ক)
এটি অংকুৰ ফুটা সপোনৰ
পাৰম্ভিক স্তৰত
তাই জোকাৰি গ'ল
বতাহজাক পুবৰ পৰা আহি
পশ্চিমলৈ বৈ গৈছিল
পাৰ্কখনৰ আহত জোপাৰ
সৰি পৰা পাতবোৰত
গ্ৰহণ লাগিলেও
শিপাই দ লৈকে শিপাই
এলাগী আহত!
খ)
ভয়লাগে বাবেই
বাগিচালৈ নাযায়
কথাও নাপাতে
বাগিছাত ফুলৱন্তীৰ হালধীয়া ৰং
গান , কবিতাবোৰ
সি ভালপোৱাৰ বাবেও
বাগিচালৈ নাযায়
সাহস নহয় !
এটি অংকুৰ ফুটা সপোনৰ
পাৰম্ভিক স্তৰত
তাই জোকাৰি গ'ল
বতাহজাক পুবৰ পৰা আহি
পশ্চিমলৈ বৈ গৈছিল
পাৰ্কখনৰ আহত জোপাৰ
সৰি পৰা পাতবোৰত
গ্ৰহণ লাগিলেও
শিপাই দ লৈকে শিপাই
এলাগী আহত!
খ)
ভয়লাগে বাবেই
বাগিচালৈ নাযায়
কথাও নাপাতে
বাগিছাত ফুলৱন্তীৰ হালধীয়া ৰং
গান , কবিতাবোৰ
সি ভালপোৱাৰ বাবেও
বাগিচালৈ নাযায়
সাহস নহয় !
ණ চন্দন বেজবৰুৱা ৷৷
No comments:
Post a Comment