Tuesday, 24 January 2017

পুনৰীক্ষণ (৪৩) : ১৬- ২৩ ডিচেম্বৰ,২০১৬: তৃতীয় খণ্ড

পুনৰীক্ষণ (৪৩) : ১৬- ২৩ ডিচেম্বৰ,২০১৬: তৃতীয় খণ্ড
পৰ্যালোচক: জোনমণি গগৈ ৷ 
_________________________
সাহিত্য হ'ল সমাজৰ দাপোন৷ কিয়নো সমাজ আৰু সভ্যতাৰ সাংস্কৃতিক অৱয়বেই হ' সাহিত্যৰ পটভূমি৷ সাহিত্যৰ পৰিধি বিশাল৷ এই বিশাল পৰিধিৰ মাজত কবিতা এক অনবদ্য অৱদান৷ কবিতাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই৷ একো একোটা কবিতা একো একোজন কবিৰ প্ৰাণৰ ভাষা৷ জীৱনৰ গান৷ সংস্কৃত সাহিত্যত কবিতাৰ প্ৰথম সৃষ্টি হৈছিল মহাকবি বাল্মিকীৰ "মা নিষাদ" কাব্যাংশৰ মাজেৰে৷
"মা নিষাদ প্ৰতিষ্ঠাং ত্বমগম: শাশ্বতী সমা:।
যৎ ক্ৰৌঞ্চ মিথুনাদেকম বধী: কামমোহিতম্৷৷"
বাল্মিকীৰ এই শ্লোকটিয়েই কবিতাৰ বাটকটীয়া বুলি ক'ব পাৰি৷ তাৰ পাছত বিভিন্ন সময়ত বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰি অসমীয়া কবিতাই জোনাকী যুগৰ মাজেৰে আহি আধুনিক কবিতা হিচাপে প্ৰতিষ্ঠা লাভ কৰেহি৷ কবিতা হ'ল কবিৰ মনৰ এক অপূৰ্ব সৃষ্টি৷ য'ত লুকাই থাকে কবিৰ ব্যক্তিগত জীৱনৰ সুখ- দুখ, হাঁহি -কান্দোন,হা-হুমুনিয়াহ,প্ৰেম- ভালপোৱা,ক্ষোভ, আক্ষেপ আদি বিভিন্ন ধৰণৰ আৱেগ অনুভূতি৷কেতিয়াবা যদি কবিতাত বৈ যায় সুখৰ বন্যা,কেতিয়াবা দুখৰ কলীয়া ডাৱৰ৷কেতিয়াবা আকৌ আৰ্তজনৰ দুখ দেখি নিৰৱে সৰে চকুপানী,আন কেতিয়াবা প্ৰতাৰিত আত্মাৰ বাঢ়ি অহা উচুপনি অথবা পৰাজয়ৰ গ্লানি৷
কবিতা এক কাব্যিক প্ৰকাশ৷এই প্ৰকাশ হ'ল সৌন্দৰ্য,শিহৰণ,শব্দ আটাইকেইটাৰ আন্ত:সম্পৰ্কৰ পৰিণতি৷আমি প্ৰত্যেকেই জানো যে কাব্যিক দৃষ্টিভংগীৰ অবিহনে কবিতা সৃষ্টি অসম্ভৱ৷
এতিয়া আহো পৰ্যালোচনাৰ দিশলৈ,কবিতা এটাৰ গুণাগুণ বিচাৰ কৰিবলৈ হ'লে কবিতাটোৰ সামগ্ৰিক পৰ্যালোচনা এটা অতি দৰকাৰী বিষয়, যিটো আটাইতকৈ জটিল আৰু কষ্টকৰ৷সম্পূৰ্ণ নিৰপেক্ষভাৱে আলোচনাৰ মাজেৰে কবিতা এটাৰ দোষ গুণ বাচি উলিয়াই তাক পাঠকৰ কাষ চপাই নিব পৰাতেই থাকে এজন পৰ্যালোচকৰ সাৰ্থকতা৷
আখৰুৱাৰ দায়িত্ব অনুসাৰে পৰ্যালোচনাত সামৰি ল'ব খোজা কবিতা কেইটা যথাক্ৰমে__
ক)শীতৰ মালিতা
নিৰুদত্ত গগৈ
খ)হেমন্তৰ কাব্য
ৰূপম সাউদ
গ)মগ্ন উশাহ
অংকুৰ শইকীয়া
ঘ)অচিনাকী
শংকৰজ্যোতি দত্ত
……………………………
ক)শীতৰ মালিতা
নিৰু দত্ত গগৈ
শীতৰ আছে অনন্য মাদকতা
জুইক বুজি পোৱাৰ
তাপিত হোৱাৰ
অপাৰ বাসনা
শাকে- পাতে ধানে- মাহে
ভোগৰ সম্ভাৰ
সপোন দিঠকৰ দোমোজাত
মনাকাশত ৰাগি আৰু ৰাগি
নৰাৰ শূলত এটোপাল নিয়ৰ
মুকুতাৰ দৰে দুবৰি আগত
কিনো কয় কিনো কয়
আহিব বসন্ত।
তিনিটা স্তৱকৰ এটা চুটি আৰু অতি সংবেদনশীল কবিতা৷কবিয়ে নিখুঁত আৰু নিভাঁজ শব্দেৰে সুন্দৰপভাৱে নিজৰ মনৰ ভাৱবোৰ ব্যক্ত কৰিছে কবিতাটেৰ মাজেৰে৷সাধাৰণতে শীত বুলিলেই আমাৰ মনলৈ আহে জাৰৰ দিনবোৰৰ কথা৷ঠেঁটুৱৈ ধৰা ৰাতিত জুইৰ উমাল সান্নিধ্যত পোৱা আনন্দবোৰ সচাঁই বেলেগ৷তাতে ভোগৰো বতৰ৷
"শাকে পাতে ধানে মাহে"
কবিয়ে এনে কিছুমান সহজ আৰু খাটি অসমীয়া শব্দৰ সংযোজন কৰিছে কবিতাটোত যিয়ে পাঠকৰ হিয়া শাঁত পেলোৱাত সক্ষম হৈছে৷উপমাৰ প্ৰয়োগেও কবিতাটোক এক অনন্য মাত্ৰা প্ৰদান কৰাত সহায় কৰিছে৷
" নৰাৰ শূলত এটোপাল নিয়ৰ
মুকুতাৰ দৰে দুবৰি আগত৷৷"
শুকান নৰাত লাগি থকা নিয়ৰৰ টোপালবোৰক মুকুতাৰ লগত তুলনা কৰি কবিৰ কাব্যিক কল্পনাৰ সুন্দৰ সমাৱেশ ঘটিছে৷গতিকে সকলো ফালৰ পৰা বিচাৰ বিশ্লেষণ কৰি কবি নিৰু দত্ত গগৈৰ "শীতৰ মালিতা" কবিতাটোক এটা সাৰ্থক কবিতা বুলি ক'ব পৰা যায়৷
খ) হেমন্তৰ কাব্য
ৰূপম সাউদ
কুৱঁলীৰ ফাঁকেৰে সৰকি গৈ
অস্তাচলত ৰৈছে অন্তিম হেঙুলীয়াখিনিৰে বেলি
বগুৱা বাই আগবাঢ়ি আহিছে
হেলনীয়া ছাঁ এটা
পথাৰ জুৰি
সোনালী শইচৰ মলমলীয়া গোন্ধ
সাজ লাগিল
চোঁ মাৰি উৰি গ'ল বগলীজান
পিছে গুটি ধান খোৱাত মগন
এতিয়াও টুনীটো
কলীগাই জনীৰ আগে আগে
চঞ্চলা চেঁউৰীটোৰ
ঘৰমুখী খোজ
লগত কিছুপৰ আগেয়ে
এন্দুৰৰ গাত খান্দি লেছেৰি বিচৰা লৰাটো
ওঠত তাৰ এতিয়া
মৌসনা সুহুৰি
শীতৰ সতে মিলি ক্ৰমশ
চৌপাশে কুৱঁলীৰ আচ্ছাদন
এৰিয়াখন মেৰাই ললো
আৱেগৰ পৰশত উমাল শৈশৱ দিনবোৰ ৷
সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰতিভাৱান কবি ৰূপম সাউদ৷তেওঁৰ দ্বাৰা মুক্তক ছন্দত ৰচিত"হেমন্তৰ কাব্য"কবিতাটোৰ জৰিয়তে হেমন্ত ঋতুত প্ৰকৃতিৰ যি মনোমোহা ৰূপ তাক কবিতাৰ জৰিয়তে প্ৰকাশ কৰাৰ চেষ্টা কৰিছে৷প্ৰকৃতিৰ নিয়ম অনুসাৰে প্ৰতিটো ঋতুৱে পৰিৱৰ্তনৰ জোৱাৰ আনে৷হেমন্ত কালত বিশেষকৈ ঘন কুৱঁলীয়ে ঢকা আঘোণৰ সোণবৰণীয়া ধাননি ডৰালৈ মনত পৰে৷সেই সময়খিনিত পকা ধানৰ গোন্ধে চৌপাশ আমোলমোলাই থাকে৷কবিৰ কল্পনাত সেই পথাৰখনে যেন নতুন ৰূপ পাইছে৷উৰি যোৱা বগলীজাক,কলীগাইজনী,চঞ্চলা চেউৰীটো,টুনী চৰাইটো,লেছেৰী বিচৰা ল'ৰাটো কবিৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠিছে৷
"চোঁ মাৰি উৰি গ'ল বগলীজান "
শব্দ আৰু বাক্যৰ প্ৰয়োগত কবিক যথেষ্ট সচেতন হোৱা দেখা যায়৷কবিয়ে অত্যন্ত সৰল শব্দ ব্যৱহাৰ কৰিছে কবিতাটোত যি পাঠকৰ বোধগম্য হোৱাত সফল হৈছে।আনহাতে অলংকাৰৰ প্ৰয়োগেও কবিতাটোক সৰ্বাংগসুন্দৰ কৰি তুলিছে৷সেইফালৰ পৰা কবিক এগৰাকী সাৰ্থক কবি বুলি বিবেচিত কৰিব পাৰি৷
গ)মগ্ন উশাহ
অংকুৰ শইকীয়া
ছাতিটোৰ আঁৰৰ গোলাপী-লগ্ন মুখখনি,
ফুটা কপাল
চাবলৈ নাপালো
ভৰ দুপৰীয়া কিম্বা আবেলি গৰকি যোৱা নিভাঁজ ফুলাম দুচকু ৷
(সিদিনা ঠিকনা বিচাৰি এখোজত স্বৰ্ণবৰ্ণ ঘামৰ উমাল ইচাৰা )
বুকুৰে হৈ চৈ আলি-দোমোজাত ৰ'লো
ৰৈ গ'লো
ঘন মেঘালীৰে ঢাক ঘন উশাহ পিছলা বাট ৷
(কিজানি ঘুৰি চোৱা হিয়াৰ ভিতৰ ফালৰ অন্তঃসাৰ সপ্ন-বিন্যাস )
'তে মৰো ক'তে জিও কৈ
দুখ দুখ বুলি ভ্ৰমি থাকোতেই
শুকুলা মেঘৰ ছাঁৰে ঢাকিল চনকা ৰ'দালিৰ মুখ ৷
(বৰষুণজাক আহিব পাৰে হৃদয় ভৰাই আলিংগনৰ জোৱাৰ তুলিবলৈ )
আহিলা কাষে চাপি আহিলা
অমিয়া মাতেৰে সুখৰ মায়া-বতৰা.... (দিলা)
হৃদয় তানপূৰাৰ পুলকিত সূৰে মগ্ন মদন-পিছলা শয্যা ৷
( সম্প্ৰতি বহু যোজন বাট কাতি কৰি কুঁমলীয়া ডিঙা পাৰ উজায়ে আহিল)
সাম্প্ৰতিক সময়ৰে এগৰাকী ন কবি অংকুৰ শইকীয়াৰ "মগ্ন উশাহ" এটা প্ৰতীকধৰ্মী কবিতা৷কবিতাটোৰ আৰম্ভনিতে এগৰাকী সুন্দৰী গাভৰুৰ এটা সুন্দৰ চিত্ৰ অংকন কৰিছে শব্দৰ মাধ্যমেৰে৷যাৰ মুখাবয়ৱ গোলাপৰ পাহিৰ দৰে কোমল আৰু সতেজ৷চকুদুটি যেন এপাহ ফুলি থকা ফুলৰ দৰে উজ্জ্বল৷কবিয়ে আক্ষেপ কৰিছে সেই মুখ আৰু চকুদুটি চাব নোপোৱাৰ দুখত৷অৱশ্যে পাছলৈ কবিৰ সেই আশা পূৰণ হৈছে৷
"আহিলা কাষে চাপি আহিলা
অমিয়া মাতেৰে সুখৰ মায়া বতৰা (দিলা)
"মগ্ন উশাহ" কবিতাটোত এটা ৰোমান্টিক প্ৰেমৰ আৱেশ দেখা পোৱা যায়৷কবিয়ে কল্পনাত থকা সেই গাভৰুগৰাকীক বাস্তৱ ৰূপত ফুটাই তুলিবৰ চেষ্টা কৰিছে৷সুন্দৰ উপমাৰে উপৱিষ্ট ই এটা হৃদয়স্পৰ্শী কবিতা৷অৱশ্যে কিছু কঠিন শব্দৰ প্ৰয়োগত কবিতাটো সাধাৰণ পাঠকে বুজি পোৱাত কিছু জটিলতা নথকা নহয়৷তথাপিও কবিতাটোৱে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
ঘ)অচিনাকী
শঙ্কৰ জ্যোতি দত্ত
মই কোনো অচিনাকী নহয়,
এখন হাতৰ পৰশত উজ্জ্বল হৈ
কাৰোবাৰ বাবে হৈছিলোঁ অনুপ্ৰেৰণা।
মোৰ বাবে হাতখনৰ সেই সত্তা
নিৰাপদ আশ্ৰয়।
উপত্যকাবোৰ চলাথ কৰি
গঢ়িছিলোঁ একাত্ম।
মনত আছে মুহূৰ্তৰ পিছত মুহূৰ্ত
অপেক্ষাৰত মুহূৰ্তবোৰ।
সাগৰৰ পাৰৰ অন্তৰংগতাত
হাঁহি হাঁহি খাইছিলোঁ মৃদু মলয়া।
ঢৌবোৰ বৰ ভাল লাগে।
ঢৌৱে ঢৌৱে উটি গৈ
এটি বিৰতিৰ পিছত
উভতি আহিলোঁ।
সকলো একেই আছে,
সময় সলনি হ'ল।
আমাৰ চিনাকীক
নি:সংকোচ স্বীকৃতি দিয়াত
আমি অপাৰগ।
লাগিছে যেন আমি অচিনাকী।
"অচিনাকী" শঙ্কৰ জ্যোতি দত্তৰ এটা সুন্দৰ কবিতা৷কবিতাটোৰ আৰম্ভনিতে প্ৰেমৰ আকুলতা প্ৰকাশ পাইছে যদিও শেষৰ ফালে আক্ষেপৰ সুৰ শুনা পোৱা গৈছে৷কবিৰ চিনাকী মানুহবোৰ লাহে লাহে যেন অচিনাকী হৈ গৈছে৷সময়ৰ তাগিদাত পৰি সম্পৰ্ক বোৰ বিচ্ছিন্ন হৈছে৷কবিৰ আশাবোৰ তীব্ৰ হোৱাৰ সময়তে ক'ৰবাৰ পৰা নিৰাশাবোৰে আহি ভুমুকি মাৰিছে৷প্ৰেমৰ বিফলতাই যেন কবিক স্তব্ধ কৰি তুলিছে৷
"আমাৰ চিনাকীক
নি:সংকোচ স্বীকৃতি দিয়াত
আমি অপাৰগ৷
লাগিছে যেন আমি অচিনাকী৷"
শব্দৰ সংযোজন আৰু প্ৰকাশৰ তীব্ৰতাই কবিতাটোক এটা অনন্য মাত্ৰা প্ৰদান কৰিছে৷
সেইফালৰ কবি সাৰ্থক হোৱা যেন অনুভৱ কৰিব পাৰি।
ব্যক্তিগত একাষাৰ:
কবিতা প্ৰতিজন কবিৰ নিজস্ব কিছুমান অনুভূতি৷ইয়াৰ প্ৰকাশভংগীও বেলেগ বেলেগ৷আমি আমাৰ ব্যক্তিগত জীৱনৰ অনুভৱবোৰক কেতিয়াবা কিছুমান শব্দেৰে লিখি ৰখাৰ চেষ্টা কৰো৷তাৰ পৰা কেতিয়াবা এটা কবিতাৰ জন্ম হয়৷অৱশ্যে সি কবিতা হয়নে নহয় সেয়া বিচাৰ কৰে পাঠকে৷কবিতাৰ ধাৰণাটো সুনিশ্চিত কৰিবৰ বাবেই কবিতাৰ পৰ্যালোচনা অত্যন্ত দৰকাৰী৷ কবিতা সম্পৰ্কে মোৰ যথেষ্ট জ্ঞান নাই তথাপিও আখৰুৱাৰ অনুৰোধ মৰ্মে ভুল- শুদ্ধৰ মাজেৰে সামূহিক উদ্দেশ্য আগত ৰাখি উপৰুক্ত আলোচনাটি যুগুতালো৷ভুলবোৰ আঙুলিয়াই দিলে আনন্দিত হ'ম৷ধন্যবাদ।
_______________________________
ব্যৱস্থাপকৰ মন্তব্য:
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনাই যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক)শীতৰ মালিতা-> নিৰুদত্ত গগৈ
খ)হেমন্তৰ কাব্য-> ৰূপম সাউদ
গ)মগ্ন উশাহ-> অংকুৰ শইকীয়া
ঘ)অচিনাকী-> শংকৰজ্যোতি দত্ত
৪) এই পৰ্যালোচনাই সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিলোঁ।
৫) আমাৰ দৃষ্টিত আলোচনাত সন্নিৱিষ্ট কবিতাৰ ভুল বানান আৰু তাৰ শুদ্ধ ৰূপ ইয়াত উল্লেখ কৰিলোঁ আৰু কবিসকলৰ পৰা শুদ্ধতা সম্বন্ধে জানিব বিচাৰিলোঁ, যাতে বানানসমূহৰ শুধৰণি নিশ্চিত কৰিব পৰা যায়।
৬)এইটো খণ্ডৰ কবিতাত থকা ভুল বানানসমূহ:
ক)শীতৰ মালিতা-> নিৰুদত্ত গগৈ
দুবৰি-> দূবৰি
খ)হেমন্তৰ কাব্য-> ৰূপম সাউদ
কুৱঁলীৰ-> কুঁৱলীৰ
সোনালী-> সোণালী
চোঁ-> চো
লৰাটো-> 'ৰাটো
সতে->'তে
ললো-ল'লোঁ।
গ)মগ্ন উশাহ-> অংকুৰ শইকীয়া
সপ্ন-> স্বপ্ন
সূৰে-> সুৰে
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।

ধন্যবাদ
জনজিৎ গোস্বামী
গীতালী বৰপাত্ৰগোঁহাই
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২৪ জানুৱাৰী, ২০১৭ ইং চন।

No comments:

Post a Comment