Sunday, 29 January 2017

চানেকি শিতান : জানুৱাৰী, ২০১৭

চানেকি শিতান : জানুৱাৰী, ২০১৭
'
সাতসৰী' আলোচনীৰ কবিতাৰ সমালোচনা
সমালোচক- ৰাজীৱ ডেকা, সদস্য, আখৰুৱা
-----------------------------------------------------------------
জানুৱাৰী মাহৰ 'সাতসৰী' আলোচনীত প্ৰকাশিত কবিতাবোৰৰ ভিতৰত অন্যতম এটা কবিতা হ'ল কবি ৰুদ্ৰ সিংহ মটকৰ "চকুপানীৰ অলংকাৰ"।
চকুপানীৰ অলংকাৰ
-
ৰুদ্ৰ সিংহ মটক
দুটোপাল চকুপানী নীৰবে সৰে
চোতালত মোৰ।
অথবা বুকু তিয়াই হৃদয় তিয়াই বৈ যায় আপোনমনে
ই মোৰ কাকো খুলি ক'ব নোৱাৰা গোপন দুখবোৰক
দি যায় উজ্জ্বলতাৰ এক নতুন মাত্ৰা
ই যে আশা, 'দৰ কথা কোৱা
কুঁহিপাত এখিলা।
চকুপানী অথলে নাযায় কেতিয়াও।
বৈ পৰা চকুপানী দুটোপাল হ'ব পাৰে এটা সপোনৰ আৰম্ভণি
অথবা কাহানিও নোগোৱা এটা গানৰ কলি
মিছা নহয়, মেঘৰ বুকুতো জুই
থাকে, বিজুলী অলংকাৰ লুকাই থাকে।
আৰু কেতিয়াবা দূৰৈৰ নীলা সাগৰতকৈও ৰহস্যময়
বেছি অৰ্থৱহ, গভীৰ আৰু বিশাল হ'ব পাৰে নুবুজা চকুপানীৰ কবিতা দুশাৰী।
কোনে জানে, কোনে বুজে সময়ৰ জটিল সাঁথৰ
চকুৰ পানীৰেও জী উঠে পথাৰৰ মাণিকীমাধুৰী ধান।
কেতিয়াবা চকুপানীৰ নেদেখা জুয়ো
এটা বাট হ'ব পাৰে অন্য এক
বিদ্ৰোহৰ।
কবিতাটো যে এক অগতানুগতিক ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত সেইটো প্ৰকট হৈ পৰিছে কবিতাটোৰ শিৰোণামাটোৰ পৰাই। চকুপানী হ'ল দুখৰ প্ৰতীক। বিষাদৰ চিন। সাধাৰণ দৃষ্টিত চকুপানীক ধৰি লোৱা হয় কোনো কৰুণ পৰিঘটনাৰ পৰা মানসিক জগতত সৃষ্টি হোৱা অনুভূতিৰ বহিঃপ্ৰকাশ বুলি। কিন্তু কবিৰ মনৰ দৃষ্টি আৰু চিন্তাস্ৰোত সৰ্বসাধাৰণতকৈ পৃথক। তেওঁ চকুপানীৰ অস্তিত্বক কেৱল দুখৰ প্ৰকাশক হিচাপেই সীমাবদ্ধ কৰিব খোজা নাই। কবিৰ কাব্যিক মনে চকুপানীৰ ভিতৰতো বিচাৰি ফুৰিছে সৌন্দৰ্য্য। চকুপানীৰ মাজতো তেওঁ দেখা পাইছে এক নতুনৰ সূচনা; অন্য এক অৰ্থ।
"
ই যে আশা, 'দৰ কথা কোৱা
কুঁহিপাত এখিলা।
চকুপানী অথলে নাযায় কেতিয়াও।"
ইয়াত কবিয়ে চকুপানীৰ অন্য এক অস্তিত্বক বুজিবলৈ উপমা দিছে কুঁহিপাত এখিলাৰ লগত।কবিতাটো বুজিবলৈ এজন পাঠকে কবিৰ ভাবৰ লগত একাত্ম হৈ পৰিব লাগিব। কবিৰ ভাৱ গভীৰ আৰু সৰ্বসাধাৰণৰ পৰা পৃথক। চকুপানীক লৈ আমাৰ মাজত গঢ়ি উঠা সাধাৰণ ধাৰণাৰ পৰা কাষৰীয়া কাটি গৈ কবিয়ে প্ৰকাশ কৰিছে নতুন উপলব্ধি। চকুলো কেৱল বিগলিত হৃদয়ৰ সাক্ষী নহৈ কেতিয়াবা হৈ পৰে-
"
এটা সপোনৰ আৰম্ভণি
অথবা কাহানিও নোগোৱা এটা গানৰ কলি।"
কবিয়ে মানি লৈছে যে চকুপানী জীৱনৰ এক অবিচ্ছিন্ন অংগ। নেদেখাজনে সকলোৰে ভাগত দিছে চকুপানী। কিছুমানে চকুপানী টুকে আনৰ অলক্ষিতে, কিছুমানে চকুলো আনৰ পৰা লুকুৱাব নোৱাৰে। চকুলো জীৱনৰ শাশ্বত প্ৰাপ্তি। জীৱনে সকলো মানুহক দিছে চকুলো টুকাৰ অনুভূতি-
"
দুটোপাল চকুপানী নীৰবে সৰে
চোতালত মোৰ।
অথবা বুকু তিয়াই হৃদয় তিয়াই বৈ যায় আপোনমনে।"
'
চকুপানী' কবিৰ কাৰণে হৈ পৰিছে এক প্ৰতীকো। ই কেবল হৈ থকা নাই মানুহৰ নিঃকিন অৱস্থাৰ সাক্ষী। বিপৰীতে চকুপানী হৈ পৰিব পাৰে মানুহৰ অনুশোচনা, আত্মবিশ্লেষণৰ কাৰণ। ই হ'ব পাৰে আত্মবীক্ষণৰ এক এক অৰ্থ। চকুপানীয়ে তেতিয়া নিজৰ পৰিধি ভাঙি গতি কৰে অন্য এক পৰিধিলৈ। ই হৈ উঠে এক নতুন অনুভূতি আৰু অভিজ্ঞতাৰ পাতনি-
"
আৰু কেতিয়াবা দূৰৈৰ নীলা সাগৰতকৈও ৰহস্যময়
বেছি অৰ্থৱহ, গভীৰ আৰু বিশাল হ'ব পাৰে নুবুজা চকুপানীৰ কবিতা দুশাৰী।"
"
চকুৰ পানীৰেও জী উঠে পথাৰৰ মাণিকীমাধুৰী ধান।"
চকুপানীৰ অৰ্থ কিমান ব্যাপক তাকে বুজাবলৈ কবিয়ে প্ৰয়াস কৰিছে। 'নীলা সাগৰতকৈও ৰহস্যময় আৰু বেছি অৰ্থৱহ' বুলি কৈ কবিয়ে চকুপানীৰ জগতখনৰ বিস্তৃতি আৰু তাৰ সিপাৰে লুকাই থকা অথচ অনাৱিষ্কৃত সম্ভাৱনাৰ কথাকে ইংগিত কৰিছে। প্ৰতিটোপাল চকুপানীৰ কাৰণ যেনেকৈ থাকে তেনেকৈ থাকিব পাৰে চকুপানী টুকাৰ লক্ষ্য, উদ্দেশ্যে। চকুপানী হৈ পৰিব পাৰে কেতিয়াবা অপ্ৰাপ্তিৰপৰা প্ৰাপ্তিলৈ এক সংযোগ ৰেখা। মটকে ব্যৱহাৰ কৰা অন্য এটা সুন্দৰ উপমা হ'ল-
"
চকুপানীৰ কবিতা দুশাৰী"।
এক চিত্ৰকল্পৰ দৰে এই উপমাই আমাৰ আগত তুলি ধৰিছে দুগালেৰে বৈ অহা চকুপানী দুটোপালৰ দুটা ধাৰাৰ দৃশ্য এটাক।
কবি মটকে চকুপানীৰ সাধাৰণ পৰিসৰৰ বাহিৰলৈ গৈ চকুপানী টুকাৰ পিছৰছোৱা সময়ৰ ফলাফলৰ কথাও উল্লেখ কৰিছে। চকুপানীৰ নিৰ্গমনে ব্যক্তিমনৰ ভিতৰত এক উপলব্ধি জাগ্ৰত কৰিব পাৰে। ই হৈ উঠিব পাৰে অতকাল চলি থকা শোষণ-নিষ্পেষণৰ বিৰুদ্ধে আৰম্ভ কৰা এক বিদ্ৰোহৰ স্ফুলিংগ-
"
কেতিয়াবা চকুপানীৰ নেদেখা জুয়ো
এটা বাট হ'ব পাৰে অন্য এক
বিদ্ৰোহৰ।"
কবিৰ মনোভাৱ যোগাত্মক। চকুপানীৰ মাজেৰে তেওঁ সন্ধান কৰিব খুজিছে জীৱনৰ শাশ্বত সত্যৰ। চকুপানীৰ মাজত সাধাৰণ মানুহে উপলব্ধি কৰিব নোৱৰা সত্যক কবিয়ে বিচাৰি পাইছে আৰু নিজৰ এক অন্য দৃষ্টিকোণ কবিতাটোত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছে। এই কথা প্ৰথম প্ৰকাশিত হৈ পৰিছে কবিতাটোৰ
শিৰোনামতেই যেতিয়া কবিয়ে চকুপানীক এক অলংকাৰ হিচাপে উৎক্ষেপন কৰিছে।
মটকৰ এই কবিতাটোৰ ভাৱ আৰু ভাষা সৰল। সাধাৰণ পাঠকেও এই কবিতাটোৰ ৰসাস্বাদন কৰিবলৈ সমৰ্থ হ'ব। চকুপানীৰ বহুমাত্ৰিক বিশ্লেষণৰ আৰু ভিন্ন দিশ উন্মোচনৰ দ্বাৰা কবিতাটোৱে পাঠকক দিব এক নতুন পঠন অভিজ্ঞতা। কবিয়ে কবিতাটোত অলংকাৰৰ প্ৰাচুৰ্যতা ৰাখিব বিচৰা নাই। তেওঁৰ মুখ্য উদ্দেশ্যে হ'ল - পাঠকক কবিমনৰ গভীৰ ভাবানুভূতিৰ লগত একত্ৰিত কৰা। কবি এই ক্ষেত্ৰত সফল হৈছে।
*******************

ব্যৱস্থাপকৰ টোকা---
'
আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি ৰাজীৱ ডেকা ডাঙৰীয়াই যুগুতোৱা 'সাতসৰী' আলোচনীৰ জানুৱাৰী, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হল৷ সকলো সদস্যৰে সহযোগ আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায় কৰিব।
পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ

No comments:

Post a Comment