মিতভাষ -- ১৪৮
বিশাল সাগৰৰ বুকুত নিতে উঠে
.
বিশাল সাগৰৰ বুকুত নিতে উঠে কত ঢৌ ...লেখ জোখ নাই। তাৰে মাজৰ এটি নামহীন ঢৌৰ সৈতে উমলি আছিল এটি ৰূপোৱালী মাছ--- ক্রমে বিশালৰ পৰা বিশালতৰ ৰূপ লোৱা ঢৌৰ বুকুতে হৃদয় পাৰি টোপনি যোৱা মাছটোৱে দেখিছিল নামি অহা আকাশখন --- কণ কণ দুপাখিৰে সিও উৰি গৈছিল চৰাইবোৰৰ সৈতে। ... হঠাৎ এচপৰা কলীয়া ডাৱৰত খুন্দা খাই সি সৰি পৰিছে তললৈ ... আৰু তললৈ। ধুঁৱলী চৌপাশ ... এটা ৰক্তাক্ত শিলত পৰি আছে তাৰ বিদীৰ্ণ হৃদয় । ... আকাশ ক'লা কৰি উৰা মাৰিছে এটা প্রকাণ্ড ঈগল... তাৰ ঠোঁট আৰু নখৰ আঁচোৰত টোপা টোপে সৰিছে তেজ- বৰষুণ... ।
ණ অনিতা গগৈ ।

No comments:
Post a Comment