পুনৰীক্ষণ (৪৩) :
০১-০৭ ডিচেম্বৰ, ২০১৬
: প্ৰথম খণ্ড
পৰ্যালোচক: মনমী ভট্টাচাৰ্য্য।
_______________________________
আখৰুৱাৰ মঞ্চত মোৰ প্ৰথম প্ৰয়াস পুনৰীক্ষণৰ । সমালোচনা সাহিত্যই তীব্ৰভাৱে দাবী কৰে দুটি দিশঃ অধ্যয়ন আৰু দক্ষতা । আখৰুৱাৰ আহ্বানত পৰ্যবেক্ষকৰ কলম হাতত তুলি লৈ বুজিলো, খোজ পিছুৱাই দিয়া মানেই নকাৰাত্মকতাৰ ঢল। সিদ্ধান্ত ল'লো এগৰাকী কবিতা অনুৰাগী হিচাপেই পৰ্যালোচনা কৰিম।
সাম্প্ৰতিক কবি আৰু কবিতা... এষাৰ ব্যক্তিগতঃ
অস্বীকাৰ অথবা প্ৰতিবাদ নিজক প্ৰতিপন্ন কৰাৰ মাধ্যম অথবা পাথেয় হ’ব নোৱাৰে। যোগ্যতাৰ অনুশীলনে প্ৰতিপন্ন কৰে এক মহান সত্তা, এগৰাকী জনপ্ৰিয় কবি। কবিৰ জন্ম হয়, কিন্তু কবিসত্তা পালিত হয় অনুকূল পৰিৱেশত। বাহ্যিক আৰু আভ্যন্তৰীণ উভয় পৰিৱেশত। আখৰুৱাৰ মঞ্চত জন্ম হওঁক হেজাৰজন কবিৰ যিয়ে নিজৰ দক্ষতা বুজি অবিৰত অনুশীলনত ব্ৰতী হয়। এয়া এক সাধনা যাৰ নাম সৃজনশীলতা। এই সৃজনত কোনো প্ৰৰোচনা নাথাকক , নাথাকক কোনো তুলুঙা মন্তব্যৰ গভীৰ প্ৰভাৱ । এয়া হয়তো শেষৰ বৰ্ণলিপি হ’ব লাগিছিল, কিন্তু মই আদিতে লিখিলোঁ । বোধন হোৱাৰ পৰতেই প্ৰাৰম্ভণ হওঁক ।
ডিচেম্বৰৰ পহিলা সপ্তাহত আখৰুৱাৰ মঞ্চত সন্নিৱিষ্ট হৈছিল ষোল্লটা কবিতা । কিছুমান কবিতা ভাল লাগিল , কেতিয়াবা আপ্লুত হ’লো, কেতিয়াবা যেন মৌন হৈ ৰ'লোঁ । কবি জ্যোতিষ কুমাৰ দেৱৰ কবিতা স্বাৰ্থহীন মানৱতাৰ পৱিত্ৰ ভালপোৱাৰে জীপাল । সুব্ৰতা গোস্বামীৰ সাৱলীল অনুবাদ , অংকুৰ শইকীয়াৰ কবিতাৰ প্ৰবল আশাবাদ, শংকৰজ্যোতি দত্তৰ অতীত আলিংগন, হিমাংশু ভাগৱতীৰ কবিতাত বস্তুবাদিতাৰ ফাঁকে ফাঁকে গা কৰি উঠা নৈৰাশ্য , অজন্তা বৰা, অংকুৰ শইকীয়া আৰু তিলক চন্দ্ৰ নাথৰ বৰ্ণনাত সজীৱ হৈ উঠা ঋতু, নিৰুপমা ডেকা আৰু ৰৌচান আৰা বেগমৰ কবিতাৰ অনন্যতা, সকলোৰে মাজৰ পৰা তিনিটা কবিতা নিৰ্বাচিত পুনৰীক্ষণৰ বাবে। এই নিৰ্বাচনৰ ভিত্তি গুণগত মানদণ্ড নহয়।
পাৰ্থপ্ৰতিম কলিতাৰ কবিতাৰ বিষয়বস্তুৰ বলিষ্ঠতা , অনিতা গগৈৰ কাব্যিকতা, আৰু অচ্যুত মাধৱ দাসৰ উপস্থাপন শৈলীৰ পৰিপক্কতাত আপ্লুত হৈ কবিতা বাচি ল'লো এগৰাকী কবিতা অনুৰাগী হিচাপেই ।
১) এগৰাকী ধৰ্ষিতাৰ মৰ্ম্মকথা’
কবিঃ পাৰ্থ প্ৰতিম কলিতা
দুভৰিৰ মাজেৰে অহাৰ সময়ত
ৰণাংগনত পৰাজিত হৈছিল আইৰ সমস্ত ভাগৰ
পিতাই গুজি দিছিল হেঁপাহ
শান্তিৰ , আস্থাৰ, নৈতিকতাৰ
ক্ৰমশঃ
ক্ৰিছেনথিমামৰ দৰে বাঢ়ি গৈছিলো মই
অথচ বুজা নাছিলো ইয়াত কেজিৰ হিচাপত জোখা হয় ভোক
দেখা নাছিলো পিয়পি ফুৰা উদং চকু
এতিয়া মোৰ চৌপাশে ধোঁৱা আৰু ধোঁৱা
টেটু চেপা এন্ধাৰত
টিপচাকি জ্বলাই খেদি পঠিয়াও
দুৱাৰত হেঁচা পৰা চেপা চেপা মাত
পাৰামানে চিঞৰো , কান্দো
অতীতৰ পৰা তুলি চাওঁ
ফুটুকীয়া ফ্ৰকত নষ্ট বীৰ্য্যৰ বগা দাগ ।
মই বেশ্যা নাছিলো কোনোকালে
পিতাইৰ আধৰুৱা সপোন এতিয়াও মুৰ পাতি লওঁ
আউসীৰ ৰাতি মৰিশালিত ৰুও সম্ভাৱনাৰ বীজ
কি লিখিম
মকৰাজালৰ ফাকঁৰে এতিয়াও দেখো
এৰি অহা অতীত
মোৰ বয়স তেতিয়া বাৰ কি দহ
চিনাকি দুহাতেৰে মোহাৰি দিয়া হৈছিল বুকুৰ ফুল
জৰায়ুত গুজি দিয়া হৈছিল পাপ
মই আশ্চৰ্যত বোবা হৈছিলো , ভয়ত কঁপিছিলো
কঁপা কঁপা হাতৰে লৈছিলো দুটা লুজেন
তাৰ পিছৰ পৰা আকৌ হেজাৰবাৰ ধৰ্ষণ
পুলিচ ষ্টেচনত, কোৰ্ট-কাছাৰীত
বাতৰি কাকতে, কলমে কলমে
মানুহৰ মুখে মুখে
আসঃ কি ক'ম
যদি সঁচাকৈয়ে আছে ইশ্বৰ
প্ৰাৰ্থনা কৰিম হৃদয়ৰ সমস্ত আকূতিৰে
মানুহ নহয়
অহাজনমত পশু হৈ ওপজাৰ মন ।
‘এগৰাকী ধৰ্ষিতাৰ মৰ্ম্মকথা’ এক বলিষ্ঠ পদক্ষেপ। ৰুঢ় বাস্তৱক জীৱন্তৰূপ দিছে পাৰ্থই। উদঙাই দিছে এক বাস্তৱৰ আঁৰৰ বাস্তৱ, মুখাৰ আঁৰৰ মুখ। এগৰাকী ধৰ্ষিতাৰ হিয়া দহি নিয়া কান্দোন এয়া, শিশুৰ ওপৰত চলা যৌন নিৰ্যাতন আৰু আতিশয্যৰ কদৰ্য স্বৰূপ ।
“এতিয়া মোৰ চৌপাশে ধোঁৱা আৰু ধোঁৱা
টেটু চেপা এন্ধাৰত
টিপচাকি জ্বলাই খেদি পঠিয়াও
দুৱাৰত হেঁচা পৰা চেপা চেপা মাত
পাৰামানে চিঞৰো , কান্দো”
এটি অবোধ নিষ্পাপ শিশুৰ সমস্ত সম্ভাৱনা মোহাৰি যায় একোজন পশুতকৈ ও অধম নৰাধমে।
“মোৰ বয়স তেতিয়া বাৰ কি দহ”
সমাজৰ চুকে কোণে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হয় শৈশৱ, কৈশোৰ, আৰু পয়ালগা যৌৱন । জীৱশ্ৰেষ্ঠৰ মুখা পিন্ধি বৰ্বৰতাৰ পাশা খেলি যায় এচামে। পংকিলতাত পোত খায় মানৱতা।
পাৰ্থপ্ৰতিমক প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কবি বুলি ক’ম।
২) জোন-পিয়া চৰাই
কবিঃ অনিতা গগৈ
.
জোন-পিয়া চৰাই এটাই
ওৰেৰাতি
ৰৈ ৰৈ ঠোঁটিয়াই
জোনাকৰ থোকবোৰ
.
আৰু মই
বাৰে বাৰে মচি পেলাওঁ
আকাশখন
য'ত জ্বলে সেই তৰাটো
যি আছিল একমাত্র সাক্ষী
.
গছত, বনত,
জনশূন্য পথৰ আন্ধাৰত
পাতসৰা অৰণ্যৰ বতাহত
কোনো নথকা ঘৰটোৰ দুৱাৰত
খিৰিকিৰ ভঙা কাঁচত
আৰু পুৱাৰ সপোনত
.
তুমি যে কুঁৱলীৰ আঙুলিৰে
লিখিছিলা মোৰ নাম....
‘জোন-পিয়া চৰাই’...প্ৰতীক আৰু চিত্ৰকল্পই সজাই তোলা অনন্য কাব্যিকতাই কঢ়িয়াই আনে অনাবিল মাদকতা । বিস্মৃতিৰ আৱৰণ কুৰুকি স্মৃতিয়ে ছানি ধৰিব খোজে বৰ্তমানৰ সমগ্ৰ সত্তা।
“গছত, বনত,
জনশূন্য পথৰ আন্ধাৰত
পাতসৰা অৰণ্যৰ বতাহত
কোনো নথকা ঘৰটোৰ দুৱাৰত
খিৰিকিৰ ভঙা কাঁচত
আৰু পুৱাৰ সপোনত”
আৰু...বিবেকৰ সতৰ্ক সচেতনতাই আলফুলে ঢাকি ৰখাৰ প্ৰয়াস কৰে পুঞ্জীভূত আৱেগ ।
“আৰু মই
বাৰে বাৰে মচি পেলাওঁ
আকাশখন”
জোন-পিয়া চৰাই হৈ অতীতক টোকৰ দিয়া ভাৱবিলাস...আৰু অতীতক সমাধিস্থ কৰি বৰ্তমানৰ বাট বুলিব খোজাৰ ব্যৱহাৰিকতা ।অতীত হৈ ৰওঁক কুঁৱলীসনা দুৰ্বোধ্য নামাকৰণ ।
বিশ্বজনীন আৱেদনৰ আবেষ্টনীত ব্যক্তিগত প্ৰলেপ সনা আছে যেন লাগিল।
৩) এন্ধাৰ হোৱাৰ আগেয়ে ঘৰ সোমাবিহি
কবিঃ অচ্যুত মাধৱ দাস
আয়ে কয়-
এন্ধাৰ হোৱাৰ আগেয়ে ঘৰ সোমাবিহি,
চৰণীয়া পথাৰ এখনৰ মাজত
গৰখীয়া ল'ৰা এটাৰ দৰে
আমি এন্ধাৰ হোৱালৈ বাট চালোঁ।
চুবুৰিৰ নামঘৰত কাঁহ বাজিছে
বাঁহনিৰ এচুকৰ পৰা ডাউক এজাকে
চিঞৰিছে
এন্ধাৰ নামিল
এন্ধাৰ নামিল
এন্ধাৰ নামিল কেনি?
ইয়াত ইমান পোহৰ
একোকে নমনি
মানুহৰো যে কি বিড়ম্বনা
ইমান পোহৰত মানুহে নিজকো নমনে
শিয়াল এজাকে পথাৰৰ পৰা উকিয়াই আছে
বেলি পৰিল,
ঘোষা এজোলোকা পোহৰ হৈ বিয়পি গৈছে
মাটি চাকি এটাৰ স’তে,
আৰু এই এন্ধাৰতো আমি নিজকে
ফটিকৰ দৰে দেখি আছোঁ।
ৰসাতলে যোৱা সূৰ্য এটালৈ চাই
আয়ে কয়-
এন্ধাৰ নামিল
ডবা বাজিল
কোনে খবৰ ৰাখে
বিলাতী দুনিয়াত পোহৰতো যে এন্ধাৰ হৈ যায়
এন্ধাৰতো পোহৰ
পানী-দৰত বিক্ৰী হয় সূৰ্য
আৰু মানুহে
নিজৰ ঘৰতে থাকি বিচাৰি ফুৰে ঘৰ।
আয়ে কয়-
এন্ধাৰ হোৱাৰ আগেয়ে ঘৰ সোমাবিহি…
‘এন্ধাৰ হোৱাৰ আগেয়ে ঘৰ সোমাবিহি’ বস্তুবাদিতাৰ উত্তাপত গলি গলি নিঃশেষ হৈ যাব খোজে প্ৰয়োজনীয় সংস্কাৰ । অৱক্ষয় ঘটে সামাজিক মূল্যবোধৰ। ক্ষয়প্ৰাপ্ত ৰোগীৰ দৰে ভেজা দি ৰওঁ আমি দুৰ্বল সময়ৰ সন্ধিক্ষণত । সংস্কাৰমুক্ত হোৱাৰ প্ৰয়াসে আমাক লৈ গৈছে যেন এক গহ্বৰলৈ।তাত ভাল বেয়া আপেক্ষিক।আন্ধাৰ পোহৰ নিতান্তই অৰ্থহীন অমূলক। পুৰণিকলীয়াখিনি এলান্ধুকলীয়া বুলি বৰ্জন কৰি আমি যেন ব্ৰতী পাশ্চাত্য আৰু আধুনিকতাৰ অনুশীলনত । দিকভ্ৰষ্ট মানসিকতা, বিক্ষিপ্ত সপোন ।
“মানুহৰো যে কি বিড়ম্বনা
ইমান পোহৰত মানুহে নিজকো নমনে”
“এন্ধাৰ নামিল

নিজৰ ঘৰতে থাকি বিচাৰি ফুৰে ঘৰ”
বস্তুনিষ্ঠ ধৰাত টুটি আহিছে মানৱীয় প্ৰমূল্যবোধৰ সমাজৰ।
সংস্কাৰৰ ধ্বজ বহন কৰি, দোহাই দি দি যেন ভাগৰি পৰিব আই।
শিয়ালে বহন কৰিছে অশুভ সংকেত।_______________________________
ব্যৱস্থাপকৰ মন্তব্য:
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনাই যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
১) এগৰাকী ধৰ্ষিতাৰ মৰ্ম্মকথা~ পাৰ্থ প্ৰতিম কলিতা
২) জোন-পিয়া চৰাই~ অনিতা গগৈ
৩) এন্ধাৰ হোৱাৰ আগেয়ে ঘৰ সোমাবিহি
কবি~ অচ্যুত মাধৱ দাস
৪) এই পৰ্যালোচনাই সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিলোঁ।
৫) আমাৰ দৃষ্টিত আলোচনাত সন্নিৱিষ্ট কবিতাৰ ভুল বানান আৰু তাৰ শুদ্ধ ৰূপ ইয়াত উল্লেখ কৰিলোঁ আৰু কবিসকলৰ পৰা শুদ্ধতা সম্বন্ধে জানিব বিচাৰিলোঁ, যাতে বানানসমূহৰ শুধৰণি নিশ্চিত কৰিব পৰা যায়।
৬)এইটো খণ্ডৰ কবিতাত থকা ভুল বানানসমূহ:

পিয়পি-> পিয়াপি
পাৰামানে-> পাৰোমানে
মুৰ-> মূৰ
ৰুও-> ৰোও
ফাকঁৰে->ফাঁকেৰে
ইশ্বৰ->ঈশ্বৰ
ঠোঁটিয়াই-> ঠুঁটিয়াই
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
গীতালী বৰপাত্ৰগোঁহাই
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
১৯ জানুৱাৰী, ২০১৭ ইং চন।

No comments:
Post a Comment