মৃত সপোনৰ আত্মকথা
------------------
,
আশাৰ সেউজী ধৰাত
প্ৰস্ফূতিত সপোন কলি
এক মায়াৱী
কিছু বেৰঙী...
,
সমস্বৰে উচ্চাৰিত
নষ্ট চৰিত্ৰৰ প্ৰতিধ্বনিত
কোনেও শুনা নাছিল
কুমাৰিত্ব হেৰুৱাৰ
গোপন বেথা...
,
অথবা,
দেখা নাছিল কোনেও
স্বপ্নাতুৰ তুলিকাৰে অঁকা
হৃদয়ৰ কেনভাছৰ বিপৰীত ছবিটিয়ে
সেওঁতাত প্ৰতিশ্ৰুতিৰ ৰেখা বোলাই দিয়াত
দুওঁঠত ওলোমাই লোৱা
হেঙুলবৰণীয়া হাহিঁটি...
,
আকাৰহীন হৈও
প্ৰত্যেকজনী নাৰী
একো-একোটি আকাৰত সৃষ্ট
কিছু সম্বন্ধৰ নামত
জীয়াই থকাৰ অজুহাতত...
------------------
,
আশাৰ সেউজী ধৰাত
প্ৰস্ফূতিত সপোন কলি
এক মায়াৱী
কিছু বেৰঙী...
,
সমস্বৰে উচ্চাৰিত
নষ্ট চৰিত্ৰৰ প্ৰতিধ্বনিত
কোনেও শুনা নাছিল
কুমাৰিত্ব হেৰুৱাৰ
গোপন বেথা...
,
অথবা,
দেখা নাছিল কোনেও
স্বপ্নাতুৰ তুলিকাৰে অঁকা
হৃদয়ৰ কেনভাছৰ বিপৰীত ছবিটিয়ে
সেওঁতাত প্ৰতিশ্ৰুতিৰ ৰেখা বোলাই দিয়াত
দুওঁঠত ওলোমাই লোৱা
হেঙুলবৰণীয়া হাহিঁটি...
,
আকাৰহীন হৈও
প্ৰত্যেকজনী নাৰী
একো-একোটি আকাৰত সৃষ্ট
কিছু সম্বন্ধৰ নামত
জীয়াই থকাৰ অজুহাতত...
ණ ডুলুমণি ৰয় ৷৷
No comments:
Post a Comment