Sunday, 8 January 2017

আকাশ

আকাশ

আকাশক শূন্য বুলি কলেও, আকাশ জানো আচলতে শূন্য
সাতোৰঙী ইন্দ্ৰধনু আৰু একোটা ৰঙা সূৰ্য্যৰে ঐশ্বৰ্য্যশালী আকাশক
শূন্য বুলি কোৱাটো আমি জানি-শুনি কৰা ভুল নে
আকাশৰ বিশালতাক অতিক্ৰম কৰিব নোৱৰা বাবেই
আমি শূন্যৰ অভিধাৰে কলংকিত কৰি
ক্ষুদ্ৰত্ব আৰু অহংকাৰৰ চামনিৰে আকাশক ঢাকি ৰখাৰ ব্যৰ্থ প্ৰয়াস কৰোঁ
আকাশৰ ঠিকনা মানি লবলৈ টান পালেও
বিশ্বাস কৰিবলৈ মন নগলেও, আকাশেই আমাৰ একমাত্ৰ আশ্ৰয়
নিজকে নেদেখিলেও আমি দেখোন আকাশতহে আছো
আকাশ যদি শূন্যই হয়,
তেতিয়াও জানো আকাশলৈ নোচোৱাকৈ থকাৰ কিবা উপায় আছে
মূৰ তল কৰি থকাৰ বাহিৰে ।
আমি আকাশক অবজ্ঞা কৰি নিজেই সৃষ্টি কৰি লওঁ
একোখন সংকীৰ্ণ আকাশ সহজে ঢুকি পাব পৰাকৈ
কিবা কলেও বা নকলেও কিন্তু আকাশ সদায় আকাশেই হৈ থাকে
নিজৰ গভীৰতাৰে আকাশে আমাক কেতিয়াবাই জয় কৰি পেলাইছে
আমি ইমান ক্ষুদ্ৰ যে আকাশে গুৰুত্ব দিয়াৰ কথা নাভাবেই
আকাশক শূন্য বুলি কৈ আত্মপ্ৰবঞ্চনাৰে সন্তুষ্টি লভি
আকাশৰ আগত নিজৰ ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰত্তৰ ৰূপ উদঙাই থাকোঁ ।


দুলাল হাজৰিকা ।

No comments:

Post a Comment