ভালপোৱাৰ ৰামধেনু ২
"অৰিন্দম আকৌ প্ৰেমত পৰিছে"৷
কথাটো জনাৰ পৰা
অনন্যাৰ মনত এক বিৰাট শূন্যতাই গ্ৰাস কৰিলে ৷ওৰেটো ৰাতি তাই বিচনাত ইকাটি সিকাটিকৈ মাথো পৰি ৰ'ল৷মাজে মাজে চকুপানীবোৰ মছি থাকিল৷
"কিয় বাৰু এনে হ'ল"?তাই অৰিন্দমক চিনি
পোৱাত ক'ত ভুল কৰিলে?
আৰু অৰিন্দম?
যাৰ বাবে প্ৰেম
ভালপোৱা সম্পৰ্ক এই সকলোবোৰ এটা ধেমালী মাথোন৷ব্যাহিকতাৰ পিছত দৌৰিব খোজা অৰিন্দমক তাই বুজি পোৱাত বহুত পলম কৰিলে৷সম্পৰ্কটো গঢ়াৰ আগতে ভাবি চাব
লাগিছিল৷নাভাবিলে৷আচলতে তাই অৰিন্দমৰ মিঠাকথাত ভুল গৈ নিজৰ জীৱনটোৰ লগত বৰ অন্যায় কৰিলে৷
"তাই সচাঁই বহুত ভালপাইছিল অৰিন্দমক৷য'ত কোনো স্বাৰ্থও নাছিল৷"
সেইটো অৰিন্দমেই
বহুত কটুকথাৰে তাইক থকাসৰকা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এবাৰো৷ অনন্যাই শুনি গ'ল নিৰৱে৷এনে লাগিল অৰিন্দমৰ প্ৰতি থকা অন্যনাৰ ভালপোৱাবোৰ ক'ৰবাত ঠেকা খাই যেন ওফৰি পৰিলহি তাইৰ শৰীৰত৷আবেগত পুনৰবাৰ কেকাঁই উঠিল অনন্যাই৷৷৷৷৷৷
ණ জোনমনি গগৈ ৷
No comments:
Post a Comment