কুশল কামনা
----------
মনত আছে চাগে' কোৱা
হঁহুৱাই ৰাখিম মনোমতী
----------
মনত আছে চাগে' কোৱা
হঁহুৱাই ৰাখিম মনোমতী
নিজৰ হাঁহিৰ কথা
সোধা নাছিলো
হাঁহি আছানে য'ত আছা
ভাবা নে ক'ত আছো
- হাঁহিৰ ঠিকাদাৰ
ভাবা নে ক'ত আছো
- হাঁহিৰ ঠিকাদাৰ
তোমাক চাবলৈ কৈ
মোৰ যে সেই জোন চোৱা আব্দাৰ...
মোৰ যে সেই জোন চোৱা আব্দাৰ...
আজিও চাই আছো
ক'লা পৰা দ ূৰণিত
সমুদ্ৰ নীলা জোনাক
ক'লা পৰা দ ূৰণিত
সমুদ্ৰ নীলা জোনাক
যদি হাঁহি আছা
মনোমতী
মোৰ সপোন
-অন্য ঠিকনাত দিঠক
তেনেহ'লে
সুখৰ হিচাপ নাই মোৰ
মোৰ সপোন
-অন্য ঠিকনাত দিঠক
তেনেহ'লে
সুখৰ হিচাপ নাই মোৰ
মই হাঁহোনে
নাভাবিবা
নুসুধো কাহানিও নিজকো
নাভাবিবা
নুসুধো কাহানিও নিজকো
আকাশ নাচাবা
পোহৰ আমাৰ নাছিল
সেয়া ৰং সলোৱা শূন্য আশ্ৰয়
পোহৰ আমাৰ নাছিল
সেয়া ৰং সলোৱা শূন্য আশ্ৰয়
জোন নাচাবা
এটা শূন্যাকৃতিৰ ভ্ৰম পুহি আজিও মই
জোনাক বিচৰা নিধক
এটা শূন্যাকৃতিৰ ভ্ৰম পুহি আজিও মই
জোনাক বিচৰা নিধক
সময়ৰ নামত এটা
চকৰি- অধীৰ...
চক্ৰাকাৰে ঘুৰি থাকে যি বেগী খেলুৱৈ ঘোঁৰা
তাত বাজী লগাব নোৱাৰা মোৰ চকুৰ মণিত
ৰৈ যায় দৃশ্যৰ টুকুৰা
চক্ৰাকাৰে ঘুৰি থাকে যি বেগী খেলুৱৈ ঘোঁৰা
তাত বাজী লগাব নোৱাৰা মোৰ চকুৰ মণিত
ৰৈ যায় দৃশ্যৰ টুকুৰা
তোমাৰ বুকুতো আছে
জানো ৰ'দৰ চেঁকুৰা
বুকুলৈ নিজৰা বৈ আহি মোৰ চোলা তিতক
কুশলে থাকা মনোমতী
বুকুলৈ নিজৰা বৈ আহি মোৰ চোলা তিতক
কুশলে থাকা মনোমতী
কুকুহাই আকাশ ঢুকি
নাপায়
ঘূৰিও আহি নাপায় মাটি
ঘূৰিও আহি নাপায় মাটি
কোনো নাহে উলটি
কালি ৰাতি - কালি
ৰাতি
আজি ৰাতি - আজি ৰাতি৷৷
আজি ৰাতি - আজি ৰাতি৷৷
ණ নীলাভ সৌৰভ ৷৷
No comments:
Post a Comment