Saturday, 7 January 2017

ৰূপোৱালী মেঘৰ ছায়া খণ্ড-১

"ৰূপোৱালী মেঘৰ ছায়া"
(খণ্ড-১)
মোক ফোনটো দিয়া”--- অৰুন্ধতীয়ে তাইৰ ছাত্ৰ সৌৰিণৰ ফালে চাই কলে৷
ছৰি মে” – মোক ফোনটো দিয়া বুলি কৈছোঁ নহয়!!অৰুন্ধতীয়ে যিমান পাৰি কঠিন সুৰত কৈ উঠিল৷
অৰুন্ধতীৰ মাতত ক্লাছটো কাঁহ পৰি জীণ গল৷সৌৰিণে তললৈ মূৰ কৰি ফোনটো অৰুন্ধতীৰ হাতত দিলে৷তাই ফোন আৰু ৰেজিষ্টাৰ বহীখন লৈ অসন্তুষ্টিৰে ক্লাছৰূমৰ পৰা ওলাই আহিল৷
চেম্বাৰত সোমাওঁতেই কলিগ শ্বেতাই অৰুন্ধতীৰ মুখলৈ চাই কৈ উঠিল ---
:
কি হল!তোক নৰমেল দেখা নাই??
আচলতে সৌৰিণৰ কাণ্ডই তাইৰ মুডটো অফ কৰি দিলে!ইমান সাহস তাৰক্লাছ কৰোঁতে ভিডিঅকৰিবলৈ!!তাই শ্বেতাক ফোনটো দেখুৱাই সকলো কথা কলে৷অৱশেষত দুয়োজনীয়ে আলোচনা কৰি কথাটো ডিপাৰ্টমেন্টৰ হেডক জনাবৰ বাবে হেডৰ চেম্বাৰলৈ গল৷হেডে দুইজনীকে দেখি বহিবলৈ দিলে৷অৰুন্ধতীয়ে হেডক সৌৰিণৰ কথাটো জনালে৷
:
ছাৰ, অকল মোৰ ক্ষেত্ৰতে নহয়, বেলেগ ডিপাৰ্টমেন্টটো ছাত্ৰই ভিডিঅ কৰি ধৰা পৰিছে৷মই ভাবো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছৰূমলৈ ফোন অনা বন্ধ কৰাই দিব লাগে আৰু ইয়াৰ বাবে বিহিত ব্যৱস্থা লব লাগে৷
:
ফোনটো মোক দিয়া, মই সৌৰিণৰ লগত কথা পাতিম আৰু ডাইৰেক্টৰ ছাৰৰ সতেও এই বিষয়ে কথা হম৷
অৰুন্ধতী আৰু শ্বেতাই হেডক সৌৰিণৰ ফোনটো দি ধন্যবাদ জনাই চেম্বাৰৰ পৰা ওলাই আহিল৷
:তোৰ ফোন বাজি আছিল বহু সময় ধৰি, ফোনটো বেগৰ ভিতৰত থকাৰ কাৰণে মই ৰিচিভ কৰা নাই শ্বেতাই কলে৷
অৰুন্ধতীয়ে বেগৰ চেইন খুলি ফোনটো উলিয়াই আনিলে ৷ ফোনৰ নাম্বাৰটোলৈ চাই তাইৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল!প্ৰাপ্তিৰ ফোন;প্ৰাপ্তি অৰুন্ধতীৰ শৈশৱৰ বান্ধৱী৷এসময়ৰ সুখ-দুখৰ লগৰী প্ৰাপ্তি৷ সময়েও ম্লান কৰিব নোৱাৰাকৈ আজিও সঁচা বন্ধুত্বৰ ডোলেৰে বান্ধ খাই আছে দুয়ো!
প্ৰাপ্তি থাকে শিলিগুৰিত ৷তাই শিলিগুৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপিকা পদত কাম কৰি আছে ৷ অৰুন্ধতীও চিকিমৰ মাজিতাৰত অৱস্থিত চিকিম মানিপাল ইন্সটিটিউটৰইলেক্ট্ৰিকেল বিভাগৰ সহকাৰী অধ্যাপিকা৷
: ল কেন্টিনত চাহ খাব যাওঁ, হামি আহি আছে বুজিছ’ -- শ্বেতাই কলে ৷
:
মই ফোনটো কৰি লওঁ
অৰুন্ধতীয়ে প্ৰাপ্তিৰ লগত ফোনত কথা পাতি শেষ হোৱাৰ পিছত শ্বেতা আৰু তাইৰুফ টকলৈ বুলি আগবাঢ়িল৷ইন্সটিটিউটৰ চাদৰ ওপৰত থকা কেন্টিনখনক অৰুন্ধতীহঁতে ৰুফ টকনাম দিছে ৷দুয়োজনীয়ে সিহঁতৰে কলিগ অমিতক কেন্টিনত চাহখাই থকা দেখি তেওঁৰ ওচৰতে বহি ললেহি ৷ অমিতে সিহঁত দুজনীক দেখি হাঁহি হাঁহি কলে – “বুঢ়াই আকৌ চেমিনাৰ পাতিছে, গম পায় আপোনালোকে?”
বুঢ়া মানে অমিতে ডিপাৰ্টমেন্টৰ হেডক উদ্দেশ্যি কলে ৷
: “
নাপাওঁ, আপুনি কেনেকৈ গম পালে?”—অৰুন্ধতীয়ে সুধিলে ৷
:
আজি কৰিডৰত মোক লগ পাই কথাটো কলে৷ ফেকাল্টিৰ মাজত চেমিনাৰ পাতি থাকিলেহে টিচিং স্কিল উন্নত হ, সেই বুলি কলে বুঢ়াই
:
এই বয়সত বাৰু বাৰে বাৰে ষ্টুডেন্টৰ দৰে চেমিনাৰ দি থাকিব পাৰি নেকি! শ্বেতাই বিৰক্তিৰে কৈ উঠিল ৷
:
আমি সকলোৱে মিলি চাৰক চেমিনাৰ নাপাতিবলৈ অনুৰোধ কৰিব লাগিব অৰুন্ধতীয়ে কলে৷
কেন্টিনৰ মোহনে শ্বেতা আৰু অৰুন্ধতীক চাহ আৰু ব্ৰেড পকৰা দি থৈ গল ৷
:
কাইলৈ দেওবাৰ ৷ মেডামহঁতৰ পিছে কি প্ল্যেন বা! অমিতে সুধিলে
:
মই কাইলৈ গেংটক যাম, অলপ বজাৰ কৰিব লগা আছে, অৰু যাবি নেকি? –শ্বেতাই সুধিলে অৰুন্ধতীক
:
নাই অ’, কাইলৈ শিলিগুৰিত থকা মোৰ বান্ধৱী প্ৰাপ্তি আহিব ৷ মোৰো বজাৰ আছিল, পিছে যাব নোৱাৰিম ৷ (আগলৈ )

 মৌচুমি বৰি ।

No comments:

Post a Comment