Saturday, 7 January 2017

ৰাগিণীৰ অনুৰাগ ১

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস
( অক্টোবৰ ২৯, ২০১৬)
ৰাগিণীৰ অনুৰাগ


আৰম্ভণি
মৰমৰ অনুৰাগ,
আজি বহুত দিনৰ পিছ্ত আজি খুব মন গৈছে আপোনালৈ লিখিবলৈ |সেয়ে অভিমানবোৰক একাষৰীয়া কৰি থৈ মনটোক মুকলি কৰি দিলো | আপুনি আচৰিতেই হৈছে চাগৈ.... কি হ’ল এইজনীৰ আজি | হয়তো আঙুলিৰ মূৰত হিচাপ কৰিছে, কেইটা বসন্ত আৰু কিমানটা শৰত পাৰ হৈ গ’ল শুভ্ৰ চুলিৰ ওপৰেদি | বিছ , বাইছ অথবা সাতাইছ | এয়া যে মই আপোনালৈ বুলি কলম তুলি লৈছো, সময় ন বাজি কাহানিবাই পাৰ হৈ গৈছে | ক’ৰবাৰ পৰা শেৱালি ফুলৰ সুবাস বিয়পি পৰিছে মোৰ কোঠালিটোত | হয়তো আমাৰ পদূলিজোপাৰেই হয় | পুৱাই আঁচল ভৰাই বুটলিব লাগিব | কিন্তু কি জানে ইমান সুগন্ধি বিয়পোৱা শেৱালি ফুলখিনি কিন্তু পূজাত অৰ্পণ কৰিব নোৱাৰি | কাৰণ এইবোৰ যে তলসৰা | আচ্ছা , কওঁকচোন আপোনাৰ আশে পাশে আমোলমোলাই গৈছেনে শেৱালি ফুলৰ সুবাসেৰে ? আপোনাক কেতিয়াও সোধা নহ’ল | প্ৰতিশ্ৰুতি আছিল আপোনাৰ চহৰৰ ঠিকনা নিবিচৰাৰ | ঠিকেইতো, ভালপোৱাজনে ভালপোৱাজনৰ হৃদয়ৰ ঠিকনাতহে বাস কৰে |
থাওক দিয়ক এইবোৰ কথা |আপুনি আমনি পাব | এইবোৰ আপুনিও জানে, ঠিক, মই জনাৰ দৰে |কোনো নতুনত্ব নাই | কোনো অভিনৱত্ব নাই |আজি বেলেগ এটা কথা কওঁ দিয়ক, আগতে আপুনি মোৰ পৰা নুশুনা, ময়ো আপোনাক আগতে কেতিয়াও নোকোৱা | শুনিবনে ? টোপনি ধৰিছে ন’ ? আমনি পাব নেকি শুনিবলৈ ? আমনি পালেও মোৰ আজি ক’বলৈ খুব মন গৈছে | জানো, মোৰ এই বহুবল্কী স্বভাৱটো আপোনাৰ একেবাৰে পছন্দৰ নহয় | কিন্তু কি জানে... কিছূমান কাৰ্যকলাপ আমি এৰো বুলিও এৰিব নোৱাৰো |মৰিলে এইবোৰ আমাৰ লগতেই যায় |যেনে আপোনাৰ প্ৰতি মোৰ অনুৰাগ ! হাঁহিছে ? সঁচাকৈয়ে চাওঁকচোন, মোৰ বহুবল্কিতাই ক’ৰ কথা ক’লৈ লৈ গ’ল | বাৰু নকওঁ বাৰু নিজৰ কথা | আপোনাক ক’ব ওলাইছিলো কিছূমান মানুহৰ কথা |আপুনি বাৰু মন কৰিছেনে কেতিয়াবা সময় যোৱাৰ লগে লগে আৰু আমাৰ বয়স বঢ়াৰ লগে লগে ব্যস্ততাৰ বাবেই হওক বা অন্য অজুহাততেই হওক দিনে দিনে আমাৰ আপোনজনৰ সংখ্যা কমি গৈ থাকে আৰু আমিবোৰ নিজৰ অজানিতেই আগবাঢ়ো নিসংগতাৰ দিশে |কিন্তু কেতিয়াবা এনে মানুহ জীৱনৰ বাটত লগ পোৱা যায় যাৰ লগত আমাৰ তেজৰ কোনো সম্পৰ্কই নাথাকে | কোনো চৰ্ত অবিহনেই তেওঁলোকে আমাক আদৰ কৰে, অধিকাৰ খটুৱায়, খং কৰে, ক্ষোভ উজাৰে আৰু আৱৰি ৰাখে মৰমৰ উমাল উত্তাপেৰে | আপোনজন হ’বলৈতো তেজৰ সম্পৰ্কই সকলো নহয়......... জীৱনৰ বাটত যে কিমানক লগ পোৱা যায়.... যি আগবাঢ়ে আমাৰ লগত সহোদৰ/ সহোদৰাৰ দৰে ...... আমাৰ্ দুখে তেওঁলোককো ব্যাথিত কৰি তোলে.... আনন্দিত হয় আমাৰ সৰু বৰ সকলো সুখৰ্ দিনত |
"কুছ ধড়কনো কা জিক্ৰ হো, কুছ দিল কি বাত হো
মুমকিন হ্যে ইচকে বাদ না দিন হো না ৰাত হো.."
শীত বাৰু পৰিছেনে আপোনাৰ চহৰত ? টিঘিলঘিলাই বৰকৈ নুফুৰিব | ফেশ্বন দেখুৱাবলৈ গোটেই জহকালি আপোনাৰ বাবেই থাকিব | অনুৰাগ, আপুনিতো জানেই ভুল-শুদ্ধৰ সমাহাৰেই জীৱন.... ভুল-শুদ্ধবোৰ হিচাপ-নিকাচ কৰিবলৈ গোটেই জীৱন পৰি আছে..... আজিলৈ থাওক এইবোৰ কথা..... কাজিয়া.... নাই তো, কাজিয়া একেবাৰে কৰা নাই, তৰ্ক কৰাৰো ধৃষ্টতা নকৰো.... কিন্তু কি জানে, কিছূমান কথাত আমি কপিৰাইট নিজে নিজে ক’ব নোৱাৰাকৈয়ে লৈ লওঁ........ অজানিতে, অজ্ঞাতসাৰে...... হয়তো এয়াও এক ৰং জীৱনৰ............ কিছূ ৰঙ আপোনাৰ....... কিঞ্চিত মোৰ...
কেতিয়াবা কিয় জানো ভাৱ হয়, ক’বলৈ দেখোন একোয়েই নাই ... কিন্তু শুনিবলৈ ... শুনিবলৈ বহু কিবা কিবি ৰৈ যায়... এনে লাগে শুনি যাম অনন্তকাললৈ এটি শেষ নোহোৱা কাহিনী, ঠিকসৰুতে বন্দোবস্ত কৰাৰ দৰে... দীঘল সাধু ক’বা দেই... বহুত দীঘল
জীৱন হেৰোৱা ক্ষণতো থাকে ছন্দ
প্ৰতিধ্বনিত হয় কিছূ শুনা নুশুনা,
জনা-অজানা সুৰৰ ৰাগিনী
জীৱন মানে কি ?
"কচু পাতৰ পানী... এই আছে এই নাই.........." সজোৰে হাঁহিছিলো তাৰ ব্যাখ্যাত...... ধেইত কি যে আজৱ ব্যাখ্যা !
কিন্তু কিয় জানো জীৱন এটা প্ৰশ্নবোধক চিহ্ন হৈ ৰৈ যায় কেতিয়াবা ? কিয় বাৰে বাবে দিব লগা হয় প্ৰমাণ মেণ্টেলি চিক নহয় বুলি ? ভাললগাখিনিয়ে অজানিতে নাম পায় ভ্ৰম বুলি ?ক’তা অভিধানৰ পাত বিচাৰিলেও চোন বিচাৰি নাপাওঁ ভাললগাৰ সমাৰ্থক যে ভ্ৰম......... তেন্তে...... ভাৱনাবোৰ ভুল নে আপুনি জুখিব নোখোজে অনুৰাগৰ গভীৰতা............
প্ৰেমে মানুহক নুখুৱায় | ঠিকেই, অকল প্ৰেমে মানুহক নুখুৱায় |যদিহে তাত নাথাকে পাৰস্পৰিক সন্মান, সততা আৰু বিশ্বাস......... হয়তো তাত উশাহ লোৱাটোৱে অসহ্যকৰ হৈ উঠিব " কেৱল প্ৰেমৰ".............
জীৱনৰ উপলব্ধিৰ শেষ ক’ত ? ট’য়টা গাড়ীৰ বিলাসী শ্ব’ৰুমত নে মাণিকচন্দৰ দোকানত ? বিলাসী গাড়ীত ক’লা আয়না ওপৰলৈ উঠাই অকলে উচুপি থকাটো শ্ৰেয় নে ফুটপাথৰ ওপৰেদি আপোনাৰ কাষে কাষে নীৰৱে বহুদূৰ তলমূৰ হৈ আগবঢ়াতো ?
প্ৰেম নাই ? প্ৰেমহীনতা? কাৰণ আপুনি চুই চোৱা নাই তেওঁৰ হাতখন...... তেওঁৰ চকুৰ লুণীয়া তপত পানীখিনি.....তেওঁৰ হাঁহিখিনি........... কিন্তু যেতিয়া আপুনি কাৰোবাৰ আত্মা স্পৰ্শ কৰে...... তেতিয়া....... সেয়াও নেকি প্ৰেমহীনতা.........
গতিৰতো শেষ নাই | ৰবৰ এডাল বিচাৰি পালে ঘঁহি ঘঁহি মোহাৰি দিম দূ:সময়বোৰ.... কিছূমান কথাত কোনো জোৰ নাথাকে.... যাও বুলিলেইতো এৰি আহিব নোৱাৰি চিনাকি আপোন ঘাট, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত ওলমি থাকে নেওচা দিব নোৱাৰা তিতা-মিঠা অতীত......কথাবোৰ যুকিয়াঁই লওঁতেই, শৃংখলা লগাম বুলি ভাবোতেই বেলি মাৰ যায় | গঢ়ি নুঠে কোনো শব্দমালা |বাট বিচাৰি হামখুৰি খায় অঘৰী শব্দবোৰে |সিহঁতেও ক’ব বিচাৰে আপোনাক সমগ্ৰ সত্তাৰে " বিশ্বাসক ধৰি ৰাখিবলৈ প্ৰয়োজন মাথোঁ আপোনাৰ বিশ্বাসৰ মজবুত হাতখন |সেইয়া শৰত নামিছে সংগোপনে | অনাহকতে টিঘিলঘিলাই নুফুৰিব.... | আজি আৰু নিলিখো | বিৰক্তিও লাগিল চাগৈ আপোনাৰ | কিন্তু উপায়ো নাই | মইতো ছায়া হৈয়ে আগবাঢ়িম আপোনাৰ লগে লগে চিৰদিন, আপোনাৰ অজ্ঞাতে, কোনো সাৰি শব্দ নোহোৱাকৈ |
এই বাটেদিয়েই বসন্ত আহে অনুৰাগ
যি বাটত ৰৈ থাকে এযুৰি চকু
বিশ্বাসৰ, প্ৰত্যয়ৰ
মোৰ পৰা আপোনালৈ
জানো কিমান প্ৰহৰৰ বাট
মাজতে আছে কাহানিও
নামি নোপোৱা ঘাট
ৰিঙিয়াই নমতালৈকে
বহি থাকিম তাত
দুখনি কঠিন হাতে বান্ধে এখনি সাকোঁ
কাঠবোৰ কিছূ নতুন কিছূ পুৰণি
কালসন্ধ্যা পাৰ কৰি মুকলি হয়
কলিজাৰ গাঁওখনি
হাত বাউলি মাতে
চিনাকি সুবাসে
নিৰাপত্তাৰ উমাল চোলাটো পিন্ধি
নিশ্চিন্তে টোপনি যাওঁ
এই বাটেদিয়েই বসন্ত আহে অনুৰাগ | |
বেছি একো নকও........ তিথি পৰবৰ সময়.... সকলোৱে আপুনি বিচৰা ধৰণে আচৰণ নকৰিবও পাৰে............ কুশলে থাকিব........ সামৰণিত আকৌ দোহাৰিম..... জীৱনতকৈ ডাঙৰ একোৱেই নহয় অনুৰাগ......... একোৱেই নহয়......
প্ৰান্তত
ৰাগিণী
..............................................................................................................................................................................................................................................................................
কলমটো বন্ধ কৰি সোঁহাতে আঁতৰাই থৈ চকীখনত আউজি বহি ল’লে তেওঁ | আৰম্ভণিৰ স্নেপশ্বট/প্লট বিচাৰি পোৱা নাই, উজুটি খাইছে বাৰে বাৰে | কি লিখিব, কেনেকৈ লিখিব, কাৰ কাৰ বিষয়ে লিখিব, ক’ৰ পৰা আৰম্ভ কৰিব | লেখাটো তেওঁৰ পেছা নহয়, নিচাহে | বহুদিন লিখা নাই তেওঁ মানুহৰ কাহিনী, জীয়া মানুহৰ কাহিনী| কাৰ কাৰ জীৱন সাঙোৰ খাব"ৰাগিণীৰ অনুৰাগ"ত| ইমান সহজ জানো কাহিনী লিখা..... প্ৰতিটো চৰিত্ৰক, মৰমেৰে, মমতাৰে নিৰপেক্ষভাৱে, আক্ৰোশবিহীনভাৱে আঁকিব পাৰিব জানো তেওঁ ? কেনেকৈ আৰম্ভ কৰিব অনুৰাগ ৰাগিণীৰ কাহিনী | "ৰাগিণীৰ অনুৰাগ’ত কেৱল জানো সিঁহত দুটাই আছিল ! কাহিনীৰোচোন উপ-কাহিনী থাকে | ৰূপকথাৰ কাহিনীৰ দৰে, ৰাগিণীৰ অনুৰাগক আৱৰি আছিল কিমানটা কাহিনীয়ে যিবোৰৰ অবিহনে হয়তো অসম্পূৰ্ণ হৈ ৰ’ব সিঁহত দুয়োটা | কাহিনী এটা কল্পনা কৰা সহজ, মনটোক মেলি দিলেই সম্স্ত কাহিনী চকুৰ আগত চিনেমাৰ দৰে চলি গৈ থাকে কিন্তু তাক আকাৰ দিয়া কিমান যে কষ্টদায়ক, এই মূহুৰ্তত তেওঁৰ বাদে আন কোনোৱে চাগৈ অনুভৱ কৰিব নোৱাৰিব |এই যে এইমাত্ৰ আৰম্ভ কৰিছিল চিঠিখন, যিখন তেওঁৰ অকণো মনপুত: হোৱা নাই আৰু যিখন চিঠি তেওঁ ফালি, গোল লাৰু এটা বনাই ডাষ্টবিনত পেলাম বুলি ভাবি আছে তাৰেই সোমাই যাব নেকি অনুৰাগ আৰু ৰাগিণীৰ জীৱনৰ ভিতৰচৰালৈ.... আৰম্ভ কৰিব এজনী ছোৱালীৰ কাহিনী | দেখিবলৈ অসুন্দৰ, অকলশৰীয়া ছোৱালী | পৃথিৱীখন নিজৰ মাজতেই সীমাবদ্ধ | শামুকৰ খোলাৰ পৃথিৱী | কাৰো আহৰি নাছিল ছোৱালীজনীৰ মনৰ বতৰা ল’বলৈ, নতুবা তায়ো কেতিয়াও আগ্ৰহ নকৰিছিল নিজকে কাৰো আগত প্ৰকাশ কৰিবলৈ | সহজ সৰল জীৱন | ভীৰৰ মাজৰ এজন, অভিনৱত্ববিহীন |
এদিন অকলশৰীয়া, অসুন্দৰ কোমলবয়সীয়া ছোৱালীজনীয়ে এজন সাধু কোৱা মানুহক লগ পালে | মানুহজনে অনৰ্গল সাধু কৈ যায়, তাই একান্তমনে শুনি যায় | মানুহজনে স্মৃতিৰ পেৰা খুলি কিমান তৰহৰ যে সাধু কৈ যায় ! তেওঁ কৈ কৈ ভাগৰি যায়, তাইৰ শুনি শুনি হেঁপাহ নপলায় | কেতিয়াবা এনে লাগে একেটা সাধু তাই শুনি থাকিব, শুনিয়েই থাকিব, শেষ উশাহলৈকে | সাধুৰ শেষ থাকে জানো? নিজকে প্ৰশ্ন কৰে তাই | থাকে, ওহোঁ, নাথাকে | সাধু কোৱা মানুহজনৰ জোলোঙাত সাধু শূণ্য হয় | বিৰক্ত হয় তেওঁ | তাই কুটুৰি থাকে তেওঁক | কেতিয়া শুনিছিল বাৰু তাই শেষৰটো সাধু ? কোনে শুনাইছিল ? মাকে নে দেউতাকে ? মনত পেলাবলৈ যত্ন কৰে |
সাধু কোৱা মানুহজন গুছি যায়, কোনোবা অচিন বাটেৰে | তাইক শুনাবলৈ তেওঁৰ একো নাই | ছোৱালীজনীয়ে জানে, তাই আৰু কোনোদিনে সাধু নুশুনে | তাই ঘনাই আইনা চায় | ক’ত লুকাই আছিল এই সুন্দৰ আৰু আত্মবিশ্বাসী ৰূপ | ক’ত লুকাই আছিল ইমান অনুভৱী মনটো, ইমান ধৈৰ্য আৰু .......... এই "আৰু"টোৰ শেষ নাই মানুহে কয় ছোৱালীজনীয়ে নিজক শেষ কৰিলে তিলতিলকৈ | তাই হাঁহে | আগতে তাইৰ কোনো লক্ষ্য নাছিল.....এতিয়া তাই বিচাৰিব সাধু কোৱা মানুহজনক.... ধন্যবাদ দিবলৈ দেখোন বাকী থাকি গ’ল তেওঁক, ৰং তুলিকাৰে সপোন আকিঁবলৈ শিকোৱা সাধু কোৱা মানুহজনক লগতে ক’বলৈও বাকী থাকি গ’ল “Yes I need you because I love you and I will love you till the end of my time .” (ক্ৰমশ)

ණ সুস্মিতা দাস

No comments:

Post a Comment