Thursday, 26 January 2017

ঘৰৰ লৰা ঘৰলৈ আহ

ঘৰৰ লৰা ঘৰলৈ আহ
-----------------------------
ঘৰৰ লৰা ঘৰলৈ আহ
দুৱাৰ খনতো আছেই খোলা
তই যোৱাৰেই পৰা ,
কতেই বা আছগৈ তই
হাবি , হোলা , অটব্য অৰণ্য
হয়তো পাহাৰৰ গুহাত
জোকে পোকে একাকাৰ হৈ ।
নালাগে দে থাকিব আৰু তেনেকৈ
নালাগে স্বাধীন অসম
নালাগে শাসনৰ জৰী
নালাগে , নচলাবি আৰু
তোৰ স্বয়ংক্ৰিয় অস্ত্ৰ আৰু
ধ্বংস কাৰী বোমা বাৰুদ ।
জীয়াই থকাৰ অধিকাৰ
তোৰো আছে , আছে মোৰো ।
ঠেৰো গেৰো কৰিছ কেলেই
আহ , সোনকালেই ঘৰলৈ আহ
থাকিবি হাতত হাত মিলাই
জাতি , উপজাতি , দেশ , প্ৰদেশ
একাকাৰ হৈ ।
কিমান টা বসন্ত পাৰ কৰিলি
যৌৱন কাটি হৈ পৌঢ় হলি
পালিয়েই বা কি ?
হেৰাল , বহুতো হেৰাল ।
কোমল মতীয়া চঞ্চল তৰুণক
আৰু নাটানিবি ,
যি কেইটা আছগৈ কুশলে
আহ ঘৰলৈ আহ ,
তহঁতৰ চোতালত কুকুৰা এজনীয়ে
পোৱালি উলিয়াইছে
জাৱৰৰ দ'মবোৰ খুচৰি খুচৰি
পোৱালি বোৰক খাবলৈ দিছে
বাৰী চুকৰ পুখুৰীটোত
গৰৈ মাছে পোনা দিছে ।

পিছ চোতালত ,
ধানৰ চৰুৰ জুইৰ কাষত
তহঁতৰ মাৰৰ চকুৰ পানী
আৰু জুইৰ ধোঁৱাই একাকাৰ হৈছে ,
আহ , চাই যাহি আহ
চাই যাহি আহ ।।
-----------------------------
বিনু ফুকন

No comments:

Post a Comment