Sunday, 1 January 2017

সপোন

সপোন



সপোনবোৰ ঠিক শস্যৰ দৰে,
গুটিৰ পৰা গজালি মেলে
কিছুমান দুপতীয়াতে মৰে, কিছুমানে পুলি-পোখা মেলে
জেওৰা-জপনা দি সযতনে ৰাখি থোৱা সপোনবোৰ
সাৰ জাবৰ পালেই লহ-পহকৈ বাঢ়ি আহে
ডাল-পাত মেলি গছ হৈ আকৌ গুটি ধৰে
সপোনৰ জানো শেষ আছে,
ৰক্তবীজৰ দৰে এটা মৰিলে এশটা গজে
সপোনৰ শিপাতে জন্ম নতুন সপোনৰ
আৰু আমি সপোনৰ তিতা-মিঠা ফলবোৰ ভক্ষণ কৰি
জন্মৰ পৰা মৰণলৈকে খেতি কৰি থাকো সপোনৰ।

দুলাল হাজৰিকা

No comments:

Post a Comment