কাৰোবাক মাৰি পেলোৱাৰ ভীষণ ইচ্ছা হৈছে
কাৰোবাক মাৰি পেলোৱাৰ ভীষণ ইচ্ছা হৈছে
কাক
নিজক
প্ৰিয়জনক নে শত্ৰুক
মই কোন যাক মই হত্যা কৰিব বিচাৰিছোঁ
মইয়েই নে
প্ৰিয়জনেইবা কোন অথবা কাৰস'তে মোৰ শত্ৰুতা
এই যে তোমাক
বিচাৰি মই ঘুৰি ফুৰো
আকাশে সাগৰে
মই কোন অথবা তুমি কোন
আকাশে সাগৰে
মই কোন অথবা তুমি কোন
এনেকৈয়ে কেতিয়াবা
বৰ্বৰ ভাবে আন্ধাৰত দুব যাও
অন্ধকাৰত নিজকে বিচাৰো অথবা
প্ৰিয়জনক অথবা শত্ৰুসকলক
অন্ধকাৰত নিজকে বিচাৰো অথবা
প্ৰিয়জনক অথবা শত্ৰুসকলক
দিনৰ পোহৰৰ দৰে
ফটফটিয়া কথাবোৰো
আন্ধাৰৰ চুকবোৰত নেদেখা হয়
আন্ধাৰৰ চুকবোৰত নেদেখা হয়
মই জানো দুৱাৰদলিৰ
সিপাৰেই তোমাৰ ঘৰ
তোমাক চুব নোৱাৰাৰ
সীমাহীন শোকত মই বিচলিত
তুমিয়েই নে যি সত্য
তোমাক চুব নোৱাৰাৰ
সীমাহীন শোকত মই বিচলিত
তুমিয়েই নে যি সত্য
কাৰ স'তে মই কাৰ সন্ধান কৰো
কাৰোবাক হত্যা কৰাৰ আজন্ম তৃষ্ণা মোৰ
হয়টো হত্যাই সত্য
মোক
প্ৰিয়জনক অথবা শত্ৰুসকলক
কাৰোবাক হত্যা কৰাৰ আজন্ম তৃষ্ণা মোৰ
হয়টো হত্যাই সত্য
মোক
প্ৰিয়জনক অথবা শত্ৰুসকলক
আচলতে মোৰ শত্ৰু
প্ৰিয়সকলৰ আঁৰচকুত নিজকেই প্ৰতিপল মাৰি মুছৰি শেষ কৰো
আৰু প্ৰতিপল জীয়াই তোলো
আৰু প্ৰতিপল জীয়াই তোলো
কাৰোবাক মাৰি
পেলোৱাৰ ভীষণ ইচ্ছা হৈছে
কাক
কাক
ණ নৱকাশ ৷৷
No comments:
Post a Comment