Monday, 2 January 2017

ঘৰ:

ঘৰ:

বেৰৰ সিপাৰে বতাহৰ মুকলি নাচ
যিবোৰ ধুমুহা হোৱাৰ ভয়ত মই ইপাৰে থাকো
মোৰ সুখত দুখী দুখবোৰ,
দুখবোৰক আৰু দুখী কৰি
সজাই থৈছো নানাৰঙী ফুলদানী
বহা কোঠাত
উশাহ চেপি ধৰা বেৰৰ মাজৰ ঠাইখিনি,
কৃত্ৰিম ফুলৰ গোন্ধ চটিয়াই
'ত মই থাকো,
মোৰ নিজৰ নহয়
মোৰ এই ঘৰ
মোৰ অস্থায়ী ঠিকনা


হিমাংশু ভাগৱতী

No comments:

Post a Comment