আখৰুৱাৰ ধাৰাবাহিক উপন্যাস
ৰাগিণীৰ অনুৰাগ
( যোৱা সংখ্যাৰ পিছৰ পৰা)
( যোৱা সংখ্যাৰ পিছৰ পৰা)
প্ৰথম খণ্ড
শৈশৱতে ধেমালিতে
খপজপকৈ সাৰ পাই এটা চকু মেলি ভয়ে ভয়ে ঘড়ীটোলৈ চালে তাই | ৩.৪৫ | চাৰি বাজিবলৈ আৰু পোন্ধৰমিনিট সময় বাকী আছে | মানে এলাৰ্মটো কৰ্কশ ভাবে বাজি উঠিবই আৰু !টোপনিৰ আবেশতে ভাবিলে তাই | উঠিবই লাগিব, কোনো অভিযোগ অবিহনেই | কেতিয়া ৰক্ষা পৰিব তাই এই কৰ্কশ এলাৰ্মটোৰ পৰা ! তন্দ্ৰা অৱস্থাতেই হিচাপ কৰিলে পুৱা চাৰিবজাত উঠিবলগীয়া হিচাপৰ অংকটো... আজি ৮ মাৰ্চ | ২৭ মাৰ্চৰ পৰা পৰীক্ষা আৰম্ভ হৈ ১১ এপ্ৰিলত শেষ হ’ব | ২৭ তাৰিখলৈ ১৯ দিন | পৰীক্ষাৰ দিনকেইটাত বাৰু ইমান ৰাতিপুৱাই উঠিব নালাগে | কিন্তু পঢ়িবলগীয়াওচোন এসোপা বাকী আছে ! ইংৰাজী হৈ যাব, অসমীয়াৰ আগত তিনিদিন বন্ধ, প্ৰাচীন সাহিত্য চয়নখন সেই তিনিদিনত ৬ ঘণ্টাকৈ ১৮ ঘণ্টামানত শেষ কৰিব পাৰিব তাই, ট্ৰিকণ’মিট্ৰিৰ "চাইন ঠিটা, ক’চ ঠিটাই এই মিঠা ঠাণ্ডাতো ঘাম উলিয়াই দিয়ে, আৰু ভূগোলখিনি ! বাপ্পা ঔ ! নিহালিখন আঁতৰাই জাপ মাৰি বিচনাৰ ওপৰত উঠি বহিল তাই | চাৰি বাজিবলৈ এতিয়াও তিনিমিনিট সময় বাকী !
মুখখন ধুই দীপুক ফোন মিলালে | পেহীয়েকৰ ল’ৰা, সমবয়সীয়া | সি শুই আছে, উঠাই নাই | তাৰ অংক বেলেগ | পুৱাই উঠি মাকক জগাই সি মু্খখন ধুবলৈ যায় | মুখখন ধুই আহি দহমিনিটমান পঢ়াৰ পিছত মাকে মানে পেহীয়ে আহি তাক, ৰঙা চাহৰ লগত কেতিয়াবা মালপোৱা, কেতিয়াবা সৰহ গৰম তেলত বগাকৈ ভজা চিৰাৰ ওপৰত ভাজি থোৱা ৰোকা নাৰিকল আৰু গুড়ি গাখীৰ এচামুচ দিয়া জলপানৰ প্লেটখন থৈ যাব | এইখিনি জলপানৰ একছত্ৰী সম্ৰাট দীপু |ৰাতিপুৱা তিনিবজাত পঢ়িবলৈ উঠাৰ পুৰষ্কাৰ, যিখিনি বাকী ভাই-ভনী দুটাৰ লগত সি ভগাব নালাগে | তিনি বজাত উঠাৰ কথা সিঁহত দুটাই ভাবিবই নোৱাৰে | তথাপি ৰাতিপুৱা মাকক সোধে," দাদাই ৰাতিপুৱা কি খালে ?" তাক চাহকণ দি পেহী শুবলৈ যায় | দীপু ৰৈ থাকে মাক শুবলৈ যোৱালৈ | চাহ মালপোৱা খাই সিও শুই পৰে ৰাতিপুৱা ৭ বজালৈ | তাৰ ৰুমলৈ কোনো নাযায়, পঢ়াত অসুবিধা পাব বুলি ......
এই যে এই ৰাতিপুৱা " চাৰি বজাৰ অত্যাচাৰ" টো ডেৰ বছৰ আগতেই আৰম্ভ হৈছিল, সেইদিনা যিদিনা স্কুলৰ পৰা উভতি আহি দেউতাকৰ ডিঙিত ওলমি ১৪ বছৰ হ’বলৈ এতিয়াও আঠমাহ বাকী থকা পখীয়ে কৈছিল, " দেউতা, কালিলৈ স্কুলত " ৰেজিষ্ট্ৰেচন" আছে, মেট্ৰিক পৰীক্ষাৰ বাবে, তোমাক মাতিছে হেডছাৰে |" গৈছিল দেউতাক পিছদিনাখন পখীৰ বিদ্যালয়লৈ,ৰেজিষ্টাৰ কৰিছিল তাইৰ নামটো নতুনকৈ, ৰাগিণী কাশ্যপৰ ঠাইত, ৰাগিণী অৰুনাভ কাশ্যপ হিচাপে | এই যে কলকলাই থকা পখীজনী, ফুলৰ পাপৰিৰ দৰে নিৰ্মল আৰু নিয়ৰৰ টোপালবোৰৰ দৰেই পবিত্ৰ, তাইৰ নামৰ লগত যুক্ত কৰি দিছিল নিজৰ নামটোও | অধ্যাপক অৰুনাভ কাশ্যপৰ দেহলাওটো, কলিজাৰ এফাল পখীৰ নামৰ লগত নিজৰ নামটো যুক্ত কৰি অতিশয় সুখী অনুভৱ কৰিছিল তেওঁ | সন্তান পবিত্ৰতাৰ চানেকি | দুজন সমৰ্পিত মানুহৰ হেঁপাহৰ, পৰস্পৰৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আকাংক্ষাৰ চানেকি হয় সন্তান | পখীৰ মাকে জানে, বুজি পায় মানুহজনৰ মনটোক | সেয়েহে বাবাৰ নামৰ লগত তেওঁৰ নামটো যুক্ত কৰি দিওঁতে একো বিশেষ একো ভবা নাছিল | কিন্তু পখী ! তাইতো ছোৱালী মানুহ | আঙুলিৰ ঠাঁৰত হিচাপ কৰিব পৰা কেইটামান বছৰ থাকিব তাই পিতৃগৃহত | তাৰপিছত! তাৰপিছততো তাই কঢ়িয়াব লাগিব স্বামীৰ নাম. ঠিক তেওঁৰ দৰেই | সেয়ে ইমান বছৰে তেওঁ অধ্যাপক কাশ্যপে বাৰে বাবে কোৱাৰ পিছতো সলাই দিয়া নাছিল পখীৰ নাম .... কিন্তু আজি ! আজি মানুহজনে নিজেই গৈ দেৰী হোৱাৰ আগতেই সলনি কৰি দিলে জীয়ৰীৰ নাম চিৰকাললৈ | এতিয়াৰ পৰা যিকোনো চৰকাৰী নথি-পত্ৰতে পখীৰ নামটো লিপিবদ্ধ হ’ব "ৰাগিণী অৰুনাভ কাশ্যপ " ৰূপে ওৰেটো জীৱন |
"কিয় কৰিলে আপুনি এনেকুৱা ?" মানুহজনীয়ে সুধিছিল অধ্যাপক কাশ্যপক |
" কি ?"
" আপুনি খুব ভালদৰে জানে, মই কি সুধিব বিচাৰিছো", যথেষ্ট উষ্মাৰে ক’লে মীৰাই |
অকণমান হাঁহি দিলে অধ্যাপক কাশ্যপে, জোনাক নিশা সন্মুখলৈ উদাস দৃষ্টি ৰাখি খুব নিম্নস্বৰত, " আচলতে কি জানা, পৃথিৱীত মোহ বুলি কিবা বস্তু আছে নে নাই আগতে নাজানিছিলো | তুমি মোৰ লগত জীৱনৰ এছোৱা আহিলা, ৰ’দে-বৰষুণে, জাৰে-জহে, কিবা জানো মোহ আছিল কোনো বস্তুৰ প্ৰতি | জীৱন আৰম্ভ কৰোতে আমাৰনো আছিল জানো কিবা পৈতৃক সম্পত্তি অথবা লাহ বিলাসৰ সামগ্ৰী | ভৰিৰ তলত যিখিনি মাটি পাইছিলো তাৰপৰাই জানো আগবাঢ়িব শিকা নাছিলো দুয়ো ? কিন্তু মোহ ? যেতিয়া বাবা আৰু পখী আহিছিল আমাৰ মাজলৈ, আমাক সম্পূৰ্ণ কৰিবলৈ, মোহৰ আৰম্ভণি হোৱা নাছিল জানো ? আমি সম্পূৰ্ণ হৈছিলো, গৌৰবান্বিত হৈছিলো.... এই যে পখীজনী, মোৰ গায়ে মূৰে বগাই ফুৰা অকণমানিজনী, তাই মোৰ গৌৰৱ, মোৰ অহংকাৰ, মোৰ জীৱনৰ সবাতোকৈ ডাঙৰ আশীৰ্বাদ ঈশ্বৰৰ | হয়তো কিছূ স্বাৰ্থ, কিছূ ঈৰ্ষা আছে, যাৰ পৰিণতিত মই আজি তাইৰ নামৰ সৈতে সংপৃক্ত কৰি আহিলো মোৰ পৰিচয়, এয়া জীয়াই থকাৰ বাসনা মৃত্যুৰ পিছতো, তাইৰ লগত জড়িত হৈ |"...
অকণমান হাঁহি দিলে অধ্যাপক কাশ্যপে, জোনাক নিশা সন্মুখলৈ উদাস দৃষ্টি ৰাখি খুব নিম্নস্বৰত, " আচলতে কি জানা, পৃথিৱীত মোহ বুলি কিবা বস্তু আছে নে নাই আগতে নাজানিছিলো | তুমি মোৰ লগত জীৱনৰ এছোৱা আহিলা, ৰ’দে-বৰষুণে, জাৰে-জহে, কিবা জানো মোহ আছিল কোনো বস্তুৰ প্ৰতি | জীৱন আৰম্ভ কৰোতে আমাৰনো আছিল জানো কিবা পৈতৃক সম্পত্তি অথবা লাহ বিলাসৰ সামগ্ৰী | ভৰিৰ তলত যিখিনি মাটি পাইছিলো তাৰপৰাই জানো আগবাঢ়িব শিকা নাছিলো দুয়ো ? কিন্তু মোহ ? যেতিয়া বাবা আৰু পখী আহিছিল আমাৰ মাজলৈ, আমাক সম্পূৰ্ণ কৰিবলৈ, মোহৰ আৰম্ভণি হোৱা নাছিল জানো ? আমি সম্পূৰ্ণ হৈছিলো, গৌৰবান্বিত হৈছিলো.... এই যে পখীজনী, মোৰ গায়ে মূৰে বগাই ফুৰা অকণমানিজনী, তাই মোৰ গৌৰৱ, মোৰ অহংকাৰ, মোৰ জীৱনৰ সবাতোকৈ ডাঙৰ আশীৰ্বাদ ঈশ্বৰৰ | হয়তো কিছূ স্বাৰ্থ, কিছূ ঈৰ্ষা আছে, যাৰ পৰিণতিত মই আজি তাইৰ নামৰ সৈতে সংপৃক্ত কৰি আহিলো মোৰ পৰিচয়, এয়া জীয়াই থকাৰ বাসনা মৃত্যুৰ পিছতো, তাইৰ লগত জড়িত হৈ |"...
সমাজ অধ্যয়নৰ দ্বিতীয় কাকতখনৰ বাবে তুন্দ্ৰা অঞ্চলৰ বিৱৰণী পঢ়ি থাকোতে কেতিয়াযে চকু মুদ খাই গৈছিল গমেই নাপালে তাই | দীপু আহি হেঁচুকি দিয়াতহে সাৰ পালে | সময়ৰ কাঁটাটোৱে ৰাতিপুৱা ৯.১৫ মিনিট হোৱাৰ খবৰ দিলে | দীপু, আজি পুৰা দিল খুচ হৈ আহিছে | মানে জলপান খাই চাৰি-পাঁচ ঘণ্টা আৰামত শুই উঠি চেকেণ্ড ট্ৰিপৰ জলপান খাই মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছে | ঠিক ফুৰিবলৈ নহয়, স্পাইগিৰি কৰিবলৈ আহিছে, তাই কি পঢ়ি আছে চাবলৈ |
" ইয়ে তই শুই উঠাই নাই , মামী.. মামী, মামীইইইইইইইইইইইইই |" টেঁটুফালি চিঞঁৰিলে সি
- হ’ব নেকি ? মাক কিয় মাতিছ ? খং উঠি গ’ল পখীৰ |
-ইয়ে, তই "ৰচনা-বিচিত্ৰা"ত ফঁকৰা-যোজনা পঢ়া নাই, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে | নহ’ব বুজিছ, এইবাৰ নহ’ব,এইবাৰ তই পাছ কৰাৰ অলপো চাঞ্চ নাই ...
- কি ক’লি, মুখ ভাঙি দিম | তই নিজে কি ? তই যে তোৰ স্কুলৰ হেডছাৰক টেষ্টত ফেল কৰোতে ভৰিত ধৰিছিলি টেষ্ট পৰীক্ষা পাছ কৰাই দিবলৈ, সেইটো কোনে ক’ব হা ?
-কি ক’লি ক’লীমাই? মামী, মামী, মামীইইই চাচোন এইক, মই কেতিয়া হেডছাৰৰ ভৰিত পৰিছিলো | ৫৭.৯% পাইছিলো দস্তুৰমত টেষ্ট পৰীক্ষাত |
- কাক ক’লীমাই বুলিলি ? তই ক’লা, তোৰ মনটো ক’লা..
-মামী, মামীইই, চাচোন এইক, বেয়া মাত মাতিছে |
-বইজ্জাত আপা, কেতিয়া মই বেয়া মাত মাতিলো হাঁ .... আৰু কি মামী চাচোন মামী চাচোন মাতি আছা, তোৰ মাৰক মই কেতিয়াবা "তই" সম্বোধন কৰোনে ? তই কিয় তেনেকৈ মাতিবি আমাৰ মাক ?
-মাতিমেই, কি কৰিবি তই, মোৰ মামী হয়, মোৰ যেনেকৈ মন যায়, যি মন যায়, যেতিয়া মন যায় আৰু যিমানবাৰ মন যায় মাতিম, তই কি কৰিবি ?
- বইজ্জাত আপা, দাদা নাথাকিলে তোৰ তাওটো অলপ বেছি হয়
-কোনে ভয় কৰে তোৰ সেই দি দাদাক ?
-হ’ব জনা আছে, নক’লো আৰু...তই যে দাদা বন্ধত ঘৰলৈ আহিলে বেঙে মূতা গৰুটোৰ নিচিনা হৈ থাক .....
-ইইইই, ইমান মিছা কয় এইজনীয়ে, এইবাৰ তই নিৰ্ঘাত ফেল মাৰিবি পৰীক্ষাত | অহাবাৰ জানুৱাৰীত ৰিপিটাৰ্চ দিবি বুঢ়ামখাৰ লগত |
-- বইজ্জাত আপা, ইয়াত ফালটু কথা কৈ থকাতকৈ যদি ঘৰত গৈ অলপ সময় পঢ়িলি হয়, বিদ্যা শপত, হায়াৰ থাৰ্ড ডিভিজন কনফাৰ্ম পালি হয় |
--কি ক’লি ক’লীমাই, হায়াৰ থাৰ্ড ডিভিজন ? ইমান অহংকাৰ ভাল নহয় দেই | ফেল, ফেল তই এইবাৰ পুৰা ফেল..
কি ক’লি তই | "ওৱাক থুই"...... যুঁজিব নোৱাৰি দীপুৰ গালৈ এসোপামান থুৱাই দিলে পখীয়ে |
খং উঠি গ’ল দীপুৰ | ইমানসোপা থুৱাই দিলে তাই মুখৰ ওপৰত | গা ধুব লাগিব এতিয়া | পৰহিৰ আগদিনা গা ধুইছিলহে মাত্ৰ | আজি আকৌ ধুব লাগিব গাটো সি | কথাটো ভাবিয়েই মূৰটো উতলি উঠিল তাৰ | তাইক প্ৰচণ্ড চৰ এটা শোধালে সি | চৰ মাৰি পলাব ওলাওতেই দেখিলে মোমায়েক ৰৈ আছে দূৱাৰমুখত | লগত এডাল নতুন এচাৰি লৈ তাৰ দেউতাক | সি ভালদৰে বুজি পালে আজি এই কংস মামা আৰু হিৰণ্যকশিপুৰ হাতত তাৰ বধ নিশ্চিত | এই দুই অপশক্তিৰ পৰা তাক একমাত্ৰ মীৰা মামীয়েহে ৰক্ষা কৰিব পাৰিব | নিগনি দৌৰৰ ক্ষিপ্ৰতাৰে সি কোঠাটোৰ পৰা ওলাই গৈ আলিবাট পালে ....
No comments:
Post a Comment