Thursday, 5 January 2017

বিশ্লেষণ

বিশ্লেষণ

গ্ৰন্থমেলাৰ ডাঙৰ গেটখনেৰে বাৰে বাৰে সি ভূমুকিয়াই চাই আছিল | মানুহবোৰ উচাহত সুমাইছে খালি হাতে ঘূৰি আহোতে হাতে হাতে কিতাপৰ মোনা | সি মন কৰিছিল মানুহবোৰে কাগজৰ কিতাপবোৰত টকা দি কিনিবলৈ হেলা কৰা নাছিল | দৰ দামো নকৰেচোন | চিধাই দি দিয়ে | এবাৰলৈও চিন্তা নকৰে | সি মন কৰিছিল তাৰ ৰোগীয়া লেৰেলা পৰা দেহাটোক কিবা খাবলৈ প্ৰয়োজন হোৱা টকা এটা দিবলৈ মানুহবোৰৰ মুখত বহুতৰে গভীৰ চিন্তা | চকুত অবহেলা ভৰা ভাব,মনত... সমাজৰ আবৰ্জনা ধুৰ্.....
অথচ সি শুনিছিল কৰবাত.... সিহঁতৰ দৰে ৰোগীয়াৰ আৰ্তনাদ,ফুটপাথৰ বাসিন্দাৰ জীৱন নতুবা কামিহাড় আৰু খালী পেটৰ শব্দই হেনো সৃষ্টি কৰিছে বহুতো মহান সাহিত্য.....|

 নিৰুপমা ডেকা

No comments:

Post a Comment