বিষন্নতা ভাল পোৱা
সখীলৈ..
সখী,
তুমি মোলৈ
লিখিছিলা
তোমাৰ বিষন্ন চহৰৰ বাতৰি
তোমাৰ বিষন্ন চহৰৰ বাতৰি
তুমি জী আছিলা
অথচ তোমাৰ চকুত প্ৰাণ নাছিল
ভাল পাইছিলা তুমি অস্তগামী বেলি
অথচ তোমাৰ চকুত প্ৰাণ নাছিল
ভাল পাইছিলা তুমি অস্তগামী বেলি
তুমি মোলৈ
লিখিছিলা
প্ৰভাতী বেলিৰ পোহৰত তোমাৰ মনৰ বেলি ডুব যোৱাৰ কথা
প্ৰভাতী বেলিৰ পোহৰত তোমাৰ মনৰ বেলি ডুব যোৱাৰ কথা
বিষন্নতাক
সাৱটিছিলা তুমি
বিষন্নতাত বুৰিছিলা তুমি
বিষন্নতাত বুৰিছিলা তুমি
আৰু এদিন
বিষন্নতাৰ এটি সৰা পাত হৈ ধূলিৰ লগত মিলি গ’লা
বিষন্নতা ভাল পোৱা
মোৰ সখীজনী
তোমাক হেৰুৱাৰ বিষন্নতাতে মই আজি তোমালৈ লিখিছো চিঠি
তোমাক হেৰুৱাৰ বিষন্নতাতে মই আজি তোমালৈ লিখিছো চিঠি
আজি মই শুনাম
তোমাক
মোৰো বিষন্ন চহৰৰ বাতৰি
মোৰো বিষন্ন চহৰৰ বাতৰি
জানা সখী
মোৰ চহৰত উৰে শৰালী – বিষন্ন আবেলি
মোৰ চহৰত উৰে শৰালী – বিষন্ন আবেলি
ফুলৰ পাহি সৰে—নীৰৱে গধূলি
একাকী শূণ্যতাৰ
ধূলি ধুমুহা এজাকত
দুখৰ বিননিৰ গভীৰতাত
নুপুৱায় ৰাতি
দুখৰ বিননিৰ গভীৰতাত
নুপুৱায় ৰাতি
সখী, বৰ বিষন্ন মই –তোমাৰ দৰেই
বিষন্নতাৰ ধূলিত
মিলি যাম বুলি ভবা
এইয়া মোৰ শেষ চিঠি –তোমালৈ
এইয়া মোৰ শেষ চিঠি –তোমালৈ
ණ মৌচুমী বৰি ৷৷
No comments:
Post a Comment