মাঘ
বোৱতী নদীখনত মাঘ
এতিয়া
পাল ছিগা নাওখনৰ নাম
মাঘ আহিলে বজাৰৰ জুই উফৰি
ঘৰে ঘৰে কৃষকৰ চকুবোৰত জ্বলে
আৰু আখলত জ্বলে ধোঁৱা
ভেলাঘৰত ৰাজ অট্টালিকাৰ কাৰুকাৰ্য
মাঘৰ বজাৰত , নাচনীৰ মুগাৰ সাজযোৰলৈ
শীতেও হয়তো ভয় কৰে বহাগৰ দৰেই
আবতৰীয়া উৰ্ব্বৰতাৰ গানে জানো
পোঁৱাতী পথাৰক উতলা কৰে ,
উতলা কৰে শিপা উভালা বতাহক
উতলা কৰে দিনে দিনে মৰুভূমি হোৱা পথাৰক
মাঘৰ মেজিবোৰ এদিনৰ বাবে জ্বলে আৰু নুমায়
জাহ যোৱা সপোনবোৰ সাৱটি মেজিৰ জুয়ে
অন্তৰবোৰত দি যায় একুৰা একুৰা জীয়া জুই
মাঘ এতিয়া মগজু বিক্ৰী হোৱা এখন বজাৰৰ নাম
মাঘ এতিয়া বজাৰৰ এটা চাহিদাৰ নাম
য’ত আমি নিজকে কিনা বেছা কৰো
আৰু লাভৰ অংক সদায় ঋণাত্মক
মাঘক জোৰকৈ ব'হাগৰ ৰং সানি দিলেই জানো বসন্ত আহিব
মাঘৰ নিজৰ ৰংহে হেৰাব
পাল ছিগা নাওখনৰ নাম
মাঘ আহিলে বজাৰৰ জুই উফৰি
ঘৰে ঘৰে কৃষকৰ চকুবোৰত জ্বলে
আৰু আখলত জ্বলে ধোঁৱা
ভেলাঘৰত ৰাজ অট্টালিকাৰ কাৰুকাৰ্য
মাঘৰ বজাৰত , নাচনীৰ মুগাৰ সাজযোৰলৈ
শীতেও হয়তো ভয় কৰে বহাগৰ দৰেই
আবতৰীয়া উৰ্ব্বৰতাৰ গানে জানো
পোঁৱাতী পথাৰক উতলা কৰে ,
উতলা কৰে শিপা উভালা বতাহক
উতলা কৰে দিনে দিনে মৰুভূমি হোৱা পথাৰক
মাঘৰ মেজিবোৰ এদিনৰ বাবে জ্বলে আৰু নুমায়
জাহ যোৱা সপোনবোৰ সাৱটি মেজিৰ জুয়ে
অন্তৰবোৰত দি যায় একুৰা একুৰা জীয়া জুই
মাঘ এতিয়া মগজু বিক্ৰী হোৱা এখন বজাৰৰ নাম
মাঘ এতিয়া বজাৰৰ এটা চাহিদাৰ নাম
য’ত আমি নিজকে কিনা বেছা কৰো
আৰু লাভৰ অংক সদায় ঋণাত্মক
মাঘক জোৰকৈ ব'হাগৰ ৰং সানি দিলেই জানো বসন্ত আহিব
মাঘৰ নিজৰ ৰংহে হেৰাব
ණ দুলাল হাজৰিকা ৷৷
No comments:
Post a Comment