Saturday, 14 January 2017

সুখৰ চোলাহীন অভাৱী মন

সুখৰ চোলাহীন অভাৱী মন

যাব নে মেজিৰ জুই কুৰাৰ লগত জ্বলি মনৰ সকলো বিষাদ !
পিতাবিহীন আইৰ উৰুকাৰ ব্যাথা !
স্বামীবিহীন তৰাৰ প্ৰথম উৰুকাৰ কথা
কাক ক'ব কোনে বুজিব দুখৰ গাঁথা !
এনেওটো চাগে বহু আছে যিয়ে ভোগালীৰ
নিশাটিতো বাঢ়ি লৈছে অলপ নিমখ আৰু ভাত!
পুত্ৰ পৰিয়াল থাকিও লগত লগভাত খাবলৈ কোনো নোহোৱাজনৰ মনত লাগে কেনে দুখ !
ঘৰৰ পৰা কামৰ বাবে আঁতৰত থকা মানুহবোৰৰ মনত বেজাৰৰ লোটক......
দুখৰ চোলা আজীৱন পিন্ধি ফুৰা মানুহবোৰৰ
সুখৰ ভাত এসাঁজ কপালত চাগে নাথাকে লিখা
যদিও দুখবোৰ ভিন্ন দুখৰ দহন একে
মেজিৰ জুয়ে চাগে তেনে হিয়াবোৰ বৰকৈ দহায়
আজি ভোগালীৰ ভৰা চৰুত মনত কিয় জানো
এনেবোৰ কথাৰ ভিৰ হ'
তেনে বহুজনলৈ মনত পৰি
বেজাৰত মন এঙাৰ হ'
উপায় নাই দুখৰ চোলা পিন্ধা মোক মই ক'ত লুকাই থম
জীৱনৰ উমাল চোলা নথকা মোৰ এটা অভাৱী মন
মই নিজক সুখৰ বজাৰত বিচাৰিলে ক'ত পাম………………!
 নিৰুপমা ডেকা ৷৷


No comments:

Post a Comment