Saturday, 7 January 2017

ৰাগিণীৰ অনুৰাগ ৪

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস
ৰাগিণীৰ অনুৰাগ
(৩)
দীপুয়ে এনেকুৱা বোম ফুটাব বুলি সপোনতো ভবা নাছিল পখীয়ে | বোমো বোম, একেবাৰে এটম বোম | ১১ এপ্ৰিল, পৰীক্ষা শেষ হোৱা বাবে পখী স্কুলৰ লগৰ ছোৱালীকেইজনীমানৰ লগত বাহিৰে বাহিৰে ফটো উঠিবলৈ গ’ল | গ্ৰুপ ফটো | কোনে জানে আৰু বা কেতিয়াবা এনেকৈ আটাইবোৰ লগ হ’বনে নে নহয় ! দুজনীমানতো দেউতাকৰ লগত টেষ্ট পৰীক্ষাৰ পিছতেই দেউতাকৰ চাকৰিসুত্ৰে বদলি হৈ বেলেগ ঠাইলৈ গুছি গৈছিল | এতিয়া পৰীক্ষা বুলি আহিছে | আকৌ বা দেখা হয়নে ! বুকুখন ভৰি আহিল আটাইকেইজনীৰ | এই যে স্কুলৰ মধুৰীজোপাৰ সুস্বাদু মধুৰীবোৰ, পানীখোৱা ছুটীত যে পাৰি খাইছিল, চানাৱানা খুড়াজন, বৰফ বেচা দাদাজন, যিয়ে বাকীত বৰফ দিছিল সিঁহতক, এই আটাইবোৰ কাহিনী দেখোন স্মৃতি হৈ পৰিব ...... স্মৃতি... কি আছে ১৫ বছৰ হ’বলৈ ৭ মাহ থকা ছোৱালীজনীৰ স্মৃতিত... শ্ৰেণী শিক্ষকৰ মৰমসনা গাত নলগা গালিবোৰ, অসমীয়াৰ বাইদেউৰ সিঁহতৰ প্ৰতি থকা চিন্তাবোৰ, বিজ্ঞানৰ ছাৰৰ খ্ঙাল চকু... বছ ইমানখিনিয়েই দেখোন...
বাহিৰৰ পৰাই মন কৰিলে পখীয়ে, ঘৰৰ ভিতৰত কোনো বিজুলী বাতি জ্বলি থকা নাই | "ক’লৈ গ’ল মা-দেউতা|" তাই মনতে ভাবিলে | ক’তা, কৰোবালৈ যাম বুলিওতো ৰাতিপুৱা কোৱা নাছিল তাইক | মিনা বজাৰ চাবলৈ গ’ল নেকি তেওঁলোক তাইক এৰি থৈ | কিন্তু বাসন্তী পূজাৰ মিনা বজাৰ চাবলৈ যোৱাৰ কথাতো পিছদিনাহে আছিল তেওঁলোকৰ ! তেন্তে ? আতাৰ গা বেয়া হ’ল নেকি ? মাহঁত গাঁওলৈ গ’ল নেকি ততাতৈয়াকৈ? বাহিৰে বাহিৰে পখী পেহীয়েকৰ ঘৰলৈ গ’ল | ভোক লাগিছে তাইৰ | পিছবেলা একো খোৱাও নহ’ল সিঁহতৰ | পেহীয়েকৰ ঘৰৰ জপনামুখৰ পৰাই তাই হুলস্থুল শুনিলে | কি বা হ’ল ? ভয় লাগিল তাইৰ... "আতা"... দৌৰি ভিতৰ সোমাল তাই |
পিছে ই কি ! পেহাকে গুৰুলা গুৰুলকৈ পিটিছে দীপুক | দেউতাকে পেহাকক টানিছে নিজৰ ফালে আপ্ৰাণ চেষ্টা কৰি, মাক আৰু পেহীয়েকে কাবৌ কৰিছে পেহাকক দীপুক এৰি দিবলৈ আৰু অকণমানি ৰিমি আৰু ৰাণাই একো বুজি নাপাই জোৰে জোৰে কান্দিছে | কি হ’ল একো ধৰিব নোৱাৰিলে পখীয়ে | তায়ো কন্দাত লাগিল | নানান চিন্তাই আগুৰি ধৰিলে তাইক | ই দীপুয়ে বিজ্ঞানৰ পৰীক্ষা নিদিলে নেকি ? কিন্তু সিতো বিজ্ঞানত ভাল | আগৰ বছৰ " শিশু বিজ্ঞান সমাৰোহ"ত ৰাজ্যিক ভিত্তিত পুৰস্কাৰ পাইছিল | নে সি নকল কৰি ধৰা পৰিল ? তাই শুনিছে নকল কৰি হেনো ধৰা পৰিলে তিনিবছৰলৈ ছাত্ৰ-ছাত্ৰীক বহিষ্কাৰ কৰা হয় | সেই ছাত্ৰ হেনো তিনিবছৰলৈ কোনো পৰীক্ষাত বহিব নোৱাৰে | পৰীক্ষাৰ বহীখনৰ ওপৰত হেনো তিনিটা "W" লিখি দিয়া হয় | দীপুৰো তেনেকুৱা হ’ল নেকি ? ইয়াৰ সজ্জাত নাই | সি নকৰিব বুলিও তাই বিশ্বাস কৰিব নোৱাৰে | সি নোৱাৰা কাম একো নাই | কথাবোৰ ভাবি জোৰে জোৰে কান্দিব ধৰিলে পখীয়ে | ভোক ইতিমধ্যে কৰোবালৈ উৰি গৈছিল তাইৰ |এই ৰাতি যেন শেষ নহ’ব এনে লাগিল ....
তাই সোমোৱাৰ পৰা প্ৰায় দহমিনিট সময় পিটিলে দীপুক পেহাকে | তাৰ বা কিমান সময় আগৰ পৰা তাক পিটি আছিল তেওঁ, তাই নাজানে | এটা সময়ত ক্ষান্ত হ’ল তেওঁ | দেউতাকে তেওঁক শান্ত কৰিলে | ভাগৰি পৰিছিল তেওঁ | খুব ক্লান্ত দেখাইছিল তেওঁক | ৰিমি আৰু ৰাণাই দীপুক তাৰ কোঠালৈ লৈ গ’ল | তাই নগ’ল | তালৈ যাবলৈ তাইৰ ভয় লাগিল | কান্দি কান্দি দীপুৰ দৰে তাইৰো চকু উখহিছিল | তাই শান্ত্বনা দিব নাজানে | দীপু অলপ সময় অকলে থকাটো প্ৰয়োজন | পখীৰ বিচাৰ বুদ্ধিৰে তাই সিমানখিনিহে বুজি পালে | ৰিমিৰ পৰা শুনা কথাখিনিৰ সাৰমৰ্ম ঠিক এনেকুৱা-
পেহীয়েকে সন্ধ্যা জলপানৰ বাবে খিচমিচ দিয়া পায়স, ৰঙাকৈ ভজা আলুৰ ভাজি আৰু গৰম গৰম ফুলা লুচি সাজু কৰিছিল আটাইৰে বাবে | সকলোৰে বাবে এটা সকাহৰ দিন, মেট্ৰিক পৰীক্ষা শেষ হৈছে ল’ৰাটোৰ | দীপু আহিল প্ৰায় চাৰে চাৰি বজাত | পৰীক্ষা ভাল হৈছে হেনো তাৰ | লেটাৰ মাৰ্ক কনফাৰ্ম | সিনো কোনটো বিষয়ত লেটাৰ নাপাও বুলি কৈছে, পেহীয়েকে ভাবিলে, একো নামাতিলে মুখেৰে, যাহওক, পৰীক্ষা শেষ হ’ল ভালে ভালে, সেয়াই ডাঙৰ কথা ! পেহীয়েকে মন কৰিলে দীপুৰ লগত এজনী ছোৱালী আহিছে, ইউনিফৰ্মত, কিন্তু মেখেলা-চাদৰ নহয়, শাড়ী পিন্ধা ছোৱালী | পাপিয়া,ছোৱালীজনীৰ নাম , বঙালী হাইস্কুলৰ ছোৱালী | তাৰ লগত একেলগে পৰীক্ষা দিছে এইবাৰ | সিঁহতে একেজন ছাৰৰ ওচৰত অংক শিকিছিল, তাই আগবেলা, সি পিছবেলা | পেহীয়েকে একো নাভাবিলে | মৰমেৰে ভিতৰলৈ তাইক | তাই আহিল,বহিল চ’ৰাঘৰতে | দীপু ভিতৰলৈ গ’ল | দীপুৰ মাকে জলপানৰ যোগাৰত লাগিল | সন্ধ্যা লাগিবই আৰু অলপ পিছত, তেওঁৰো ঢেৰ কাম পৰি আছে কৰিবলৈ | দীপু মাকৰ ওচৰলৈ গ’ল | সি যি কথা তেওঁক ক’লে, তেওঁ কোনোমতে অচেতন নোহোৱাকৈ থাকিল | সি হেনো তাইক ভাল পায় | তাইয়ো তাক ভাল পায় | সি হেনো আজি তাইক ঘৰলৈ লৈ আহিছে একেবাৰে | বিয়া কৰাব সি তাইক |
" তাইৰ ঘৰত গম পায়নে কথাষাৰ |" অচেতন নোহোৱাকৈ কোনোমতে সুধিলে তাক মাকে |
" নাপায় "- দীপুৰ উত্তৰ | " আমি আজি আগবেলা পৰীক্ষা শেষ হোৱাৰ পিছত সিদ্ধান্ত লৈছোহে | দেৰঘণ্টাৰ বিৰতি আছিল চেকেণ্ড পেপাৰলৈ তেতিয়া দুয়ো সিদ্ধান্ত লৈছো |
"কিমান দিনৰ পৰা চিনি পাৱ তই তাইক?"
"ইংৰাজী পৰীক্ষাৰ দিনা চিনাকি হৈছিলো, তাই অংকত তামাম চোকা, ষ্টেট হায়েষ্ট পাবই পাব এইবাৰ |" বৰ গৌৰৱৰে ক’লে দীপুৱে | দীপুৰ দেউতাক অফিচৰ পৰা আহি পাইছিল | দেউতাকক দেখি দীপু আগফালৰ কোঠাত বহি থকা পাপিয়াৰ কাষলৈ গ’ল | পেহীয়েকে ভাঙি পাতি সকলো কথা পেহাকক ক’লে | পেহাকে সকলো কথা মনোযোগেৰে শুনিলে | পেহীয়েকৰ মুখ শুকাই গৈছিল | দেউতাকে ৰিমিক পঠিয়ালে মোমায়েক মামীয়েকক মাতি পঠিয়াবলৈ | পেহীয়েকক ক’লে সকলোৰে বাবে বেগেতে জলপান সাজু কৰিবলৈ | দীপু তামাম খুচ | মাকহঁতে তাৰ কথাবোৰ গুৰুত্ব সহকাৰে ল’ব লৈছে অৱশেষত | সকলো খাবলৈ বহিল | পাপিয়াই সাতখন লুচি খালে | ভোক লাগিছিল ছোৱালীজনীৰ ! যতনাই দিয়া গাখীৰগিলাছো একেবাৰতে শেষ কৰিলে তাই |
" ঘৰত কোন কোন আছে আই তোমাৰ "- পেহাকে সুধিলে |
" মা-বাবা আৰু মই আৰু বাইদেউ, বাইদেউ এইচিত পঢ়ি আছে, হোষ্টেলত থাকে |" কোমল মাতেৰে ক’লে তাই | অতিপাত মৰমলগা ছোৱালী | পেহাকে মন কৰিলে |
" তুমি যে এনেকৈ আহিলা, মাহঁতে দুখ নাপাব জানো আই |" এয়া দীপুৰ মামী....
......................................................................................
"ব’লা আই, সন্ধ্যা লাগিলেই, তোমাৰ ঘৰতো চিন্তা কৰি থাকিব মা-বাবাই | ব’লা আই তোমাক ঘৰত থৈ আহোঁ |"
"কিন্তু......"
কোনো কিন্তু নাই আই, তোমালোকে যি ভাবিছা, তাৰ সঠিক সময় আহি পোৱা নাই, এতিয়া তুমি ষ্টেইট হায়েষ্ট পাবলৈ আছে অংকত, কটন কলেজত পঢ়িবলৈ আছে, বহুত কাম আছে কৰিবলৈ |" পেহাকে মন কৰিলে "কটন কলেজ" কোৱাৰ লগে লগেই ছোৱালীজনী ভাৱবিভোৰ হৈ গ’ল | হেৰাই গ’ল কল্পনাৰ জগতত |
"ঠিক আছে তেন্তে" কোমল মাতৰ ছোৱালীজনীয়ে আৰু কোমল মাতেৰে ক’লে |
যাবলৈ উঠিল তাই | তাইক থবলৈ দীপুৰ দেউতাকৰ লগতে পখীৰ দেউতাকো ওলাল | দীপুৰ দেউতাকক এই সময়ত অকলে এৰিব নোৱাৰে তেওঁ |
" আই, তোমাৰ মা-বাবাক আজিৰ কথাটো নক’বা, তেওঁলোকে দুখ পাব অন্তৰত.."
পাপিয়াই বহু সময় চাই থাকিল দীপুৰ দেউতাকৰ মুখলৈ .......
................................................................................................................................................................................................
পাপিয়াক ঘৰত নমাই থৈ অহাৰ পিছৰ ঘটনাখিনি পখীৰ চকুৰ আগতে ঘটিছিল | এই যে দীপুটো ! কি কি যে নকৰে আৰু | লাহে লাহে সোমাই গ’ল তাই তাৰ কোঠালৈ | সি বিছনাৰ ওপৰত ৰাজেশ খান্নাৰ সেই বিখ্যাত " পুষ্পা, আই হেট টিয়াৰ্ছ" ষ্টাইলত বহি আছে | তায়ো বহি ল’লে তাৰ কাষতেই | ভোৰভোৰাবলৈ ধৰিলে সি তাইক দেখি | তাৰ লগৰ বুধিয়াই যোৱা বছৰেই বিয়া পাতিলে, সুৰেশে টেষ্ট পৰীক্ষা বেয়া কৰা চাৰিদিনৰ দিনাই ছোৱালী আনিলে | সিও ডাঙৰ হৈছে, মেট্ৰিক দিছে, বিহুৰ দিনা ১৫ বছৰৰ ভৰি দিব সি | এনেকৈ গৰু পিটন দিব লাগে নে দেউতাকে? তাৰ কি মান-সন্মান নাই | কিমান চোকা ছোৱালী হয় পাপিয়া | তাইৰ ৰিজাল্ট ভাল হ’লে দেউতাকৰে কিমান নাম হ’লহেঁতেন ! বেছি কৰে অলপ দেউতাই, লগতে হিটলাৰ মামাও | পখীয়ে বুজিলে এই ফটুৱাটোক একো কৈ লাভ নাই | আজিৰ ৰাতিটো শেষ হ’লেই হ’ল আৰু ... মনতে ভাবিলে তাই | অনুৰাগলৈ মনত পৰিল তাইৰ | কিমান দিন যে তেওঁলৈ চিঠি লিখা নাই ! চাৰিমাহ, উম, ঠিক চাৰিমাহ আগতে তাই পাইছিল অনুৰাগৰ চিঠি, যিখনৰ উত্তৰ লিখিবলৈও সময় উলিয়াব পৰা নাছিল তাই | কিমান যে কথা আছে অনুৰাগক জনাবলৈ ! সকলোৰে বাবে পখীজনী কিন্তু এই পোন্ধৰ বছৰীয়া জীৱনকালত একমাত্ৰ অনুৰাগৰ বাবেই তাই ৰাগিণী | তেওঁ কোনোদিনেই নামাতে পখী বুলি | কালিলৈ ৰাতিপুৱাই লিখিব লাগিব এখন চিঠি অনুৰাগৰ নামত.... ৰাগিণীৰ পৰা অনুৰাগলৈ |
(আগলৈ)
ණ সুস্মিতা দাস 

No comments:

Post a Comment