তোমাৰ কবিতাৰ বাবে
================
লিখি দিবা জানো তুমি
মোলৈ এফাঁকি কবিতা
যাতে ভেজা দি
মই জীৱনক জুখি চাম
================
লিখি দিবা জানো তুমি
মোলৈ এফাঁকি কবিতা
যাতে ভেজা দি
মই জীৱনক জুখি চাম
থাকিবা তুমি মোৰ
শিতানত
তোমাৰ চকুতে মোৰ হেৰোৱা সপোন
দুনাই বিচাৰি পাম
তোমাৰ চকুতে মোৰ হেৰোৱা সপোন
দুনাই বিচাৰি পাম
ভালপোৱা তুমি ক'ব পাৰা
কবিতাৰ সাঁকোখনত আঁউজি
তোমাৰ পিনে দুখোজ আগুৱাম
কবিতাৰ সাঁকোখনত আঁউজি
তোমাৰ পিনে দুখোজ আগুৱাম
শেঁতা পৰা গাল
দুখনত
কাপ বোলোৱা আঙুলি দুটাৰে
অকণমান চুই দিবা
তেজৰ কোবাল সোঁতত উপঙি
গীত এটি মই গাম
কাপ বোলোৱা আঙুলি দুটাৰে
অকণমান চুই দিবা
তেজৰ কোবাল সোঁতত উপঙি
গীত এটি মই গাম
তোমাৰ কবিতাৰ
আখৰবোৰৰ পৰা আতৰি
দৰাচলতে আৰু ওচৰ হে চাপিছোঁ
তোমাক জনাম
দৰাচলতে আৰু ওচৰ হে চাপিছোঁ
তোমাক জনাম
ණ জ্যোতিষ কুমাৰ দেৱ ।
No comments:
Post a Comment