Friday, 20 January 2017

কবিতা নহয়

কবিতা নহয়

ক)
ৰাতিবোৰ দিন হ'
দিনবোৰ সপোন '
মৰিচিকাৰ চুনামিত
তুমি গাই গ'লা
সপোনৰ গান
অহাৰ বাতেৰে
গুছিযোৱাৰ গান
তুমি গুছিগ'লা
ছবি আঁকি
ধুমোহাৰ,
খ)
শিলবোৰ পি ল'লো
বুকুৰ মাজত
অকলশৰে
মানুহৰ মাজত
মোৰ চুলিত জুইলগা
সিহতে দেখা নাই
মোৰ বুকুত জুইলগা
তুমি দেখা নাই...

চন্দন বেজবৰুৱা ৷৷

No comments:

Post a Comment