Wednesday, 4 January 2017

ঘৃণাৰ কবিতা

ঘৃণাৰ কবিতা
==========
ভালপোৱাৰ অনুভূতিবোৰ সংপৃক্ত
মৰমৰ মৌসনা মাতেৰে
মৰমৰ এনাজৰী বিস্তাৰিত
আদৰৰ সূতাৰে গুঠা এৰি চাদৰখনত
আদৰে পিহি দিয়ে নিমঁজ দেহাক
এটি অজান পুলকৰ অনুৰাগত
এই অনুৰাগেই তোমাক চপাই আনে বুকুৰ মাজত
চকুৰ পচাৰতে নোহোৱা কৰে
বিষাদৰ অসীম দিগন্তত
তথাপি তুমি আছা
তেওঁ ভাল লাগে তোমাক
তুমি হৈ পৰা মোৰ প্রিয়
চিঠি লিখাৰ দূৰত্ব নাই তোমাৰে মোৰে
অথচ লিখি থাকোঁ ঘৃণাৰ কবিতা
আজীৱন চাকনৈয়াত ওলমি থাকিম এনেকৈ
দুটি প্রতিপাদ বিন্দুৰ দৰে
 
জ্যোতিষ কুমাৰ দেৱ |

No comments:

Post a Comment