Friday, 13 January 2017

সপোনৰ সিটোপাৰে

'অণুগল্প'(২)
সপোনৰ সিটোপাৰে
:- তই কিন্তু বেলি মাৰ যোৱাৰ আগতে ঘুৰিবি ৷ বতৰটো বৰ গোমোঠা মাৰি আছে ৷
:-
পদুমণি বিলত মাছৰ উজান উঠিছে বোলে ৷ মই যোৱালৈ ৰত্ন দাইটিহত বাট চাই ৰৈয়ে আছে চাগে ৷
জোনালীৰ জলজলীয়া চকুযুৰি দেখি ধনৰ বুকুৰে এজাক বৰষুণ বৰষি গল ৷ কিবা কম ভাৱিয়ো একো নকৈ দীঘলকৈ এটি উশাহ ললে; এহ্,.... মই সোনকালেই উভতিম দে ৷
ধনৰ গোটেই বাটটি জোনালীৰ শেঁতা পৰা মুখখনিয়ে বাৰুকৈ আমনি কৰিলে ৷ তাইৰ জীৱনটোক লৈ যে তাৰ কিমান কি যে সপোন আছিল ৷ কিন্তু নিয়তিৰ কি পৰিহাস ৷
:- ঐ ....! বেলি ভটিয়াবৰ হ’’ল ৷ তোৰ চোন জালত মাছৰ ম তোও দেখা দেখি নাই ৷
থতমত খাই সি লৰালৰিকৈ মাছ্ত নামিল কিন্তু মনে নধৰিল জালৰ আকাশ ৷ টুলুং-ভুটুং নাৱত ক্ৰমশ: মেঘ উপঙিল ৷ নীৰস মুখত এটি হুমুনিয়াহ ৷ যেন জোনাকী সপোনবোৰ উচন গৈছে সন্ধ্যাৰ বুকুত ৷


অংকুৰ শইকীয়া ৷৷

No comments:

Post a Comment