Wednesday, 18 January 2017

এলাহ

এলাহ


ৰ পৰা বগুৱা বাই কেতিয়ানো অভিন্ন হলি
মন মগজুত ঘৰ পাতি সুখৰ আৱেশ ঢালিলি
তই থাকিলে
সময়ো যেন স্তব্ধ হৈ যায়
সুখৰ সম্ভাৱনাবোৰ ওপজে দুখ হৈ
কৰিব লগাবোৰ পাকঘূৰণি খাই খাই মাৰ যায় হৃদয়তে
তই সী দিয়া কষ্ট আৰু দুখৰ ফুলাম চোলাটো
বৰকৈ শুৱাই মোৰ গাত
কেতিয়াবা তোক সীমাৰ বাহিৰ কৰি দিবলৈ মন যায়
কিন্তু তই যে প্ৰভু ভক্ত কুকুৰৰ দৰে
আকৌ আহি ঠাই বিচাৰি লৱ মোৰ দুহাত-দুভৰিত
তই লগত থাকিলে সাহ বাঢ়ে
গড়ৰ ছালৰ দৰে হৈ যায় মোৰ হৃদয়
'দ-বতাহে চোৱাটো বাদেই
ঈশ্বৰ বিশ্বাসীহে কৰি তোলে মোক
তয়েই জানো শিকোৱা নাছিলি মোক
শংকাৰে ভৰা আজিবোৰ কালিলৈক দি
কেনেকৈ যাপন কৰিব পাৰি নিৰুদ্বেগ জীৱন
মোৰ ভৱিষ্যত দ্ৰষ্টা হৈ তোৰ অহংকাৰ চন্দ্ৰকলা হ
এতিয়া যে মই তোৰ দাসত্ব মানি তোৰে সেৱা কৰিছো
কিন্তু তই মনত ৰাখিবি
তোৰ মৃত্যুও লেখা আছে খাটিখোৱা মানুহৰ হাততে

দুলাল হাজৰিকা ৷৷

No comments:

Post a Comment