দলং
ছায়া হৈ ৰৈ যায়
স্মৃতিৰ জোনাক
তুমি কৈছিলা এদিন
বৈ থাকিব নৈখন
থাকক বৈ…
আমাৰ বাবে থাকিব
মাথো এখন দলং…
দলংবোৰে জোৰা লগায়
নেভাঙে মৰম !
স্মৃতিৰ জোনাক
তুমি কৈছিলা এদিন
বৈ থাকিব নৈখন
থাকক বৈ…
আমাৰ বাবে থাকিব
মাথো এখন দলং…
দলংবোৰে জোৰা লগায়
নেভাঙে মৰম !
কিমান দুঃখৰ বোজা
কিমান আবেগৰ ঢ্ল
চিনাকী অচিনাকী হৈ
পাৰ হ’ল
কিমান সময়
বেলি ডুবাৰ পৰা
সোনোৱালী নদীখন
লাহে লাহে ৰূপোৱালী হ’ল
এতিয়াও বহি আছো মই…
কিমান আবেগৰ ঢ্ল
চিনাকী অচিনাকী হৈ
পাৰ হ’ল
কিমান সময়
বেলি ডুবাৰ পৰা
সোনোৱালী নদীখন
লাহে লাহে ৰূপোৱালী হ’ল
এতিয়াও বহি আছো মই…
ন জোনটোত জিলিকিছে
আজি
নৈখন , পানীবোৰ আৰু
এখন দলং
নৈখন , পানীবোৰ আৰু
এখন দলং
আমাৰ দলং…
No comments:
Post a Comment