Tuesday, 3 January 2017

কৃষ্ণ

কৃষ্ণ



কৃষ্ণ, প্ৰেমৰ পাশেৰে ৰাধাক বন্দী কৰাৰ আগত
এবাৰ কিয় নাভাবিলা ৰাধাৰ সংসাৰৰ কথা
নে তোমাৰ আৰু ৰাধাৰ বতাহত ভাহি ফুৰা কথাবোৰ
কোনোবা আওকথীয়াৰ প্ৰতিশোধৰ ফচল ?
কিন্তু তোমাৰ বাঁহীটোতো সত্য
স্বামীৰ অগোচৰে ৰাধাক দিবলৈ
বাঁহীৰ মাততকৈ আৰু উৎকৃষ্ট সংকেত কি থাকিব পাৰে
পৰকীয়া প্ৰেমত উন্মাদ তোমাৰ হিয়া
ৰাধাক যদি ভালেই পাইছিলা
ভোমোৰা হৈ আতৰি গলা কিয় পাছত
নে ৰস শোহা বাহি ফুলৰ প্ৰয়োজন নোহোৱা হল তোমাৰ
ৰুক্মিণী, সত্যভামাক পাই ৰাধাক পাহৰি গলা
ৰাধাৰ ভুলো তাতেই
পুৰি মৰিবলৈকে চগাৰ পাখি গজে।
অৱশ্যে ৰাধাৰ নো কি দোষ
প্ৰেমে যে মগজুতকৈ হৃদয়ৰ ভাষাতহে কথা পাতে ,
কৃষ্ণ , তোমাৰ উতনুৱা স্বভাবৰ প্ৰতিফল
যুগে যুগে ৰাধাই ভুগি থাকিব
আজিকালি ৰাস আহিলেই
ৰাধাৰ বুকুৰ মাজৰ সাঁচি ৰখা উচুপনিবোৰ
কৃষ্ণৰ বাঁহীৰ সুৰ হৈ ভাহে
যমুনাৰ তীৰলৈ ৰাধা আৰু নাহে
শূন্যতাৰে গধুৰ অন্তৰখনে
জোনাকৰ স্পৰ্শত চাটি-ফুটি কৰে
পূৰ্ণিমাৰ জোনটো ৰাধাৰ কপালত
একুৰা জুই হৈ জ্বলে।
দুলাল হাজৰিকা

No comments:

Post a Comment