Saturday, 7 January 2017

ৰাগিণীৰ অনুৰাগ ৫

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস
ৰাগিণীৰ অনুৰাগ
(৪)
" এক দুই তিনি
নাই মোৰ ভনী
দুই তিনি চাৰি
নিপিন্ধো মাৰ শাড়ী
চাৰি পাঁচ ছয়
নকৰো ভূতলৈ ভয়
পাঁচ ছয় সাত
নাখাওঁ নিৰামিষ ভাত
ছয় সাত আঠ
পুলিচৰ পোছাক ডাঠ
সাত আঠ ন
নকৰো কোনো ৰণ
আঠ ন দহ
তই ইয়াতে বহ
??????????????????????? "
এইটো কি কবিতা ? চহৰৰ বিখ্যাত স্কুলৰ অষ্টম শ্ৰেণীত পঢ়ি থকা এজনী কিশোৰীয়ে বাৰু এনেকুৱা অদ্ভুত কবিতা লিখেনে ? অষ্টম শ্ৰেণী মানে কি জানানে ?হাইস্কুলৰ প্ৰথম বছৰ | পৃথিৱীখন সুন্দৰ হৈ, সম্পূৰ্ণহৈ ধৰা দিয়ে এই সময়ত | এনেকুৱা কবিতা সৰু সৰু ল’ৰা ছোৱালীয়ে আখৰ লিখিবলৈ শিকিয়েই লিখে, তাকো কোনো কাকতত নহয়, স্কুলৰ বাহিৰা বহীৰ শেষ পৃষ্ঠাবোৰত | সেই প্ৰক্ৰিয়াটোক অনুশীলন বোলে | আখৰা কৰে বৰ্ণৰ , শব্দৰ আৰু বাক্যৰ | কিন্তু ই কি ? অসমৰ লব্ধপ্ৰতিষ্ঠ বিদ্যালয় এখনৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে এনেকুৱা নিম্নমানদণ্ডৰ লেখা এটা এখন প্ৰতিষ্ঠিত আলোচনীলৈ পঠিয়াই দিয়ে প্ৰকাশৰ হেতু | তুমি নিজে জানো তোমাৰ পাঠ্য্পুথিত "পাৰ চৰাই উৰি গ’ল " নতুবা " হলৌ উঠিল টকৌ গছত" পঢ়া ? মানুহে বয়স অনুপাতে ব্যৱহাৰ কৰিবলৈ শিকা উচিত | এন ফ্ৰাংকৰ নাম শুনিছানে ? সময় পালে কেতিয়াবা "এন ফ্ৰাংকৰ ডায়েৰী" পঢ়িবা | ঠিক তোমাৰমান বয়সৰ এজনী কিশোৰীৰ জীৱনক চোৱাৰ, বুজাৰ যি দৃষ্টিকোণ বুজিবলৈ যত্ন কৰিবা | লেখক হোৱাটো সহজ কাম নহয় | জুইত পুৰিলেহে সোণ চিকচিকিয়া উজ্জ্বল হৈ উঠে | লেখা মেলা আৰম্ভ কৰাৰ আগতে ভাল পঢ়ুৱৈ হোৱাটো নিতান্তই প্ৰয়োজনীয় | এখন বাতৰি কাকত বা মাহেকৰ দুই এখন শিশু আলোচনী পঢ়ি "লিখা-মেলা কামনো কি টান কাম, ময়ো পাৰিম" মনোভাৱ আগত ৰাখি কলম হাতত তুলি লোৱাটো বৰ বেয়া কথা | ড: বাণীকান্ত কাকতীদেৱৰ নাম নিশ্চয় শুনিছা, তেওঁ কোনো এঠাইত এবাৰ উল্লেখ কৰিছিল এনেকৈ যে ভীমৰ গদা ঘূৰোৱাৰ আগতে ভীমৰ বল অৰ্জন কৰি ল’ব লাগে | যশস্যা অৰ্জনৰ বাট কেতিয়াও চমু হ’ব নোৱাৰে | যশ্স্যাৰ বাবে প্ৰয়োজন গভীৰ অধ্যৱসায় | আশা কৰো মোৰ কথাবোৰ বুজিবলৈ যত্ন কৰিবা | শুভেচ্ছা থাকিল |
প্ৰান্তত
অনুৰাগ বৰপূজাৰী
......................................................................................
নীলাখামৰ চিঠিখন ৰাগিণীলৈ ডাকোৱালে কঢ়িয়াইছিল তাইৰ বিদ্যালয়ৰ ঠিকনাত তাই ৰাগিণী অৰুনাভ কাশ্যপ হোৱাৰ এবছৰ আগতে | তেতিয়া তাই ৰাগিণী কাশ্যপ আছিল | হেড বাইদেউৱে তাইক মাতি পঠাইছিল তেওঁৰ কোঠালৈ | আচৰিত হৈ গৈছিল তাই | তাইৰ নামত চিঠি, তাকো স্কুলৰ ঠিকনাত ! প্ৰেৰকৰ নামটো পঢ়ি চালে তাই | অচিনাকি | আঁৰ চকুৰে ভয়ে ভয়ে হেড বাইদেউলৈ চালে ৰাগিণীয়ে | নাই তেওঁৰ দুচকুত, খং, কৌতুহল একো নেদেখিলে | চিঠিখন লৈ লাহে লাহে নিজ শ্ৰেণীকোঠালৈ উভতি আহিল তাই | ৰাগিণীৰ নামত চিঠি আহিছে, তাকো ল’ৰাৰ ! ছোৱালীবোৰে বেৰি ধৰিলে তাইক | সিঁহতৰ মাজত চেপা উত্তেজনা | নাই, তাই নোখোলে চিঠিখন | দেউতাকক দিব | অচিনাকি মানুহৰ চিঠি | তাইৰ ভয় লাগিছে সেইখন খুলিবলৈ | তাকো চিঠিখন আহিছে ৬০০ কি:মি নিলগৰ পৰা | সেইখন চহৰত সিঁহতৰ কোনো আপোনমানুহ তাই জনাত নাই | গতিকে কাকো তাই চিঠিখন খুলি চোৱাৰ অনুমতি নিদিলে | লগৰ ছোৱালীকেইজনী এটা স্থিৰ সিদ্ধান্তলৈ আহিল যে ৰাগিণীৰ কোনোবা প্ৰেমিক আছে, যিটো কথা তাই সিঁহতৰ পৰা লুকুৱাই ৰাখিছিল আৰু আজি ধৰা পৰিল | প্ৰেমিক বুলি এইকাৰণেই মানি ল’লে কাৰণ ল’ৰাজনৰ নাম অনুৰাগ বৰপূজাৰী | তেওঁ কোনো কাৰণতে ডাঙৰ মানুহ হ’ব নোৱাৰে, সিঁহতে জানে ডাঙৰ মানুহ হ’লে তেওঁৰ নামটোত নিশ্চয়কৈ দুটা শব্দ থাকিলহেঁতেন ঠিক সিঁহতবোৰৰ দেউতাক নতুবা খুড়াকৰ নামত থকাৰ লেখিয়াকৈ .....
অধ্যাপক কাশ্যপে চিঠিখন নিজে নুখুলিলে | পখীক খুলিব দি ডাঙৰকৈ পঢ়িব দিলে | পখীয়ে পঢ়ি গ’ল, কিন্তু পখী, ঋষি নতুবা মাক-দেউতাকৰ কোনোৱে চিঠিখনৰ অৰ্থ নুবুজিলে | কিন্তু চিঠিখনতো পখীৰ নামতেই আহিছে, কেতিয়া লিখিছিল পখীয়ে কবিতা আলোচনীলৈ ? তাইতো আজিলৈ কোনো কাকত আলোচনীৰ বাবে লিখা নাই তেওঁ জনাত ! লেখা মেলাতো অলপ অচৰপ দীপুয়েহে কৰে বিজ্ঞান জেউতি, সঁফুৰা, মৌচাক আদিৰ বাবে | তেন্তে দীপুয়ে কিবা দুষ্টালি কৰিলে নেকি ? ঋষিয়ে ঘৰৰ পৰা চোঁচৰাই টানি আনি দুপাত চৰ শোধালে | হয় দীপুৰে কাৰচাজি | চৰ খাই উঠি দীপুৰ ভাষাতেই-
"ঋষিদাদা, এইবাৰ ছয়মাহিলী পৰীক্ষাত অংকত ৩৩ পাইছিলো বাবে বহীখন লুকুৱাই থৈছিলো, এই ক’লীমাইয়ে মাক খবৰ দিছিল অংকৰ বহী ঘূৰাই দিছে বুলি | তাই ছোৱালী স্কুলৰ মানুহে বয়জ স্কুলৰ পদূলিৰ খবৰ কিয় লৈ ফুৰিব লাগে ? আমাৰ হিৰণ্যকশিপুয়ে বাৰীত পুতি থৈ দিয়া বহীখন উলিয়াই আনি মোক বৈদ্য পিটিলে | তাই ৮৫ পালেই বুলিয়েই ইমান অহংকাৰ | নতুন আলোচনী এখনৰ বাবে মোৰ পৰা সম্পাদক মামাজনে লেখা এটা বিচাৰিছিল | মই নিজৰটো দিলো | নীৰেণৰ হাতৰ আখৰেদি এই গেলা কবিতাটোও লিখি পঠিয়ালো ক’লীমাইৰ নামত | যোৱা সপ্তাহত আলোচনীখন ওলাইছে | মই তাইৰ স্কুলৰ ছোৱালীমখাৰ আগত তাই লাজ পাওক বুলিয়েই লেখাটো পঠিয়াইছিলো |" ইমান পৰে খুব ধৈৰ্যৰে কথাবোৰ শুনি থকা পখীয়ে খুৱাই দিলে দীপুৰ মুখত | সিঁহত দুটাৰ চুলিয়াচুলিৰ মাজত ঋষি তেনেই পেটুকা লাগি থাকিল |
অনুৰাগলৈ চিঠিৰ উত্তৰ লিখিছিল ৰাগিণীয়ে | তাইৰ ক’বলগীয়াখিনি নিয়াৰিকৈ গোট গোট আখৰে লিখিছিল | অনুৰাগৰ নিচিনাকৈ ৰাগিণীৰো হাতৰ আখৰ ধুনীয়া, পৰিপাটী | বন্ধুত্ব বাঢ়িছিল একাদশ শ্ৰেণীত পঢ়ি থকা ৬০০ কি:মি দূৰৈৰ অনুৰাগৰ লগত তাইৰ | দিনে দিনে তাই চহকী হৈ পৰিছিল ভাষাজ্ঞান আৰু ন ন শব্দৰ জ্ঞানৰে | অসমীয়াৰ লগতে ইংৰাজী ভাষাটোও আয়ত্বাধীন কৰিবলৈ দেউতাকৰ লগতে অনুৰাগেও নানা ধৰণেৰে ইন্ধন যোগাইছিল | উচ্চাকাংক্ষাৰ পৰিভাষা শিকিছিল অনুৰাগৰ পৰা | "পিতৃ মাতৃয়ে আমাক ডেউকা দিয়ে উৰিবলৈ আৰু ডেউকা আছে মানে উৰিবলৈ শিকা " অনুৰাগে প্ৰায়েই লিখিছিল তাইলৈ |
( আগলৈ)
ණ সুস্মিতা দাস 

No comments:

Post a Comment