ্য কুমাৰ বৰা ।
No comments:
Post a Comment