Saturday, 14 January 2017

ভোগালীৰ হোমাগ্নি

ভোগালীৰ হোমাগ্নি

 ভোগালীৰ মেজিৰ দৰে
জ্বলাই দিব পৰাহেঁতেন
নিতৌ উমি উমি
দহি থকা হিয়াখন
তাতে বিসর্জিব পৰাহেঁতেন
অবাবতে দমাই থোৱা
লাম-লাকটুৰ দৰে
খং-বেজাৰ-হিংসা-ঈর্ষাক
পৱিত্র হোমাগ্নিত
সেঁকি ল'ব পৰাহেঁতেন
সঙ্কোচিত মোৰ হাত কিখন
ফিনিক্সৰ দৰে আকৌ
মূল সূতিলৈ অহাৰ বৰ মন

জ্যোতিষ কুমাৰ দেৱ৷৷


No comments:

Post a Comment