ৰাগিণীৰ অনুৰাগ
(৬)
ৰিজাল্ট দিয়াৰ পৰা
নতুন কলেজত নাম ভৰ্তি, কানি কাপোৰ কিনা, নতুন কিতাপ, বিছনা পাতি কিনা, ওচৰ চুবুৰীয়াক মাতি এপিয়লা চাহেৰে
আপ্যায়ন কৰা এই গোটেই প্ৰক্ৰিয়াবিলাক
খুব দ্ৰুতগতিৰে পাৰ হৈছিল | ঘৰখনত যেন কিবা বিয়াঘৰৰহে ব্যস্ততা | তাৰ মাজতে তাই কটন কলেজত নামভৰ্তিও কৰি আহিল | লগতে ছাত্ৰী নিবাসতো | ওচৰ চুবুৰীয়াবোৰ আহিল আশীৰ্বাদ দিবলৈ | চুবুৰীটোৰ কোনো বাকী নাছিল | সুৰভী বাইদেৱে কামান চম্ভালি লৈছিল | অকলে সুৰভী বাইদেৱে ৬০-৬৫ জন মান মানুহৰ বাবে "ঘুঘুনী"
ৰান্ধিছিল | ঘৰুৱা ব্যৱহাৰৰ কেৰাহীত ৰন্ধা " ঘুঘুনী" ছয়বাৰমান ৰান্ধিছিল অকলে | লুচি ভাজিছিল আৰু বিলাইছিল প্ৰায় অকলেই | সুৰভী বাইদেউৰ ইচ্ছাশক্তিৰ আগত সকলোৱে
প্ৰতিবাৰেই হাৰ মানে | তেওঁ অকলেই দহজনৰ সমান | মাক দেউতাকৰ আলাসৰ লাৰু পখীয়ে কিন্তু যেতিয়াই তেতিয়াই গালি খায় সুৰভী বাইদেউৰ পৰা | নপঢ়িলে, চিঞঁৰি চিঞঁৰি কথা পাতিলে, দীপুৰ লগত কাজিয়া কৰিলে সদায়েই গালি খায় তাই | মাক দেউতাকেও কেতিয়াও পখীৰ পক্ষ নলয় | খং উঠে পখীৰ | এই যে সুৰভী বাইদেউজনী, ইম্মান যে বেছি বেছি........ কিন্তু গালি খোৱা এঘণ্টামানৰ ভিতৰত যেতিয়া সুৰভী
বাইদেৱে ফুলকবি ভাজি আৰু লুচি খাবলৈ মাতি লৈ যায়, লগতে বগৰীৰ মিঠা আচাৰকণ গালি পাৰি পাৰি
পাতত উলিয়াই দিয়ে, পমি যায় পখী | সুৰভী বাইদেউৰ তিনি বছৰীয়া সন্তান জুমনৰ লগত কিন্তু পখীৰ ৰাহি একেবাৰে নিমিলে | দুয়োৰে মাজত তেল আৰু পানীৰ সম্পৰ্ক | দুয়ো দুয়োকে ফান্দত পেলাবলৈ চল বিচাৰি ফুৰে | আচলতে পখী আৰু সুৰভী বাইদেউহ’ত একেটা ভাৰাঘৰৰ
দুটা অংশত থাকে| ঘৰটোৰ ডাঙৰ অংশটোত পখীহ’ত থাকে সৰু অংশটোত সুৰভী বাইদেউৰ
পৰিয়াল | ঘৰটোৰ দুয়োটা অংশ এটা দীঘল কৰিড’ৰে দুভাগ কৰিছে | ক’ৰিডৰটোত চিলিং নাই | দীঘলীয়া কৰিড’ৰত চাইকেল, জোতা চেণ্ডেল আদি
ৰাখি থয় দুয়োটা পৰিয়াল | জুমনে খুব ভালদৰে জানে দীপু আৰু পখীৰ
কাজিয়াবোৰৰ কথা, সেইকাৰণে জুমনৰ খুব মধুৰ সম্পৰ্ক দীপুৰ
লগত | শত্ৰুৰ শত্ৰু হেনো মিত্ৰ হয়, এই উপপাদ্য জুমন নামৰ কচুগুটিটোৱে ভালদৰে
বুজি উঠিছিল |
পখীয়ে উচ্চাৰণ কৰি হে পঢ়ে | মনে মনে পঢ়িলে কথাবোৰ মনত ৰাখিব নোৱাৰে
তাই | যিকোনো কথা মুখেৰে ডাঙৰকৈ পঢ়াৰ পিছত, কাণেৰে শুনিলেহে মগজুত সোমায় পখীৰ | জুমন চোপ লৈ থাকে | যেই তাই পঢ়িবলৈ
আৰম্ভ কৰে, জুমনৰো পঢ়াৰ কোবটো বেছি হয় সেইখিনি সময়ত | সিও চিঞঁৰি চিঞঁৰি পঢ়িবলৈ ধৰে, ক ল ম কলম, খ ৰ ম খৰম, নতুবা গাব ধৰিব " হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায় |" পাৰা গৰম হৈ যায় পখীৰ | ধৈৰ্য ধৰে তাই | সিতো শুবই অলপ পিছত, এই ভাবনাত অংকৰ কিতাপ উলিয়াই লয় তাই | তাইৰ মাত বন্ধ হ’লে জুমনৰো পঢ়া-শুনা গছৰ আগত উঠে | আধাঘণ্টামান পিছত তাই কিতাপ মেলি লয় পুনৰ
| জুমনৰো মাত ওলায় ঠিক তেতিয়াই | জুমনৰ দেউতাকে তাক দাঙি বাহিৰলৈ ফুৰাবলৈ নিয়ে | সি নামানে, তাৰ হেনো ঢেৰ আছে পঢ়িবলৈ | নহ’লে নিকেতনৰ আচাৰ্যাই তাক খং কৰিব | মাকে বুজায় তাক, "দেহা অ’, পখী বাইদেউৰ মেট্ৰিক পৰীক্ষা আছে, পঢ়িবলৈ দে তাইক |"
- পখী বাইদেউৰ পৰীক্ষা আছে, তাতে আমাৰ কি হ’ল ?|" জুমনৰ সৰল উত্তৰ | অসহায় হৈ যায় সকলো |
পংকজ ভট্টাচাৰ্য
নামৰ শিক্ষকজনে চিনাকিসূত্ৰে মাজে মাজে অংকখিনি চাই যায় পখীৰ | তেওঁ অহাৰ দিনা
জুমনৰ ১ ৰ পৰা ১০০ লৈ লিখি তেওঁকহে দেখুৱাবলৈ মন যায় | তেওঁ চাবই লাগিব, মামা হয় জুমনৰ, নাচালে হ’ব নেকি কিবা ? এদিন পখী পঢ়াৰ পৰা উঠি গৈ তাক দুবাৰমান স্কেলেৰে বেতালে | সকলোৱে কথাবোৰ পাতলীয়াকৈ ল’লে | কোনোৱে একো নামাতিলে | দুঘণ্টামানৰ পিছত জুমনে অঘটন ঘটালে | সি গা ধোৱা ঘৰৰ পৰা মগটো আনি, তাতে পেচাৱ কৰি সেইখিনি সি পখীৰ বিচনাত ঢালি দিলে | আৰম্ভ হৈ গ’ল দুয়োটাৰে মাৰা মাৰি | সেইৰাতি কথাবোৰ এনেকুৱা হ’ল যে জুমনকো পিছদিনা আচাৰ্যাই পঢ়া নোসোধে আৰু পখীৰো
কোনো পৰীক্ষা নাই সন্মুখত.......
পখী আৰু জুমনৰ
কাহিনী ইয়াতেই অন্ত নপৰে | দেওবাৰে ৰাতিপুৱাই জুমনে মাকক আপত্তি দৰ্শালে পখীয়ে হেনো তাক পৰঠা খাবলৈ
নিদিলে | ওলোটা তাক পিটিলেহে | অলপ আহত হ’ল সুৰভী | ইম্মান মৰম কৰা ছোৱালীজনীয়ে বাৰু এই
কণমানিটোৰ লগত এনে কৰিব লাগেনে ? সি বাৰু অলপ দুষ্ট, কিন্তু তাইতো বুজিব লাগে, তাতকৈ ভালেখিনি ডাঙৰজনী হৈ | সুৰভীয়ে তাক দাঙি লৈ পখীৰ কাষ পালেগৈ
- "পখীমা, তুমি তাক কিয় পৰঠা খাবলৈ নিদিলা ?" যথেষ্ট উষ্মাৰে সুধিলে সুৰভীয়ে |
- "পৰঠা, কি পৰঠা, বাইদেউ"- আচৰিত হৈ গ’ল পখী |
-" আমাৰ ই কৈ আছে যে পখী বাইদেৱে পৰঠা খাবলৈ নিদিলে|"
- "পৰঠা, কি পৰঠা, বাইদেউ"- আচৰিত হৈ গ’ল পখী |
-" আমাৰ ই কৈ আছে যে পখী বাইদেৱে পৰঠা খাবলৈ নিদিলে|"
পখীয়ে মনত পেলালে, আজিতো মাকে পৰঠা ভজা নাই | তাইয়ো দেখোন গাখীৰ-চিৰা-কলৰ জলপান খালে
অলপ আগতে | জুমনে কিয় মিছা মাতিলে ?
"অই, তোক মই কেতিয়া পৰঠা খাবলৈ দিয়া নাছিলো বাবা ?"- পখীৰ চকুত জুই জ্বলিছে |
" ইইইইইইই, তেতিয়া দিয়া নাছিলা"..... কান্দি দিলে জুমনে
" মোক মাৰিছেও তাই,".... থোকাথুকি হৈ গ’ল জুমনৰ মাতটো
পখীৰ মনত পৰিল অলপ
আগতে তাই আগফালৰ বাৰান্দাত বহি পঢ়ি আছিল | শুই উঠিয়েই জুমনে সিঁহতৰ চৰাঘৰৰ লেতেৰা পৰ্দাখন আপোনমনে চোবাই
আছিল | পখীয়ে উঠি গৈ তাৰ মুখৰ পৰা পৰ্দাখন এৰুৱাই তপিনাত দুচাটমান লগাই দিলে | জুমনে বুজি উঠিল, সি বেয়া কাম কৰিছে, গতিকে পখীয়ে মাকক কোৱাৰ আগতে সি নিজেই
মাকক ক’বলৈ গ’ল | হাঁহি দিলে সুৰভী বাইদেৱে | কণমানি দেহাটো এহাতেৰে দাঙি তাক ব্ৰাছ কৰাবলৈ লৈ গ’ল | যাওঁতে কৈ গ’ল, "পখীমা, আধা ঘণ্টা পিছত আহিবি, পৰঠা খুৱাম দুয়োটাকে |"
...........................................................................................................................................................................................................................................................................................................................................................................
চাহ খাই মানুহবোৰ
ঘৰাঘৰি গ’লগৈ | নাই সুৰভী বাইদেউ তেতিয়াও ভাগৰা নাই | সেইদিনা প্ৰথম লুচি ভাজিলে পখীয়ে | দীপু আৰু মাকে বেলি গৈছিল লুচিবোৰ | দীপু এইবোৰ কামত এক্সপাৰ্ট | মাজত মাত্ৰ এটা দিন পৰহিলৈ সিঁহত যাবগৈ হোষ্টেললৈ | দীপু আৰু পখীৰ হোষ্টেল ওচৰা-ওচৰি হ’ব বুলি সকলোৱে অকণ সকাহ পালে | মাকে ভাত ৰান্ধিলে
সকলোৰে বাবে | দালি ভাত, ফুলকবি আলু ভাজি আৰু মাংসৰ তৰকাৰী | পঠাৰ মাংস | আজিকালি অসমীয়া মানুহবোৰে লুকাই চোৰকৈ
নতুবা দেখা দেখিকৈ কুকুৰা চৰাইৰ মাংস খাবলৈ
লৈছে | পখীৰ মাকৰ চৰুত সেইবোৰ এতিয়ালৈ সোমোৱা নাই | ঋষি, দীপু, ৰিমি ৰাণা,সিঁহতৰ দেউতাক আৰু পেহাকহ’তে বাহিৰতে ৰান্ধি খায় | পখীয়ে নতুনকৈ কুকুৰাৰ মাংস খাবলৈ লৈছে | সময়ৰ পৰিবৰ্তন ! পখীৰ মাক মীৰাই ভাবে | জীয়ৰী কালত তেওঁ দেখোন মাংস খোৱাই নাছিল | বিয়াৰ পিছতেহে ৰান্ধিবলৈ আৰু খাবলৈ
শিকিলে | এতিয়াও গাঁওৰ কোনোবা আহিলে কেৱল নৈৰ মাছ হে ৰন্ধা হয় ... হয়তো আৰু
বা কিমান পৰিবৰ্তন দেখিবলৈ পাব আহিবলগীয়া দিনবোৰত |
বস্তু-বাহানিখিনি
সামৰি আছে আটাইয়ে | সুৰভী সোমাই আহিল | হাতত এখন কিতাপ, " অসীমত যাৰ হেৰাল সীমা |" পঢ়িছে কিতাপখন পখীয়ে আগতে | আজি উপহাৰ হিচাপে দিলে সুৰভী বাইদেৱে, ক’লে, "পখীমা, জানো, তই এইখন পঢ়ি ভাল পাৱ বুলি, সেয়ে দিলো, বহুত মৰমেৰে, ভালদৰে ৰাখিবি | মই আজি বহুত দিনৰ পৰা ভাবি আছিলো তোক কি উপহাৰ দিয়া যায়, এবাৰ ভাবিলো, কাপোৰ দিও, এবাৰ ভাবিলো বেগ দিও, কিন্তু শেষত এইখনহে দিলো..... কিয় জাননে ? কাপোৰ বা বেগ পূৰণি হ’লে এলাগী হয়, কিতাপ কেতিয়াও নহয় | আমিতো ভাৰাতীয়া চাকৰিয়াল মানুহ, আজি ইয়াত, কালি তাত... আজিৰ
পৰা বহু বছৰ পিছত যেতিয়া ৰং উৱঁলি যোৱা অৱস্থাত কিতাপখন দেখিবি, মনত পৰিব এই
বাইদেউলৈ ....... ভাল হওঁক তোৰ পখীমা, অন্তৰেৰে কামনা কৰিম সদায়েই |"............
পখীয়ে বুজিলে
মমতাৰ কোনো বৰণ নাথাকে .....
ক্ৰমশ :
ණ সুস্মিতা দাস
৷
No comments:
Post a Comment