Tuesday, 17 January 2017

ৰূপকোৱৰ

"ৰূপকোৱৰ "

আপুনি যিদাল শিখা জ্বলাইছিল
তাৰ পোহৰে জৌতিৰ্ময় কৰিছে আজিওঁ ৷
হে অসমীয়াৰ প্ৰান
আজিও আপুনি বিৰাজমান
আমাৰ মাজত
অসমৰ অসমীয়াৰ মাজত ,
আপোনাৰ গানে ৰিঙিয়াই আজিয়ো আমাক সেই লুইতৰ মাজলে ৷
শব্দক কবিতাত ,
কবিতাক গানত ,
আৰু গানক জীবন্ত ,
চবিৰ ৰূপ দিয়ে বাবেই
আপুনি ৰূপৰ কোৱৰ ,
আমাৰ লুইতৰ পাৰৰ গাওঁলৈ আহিব এদিন
আমাক ন ৰূপ দিবলৈ,
আমাক ন কৈ গঢ়িবৈ ,
আমাক যুঁজিৰু কৰিবলৈ ৷
হে সুন্দৰৰ পুজাৰী
আপোনাৰ আদৰ্শেৰে
জি যাম আমি
আপুনি নীলাচৰাই হৈ
বাত দেখুৱাই যাব ,
গঢ়িম আমি এক
নতুন দিগন্তৰ ৷৷!!

উৎপল মেধি ৷৷

No comments:

Post a Comment