Sunday, 8 January 2017

গ্ৰন্থমেলাৰ বাকৰিত

গ্ৰন্থমেলাৰ বাকৰিত
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,

ফুলতকৈয়ো ধুনীয়া হ'ব পাৰে মানুহৰ মুখ
বুদ্ধিদীপ্ত চকু
চকুৰ তলৰ বলিৰেখা
ফুলতকৈয়ো কোমল হ'ব পাৰে আকলুৱা মৰম
লাৱনি হাত
মৰমৰ মাত
গ্ৰন্থৰ দৰে পাত-পাতকৈ মেলি চাব পাৰি
হৃদয়বৃত্তি
পঢ়াকে পঢ়ি
চোৱাকে চাই থকাৰ পাছতো
হেঁপাহ জানো পলায়
সান্নিধ্যমধুৰ ক্ষণবোৰৰ
আপুনিও আহিব
গ্ৰন্থমেলাৰ বাকৰিলৈ
মানুহক পঢ়িবলৈ মানুহক পাবলৈ
চাওকহি
শীতক প্ৰতিহত কৰা প্ৰতিজনৰ বুকুৰ উত্তাপ
ভিন্নতাৰ মাজতো একতাৰ সূঁতাডাল
দৃঢ় কিমান
কিতাপ দোকানতো পায়
পিছে চিনাকি মানুহ পায় গ্ৰন্থমেলাৰ চোতালত ৷

চামচুল হক

No comments:

Post a Comment