Tuesday, 10 January 2017

বিধ্বস্ত কিশলয়

বিধ্বস্ত কিশলয়

কুঁহি কোমল পাটীগণিত কৰা
হাতখন
ছিঁৰাল ফটাদি ফাটিছে ।
স্ফটিকৰ দৰে গাৰ ছালৰ বৰণ
বিবৰ্ণ হৈ পৰিছে ,এঙাৰৰ দৰে ।
নেওতা মতা বয়সত
গাধা খাটন খাটি
পিঠিত মেটমৰা বোজা লৈ
ওভতাৰ পথত
পেটত পঁইতাভাতৰ খলখলনি ।
শিশু -শ্ৰমৰ বিৰোধিতা কৰি
শ্ৰমিক দিৱসৰ জয়গান গোৱা
গৰাকীৰ ৰুক্ষ ব্যৱহাৰত
তিক্ত হোৱা মনটোৱে গদ্ গদ্ কণ্ঠে
বিলাপ মাতে ঈশ্বৰৰ ওচৰত
ধনী দুলাল হ'বলৈ ।
পাঠশালাৰ পৰিবৰ্তে
গেবাৰি খাটিবলৈ
খাতোৱাল পিতয়ে এৰি থৈ গৈছে
পেটৰ তাড়নাত ।
তোচক বিহীন শেতেলিৰ
নিদ্ৰা বিহীন নিশা
ধপ্ ধপ্ কৰি থকা জীউটোক
আইৰ মুখৰ প্ৰতিচ্ছবিয়ে
আমনি কৰে ।

 লীনা হাজৰিকা । 

No comments:

Post a Comment