Friday, 13 January 2017

গল্ফীৰ ডায়েৰি জানুৱাৰী ২০১৭

আখৰুৱাৰ গল্ফীৰ ডায়েৰি, ১জানুৱাৰী,২০১৪

বীৰুৱে বাৰাণ্ডাতে বহি চিঞৰি চিঞৰি গাই আছিল – “ছু কৰ মেৰে মন ক’, কিয়া তুনে ক্যা ইছাৰা….”
মাজনী বাইদেৱে বীৰুৱে গোৱা গানটো শুনি তাইও গোৱা আৰম্ভ কৰি দিলে –“চু কৰ মেৰে মন ককিয়া তুনে কিয়া ইচাৰা…..”
বীৰুৱে মাজনী বাইদেৱে সি গাই থকা গানটো শুনি ওচৰলৈ আহি দুষ্টামি হাঁহি এটা মাৰি কলে --- গানটোৰ অৰ্থটো বুজি পাইছজানো?”
কিনো? চোন?”—মাজনী বাইদেৱে বীৰুক সুধিলে ৷
বীৰুৱে কলে—“একেবাৰে চিম্পোল…. গানটোত কৈছে—“চুকত থকা মোৰ মনটোক তই কি ইংগিত দিলি …”
মাজনী বাইদেৱে হয়নে?” বুলি কৈ বীৰুৰ মুখলৈ ভেবা লাগি চাই ৰল ৷
বীৰুৱে আকৌ কলে – “তই যে গাইছচু কৰ মেৰে মন ক’…চু কৰ বুলি নকয় নহয় !
ইহ, এনে একেবাৰে জনাটো, কি বুলি কয় নো ?” মাজনী বাইদেৱে এইবাৰ ভেকাহি মাৰি উঠিল ৷
বীৰু – “ তই কুকুৰা খেদিলে ছুহ.. বুলি কৱনে নকৱ’ “
মাজনী বাইদেউ – “কওঁ
বীৰু –“তই যেনিবা এই ছুহ টো টানকৈ নকৈ কোমলকৈ কবি তেতিয়া তই গোৱা গানটো একেবাৰে ফাটাফাটি হৈ যাব বুজিলি, গা চোন গা এতিয়া
মাজনী বাইদেৱে চিৰপৰিচিত গলগলীয়া হাঁহিটো মাৰি গাবলৈ আৰম্ভ কৰিলে —“ছুহ কৰ মেৰে মন ক’…..আৰু গাব নোৱাৰিলে হাঁহিত ঢলি পৰিল৷

মৌচুমী বৰি ৷৷

No comments:

Post a Comment