Saturday, 7 January 2017

ৰাগিণীৰ অনুৰাগ ৩

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস
ৰাগিণীৰ অনুৰাগ
(২)
পৰীক্ষা আৰম্ভ হ’ল | জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষা, মেট্ৰিক পৰীক্ষা | কিয় জানো পখীৰ এনেকুৱা লাগে, এই মেট্ৰিক পৰীক্ষাত ছাত্ৰতকৈ পিতৃ-মাতৃয়েহে বেছি পঢ়া-শুনা কৰিবলগীয়া হয় | তাই ককায়েক ঋষিদাৰ সময়তো দেখিছিল, সি যিমান পঢ়ে, মাক-দেউতাকেও সিমানেই পঢ়িছিল তাক পঢ়ুৱাবলৈ | আনকি তাইয়ো ! হয়, ঋষিদাৰ সময়ত পখীয়ে বিভিন্ন বিষয়ৰ ৰচনাবোৰ পঢ়ি, তাৰ ওপৰত নোট লিখি দিছিল ককায়েকলৈ | সুবিধা তাইৰেই হ’ল | বেছিভাগ বিষয়ৰ হাতে লিখা নোট তিনিবছৰ আগৰ পৰাই তাইৰ হাতত আছিল | পঢ়ি গ’লেই হ’ল | তথাপিও তাই শেহতীয়া "টেষ্ট পেপাৰ"খনলৈকে সকলো জিলাৰ সকলো প্ৰশ্ন-উত্তৰবোৰ আকৌ নতুনকৈ লিখি উলিয়াইছিল | পঢ়াত বেয়া নহয় পখী, ঋষিৰ দৰে নহ’লেও "ষ্টাৰ মাৰ্ক" পাই পাছ কৰিব বুলি তাই জানে |
ইংৰাজীৰ কাকতখন ভালেই গ’ল তাইৰ | ৰচনাখন "কমন" নপৰিল | কিন্তু বিচলিত নহ’ল তাই | গল্প লিখাৰ সিদ্ধান্ত ল’লে তাই | দুই তিনিবাৰ গল্পৰ আউটলাইনখিনি পঢ়ি ল’লে তাই | গল্পটোও আগতে নপঢ়া আহিছে | বিষয়বস্তু দিছে বন্ধুত্বৰ ওপৰত | তাই লিখিলে এনেকৈ... " এদিন এজনী ছোৱালীয়ে কৰোবালৈ অকলে গৈ আছিল | বাটতে পূৰণি বন্ধু এজন লগ পালে | বহু পূৰণি বন্ধু | আপদে-বিপদে সহায়ৰ হাত আগবঢ়ায় যদিও এইবাৰ বহু বছৰৰ মূৰত দুয়ো লগ হ’ল | স্মৃতিৰ পৰা হেৰাই যাবলৈ ধৰা কথাবোৰ দুয়ো মনত পেলালে | গৈ গৈ দুয়ো এক বৃহত আশ্ৰম সদৄশ মন্দিৰ প্ৰাংগণত উপস্থিত হ’ল | বন্ধুজন সেৱা কৰিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাই গ’ল |ছোৱালীজনী কিন্তু নগ’ল | আশ্ৰমৰ শান্ত সমাহিত ৰূপে তাইক আকৃষ্ট কৰিলে আৰু তাই বিভোৰ হৈ ঘূৰি ফুৰিবলৈ ধৰিলে | লাহে লাহে সন্ধ্যা নামি আহিল | ছোৱালীজনী বাট হেৰুৱাই পেলালে | অকলে ঘূৰি ফুৰাৰ বাবে নিজৰ ওপৰতে খং উঠিল তাইৰ | কি কৰিব এতিয়া? বন্ধুজনক বিচাৰিলে তাই... " পিছফালে ঘূৰি চা, মইতো তোৰ লগে লগেই আছো".....................!!!!!!!
বন্ধুবোৰ এনেকুৱাই... জীৱনৰ ধামখুমীয়াত পৰি আমি হয়তো ভাবো, সকলো এৰা পৰি আহিল আদবাটতে, কিন্তু বন্ধুবোৰ ছাঁ হৈ আগবাঢ়ে আমাৰ লগে লগেই কোনো শব্দ অবিহনেই......!!!!!!!" গল্পটো লিখি নিজেই সুখী হ’ল পখী | পৰীক্ষা হ’লৰ পৰা ওলায়েই ভাবিলে তাই ইংৰাজীত লেটাৰ মাৰ্ক পাবই তাই | দীপুক বিচাৰিলে তাই | তাৰ বা কেনেকুৱা হ’ল পৰীক্ষা ?
পৰীক্ষাৰ গোটেই কেইদিন দীপুয়ে তাইৰ মূৰটো চোবালে | গধূলি হ’লে প্ৰশ্নকাকত তুলি লৈ আহি সি দুয়োৰে নম্বৰ হিচাপ কৰে | তাৰ হিচাপমতে সি চব বিষয়তে ৮৫% ৰ ওপৰত নম্বৰ পাব আৰু পখীৰ নম্বৰ ৬০-৬৮% ৰ ভিতৰত থাকিব | অংক পৰীক্ষাৰ শেষ হোৱাৰ গধূলি ..
- তই বুজিছ’ ৬৫-৭০% ভিতৰত পাবি | পেপাৰ টান আহিছিলতো |
-উম, পেপাৰ টান কাটিছিল | কিন্তু মোৰ ভুল নাই হোৱা যেন লাগে | যোৱা তিনিমাহ বহুত অংক কৰিলো ৰে | আজিৰ পেপাৰখন এইবাৰ তিনিচুকীয়া জিলাৰ টেষ্ট পৰীক্ষাৰ লগত বহুত মিল আছে | মই চাৰিবাৰমান কৰিছিলো প্ৰেক্টিছ পেপাৰখন | গতিকে মোৰ পৰীক্ষা ভালেই গ’ল | পৰীক্ষা শেষ হোৱাৰ পিছৰ মই আমাৰ দেৱ ছাৰক অংকখিনি কৰি দেখুৱাম |
- হ’ব দে জনা আছে মোৰ, তই ত্ৰিকোণমিতিত ৰাম গাধা , আৰু ছোৱালী মানুহ অংকত ভাল হ’ব নালাগে দে, নুশুৱায় | ছোৱালী অসমীয়াত ভাল হ’লে হে লখিমী লখিমী লাগে | অংকত চোকা ছোৱালীবোৰ দন্দুৰী হয় |
- কোন মহাপুৰুষে জ্ঞান দিলে তোক ?
-কোনে দিব ? মই নিজে কিবা কম নেকি ? চাবি এদিন মোক জগতে জানিব মোৰ জ্ঞানগৰ্ভ কথাৰ বাবে |
- আঁতৰ হ’ বেগেতে আমাৰ ঘৰৰ পৰা | পেহাই তোৰ টিপিকেল মতা মানুহৰ লক্ষণৰ কথা জানিলে পিঠি চিধা কৰি দিব ... যা বুলিছো নহয় যা...
-ইমান অহংকাৰ ক’লীমাই ! কি আমাৰ ঘৰ আমাৰ ঘৰ মাৰি আছা ? দস্তুৰমত আপোন মামাৰ ঘৰলৈ আহিছো | হ’ব পাৰে কংস মামা, কিন্তু মামা হয় তো | কোনো মোমায়েকে ভাগিনক খেদিব নোৱাৰে শাস্ত্ৰমতে | পাপ লাগে | বৈতৰণী পাৰ নহয় হেনো |
- ইচ এনে শাস্ত্ৰবিদ ওলাইছে | শাস্ত্ৰখন ৰঙা নে নীলা ৰঙৰ কেতিয়াবা দেখি পাইছ’?
-ক’লীমাই, তই বৰ দন্দুৰী হৈছ আজিকালি.... নাপায়, আপীমানুহক এইচব নুশুৱায় |
- কি শুৱায়, কি নহয়, বিচাৰ ঋষিদাই কৰিব ৰ’হ | মাতো তাক ৰ’... দাদা, দাদাআআআ
- কি কৱ, বকাসুৰটো ঘৰলৈ আহিল নেকি ? মই যাও দে, পঢ়িবলৈ আছে ঢেৰ... তই মিছাতে মোৰ সময় নষ্ট কৰিলি .....দোৰ মাৰি ওলাই গ’ল দীপু কোঠাটোৰ পৰা |
হাঁহি দিলে পখীয়ে | ওলাই যাওঁতে তাৰ হাফপেণ্টৰ জেপৰ পৰা সৰি পৰিল দুখিলা কাগজ | কৌতুহলৰে তুলি ল’লে তাই কাগজখিনি | ইমান ধুনীয়া অনুবাদ ! পমি গ’ল পখী | দীপু ইমান সংবেদনশীন নে ? ইমান অপৰিচিত এই ৰূপ ? বিশ দিন মান আগতে "আসাম ট্ৰিবিউন " কাকতখনত এটা গল্প ওলাইছিল | তাই ওপৰে ওপৰে পঢ়ি থৈ দিছিল | সম্ভৱত অ’ হেনৰীৰ আছিল | পৰীক্ষাৰ টেনশ্বনত পাহৰিলে তাই | কিন্তু দীপু ? ইমান গভীৰভাৱে ল’লে নে গল্পটো যে জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষাৰ মাজতো তাৰ মনত গল্পটোৱেই ক্ৰিয়া কৰি আছিল ? কেতিয়া অনুবাদ কৰিলে সি গল্পটো ? সি চাগৈ পৰীক্ষাৰ শেষত গল্পটো কোনোবা অসমীয়া কাকতলৈ পঠাব প্ৰকাশৰ বাবে..... তাই গল্পটো পঢ়িবলৈ ল’লে ....
“এবাৰ দুজন দেৱদূতে এজন ব্যক্তিক লগ পালে |দেৱদূত দুজনে মানুহজনক ক’লে যে তেওঁলোকে স্বৰ্গৰ পৰা আহিছে এযুৰি উজ্জ্বল চকুৰ গৰাকিনীৰ সন্ধানত যি নিজেই এগৰাকী পৰী | তেওঁলোক দুজনৰ গণনা অনুসৰি সেই উজ্জ্বল চকুৰ গৰাকিনী হৈছে উক্ত ব্যক্তিজনৰ বিদূষী পত্নী | দেৱদূত দুজনে লোকজনক অনুৰোধ কৰে যেন তেওঁলোকক সেই উজ্জ্বল চকুযুৰি নিৰীক্ষণ কৰাৰ সুযোগ দিয়ে, আৰু যদি তেওঁলোকে সন্ধান কৰা পৰীগৰাকী তেওঁৰ পত্নী হয় তেন্তে মহিলাগৰাকী তেওঁলোকৰ লগত স্বৰ্গলৈ যাবলৈ নীতিমতে বাধ্য |বিচলিত হৈ পৰিল লোকজন | মৰমী পত্নীৰ পৰা চিৰ বিচ্ছেদৰ বেদনাই তেওঁক মৰ্মাহত কৰি তুলিলে যিহেতু ভদ্ৰলোকজনে জানিছিল তেওঁৰ পত্নীৰ চকুযুৰি কিমান উজ্জ্বল | থৰ লাগি যাব পৰা দুচকু, য’ত হেৰাই যাব খোজে তেওঁ সমস্ত সত্বা .............
গোটেই ঘটনাখিনি লোকজনে তেওঁৰ পত্নীৰ আগত কয় | খুব মনোযোগৰে শুনি বিদূষী মহিলাগৰাকী একে আষাৰে সন্মত হয় তেওঁৰ চকুযুৰি নিৰীক্ষণ কৰাবলৈ.... আহত হয় ভদ্ৰলোক | তাৰমানে........ কাৰণ তেওঁ ১০০% নিশ্চিত আছিল দেৱদূতে সন্ধান কৰা পৰীগৰাকী তেওঁৰেই প্ৰণয়িনী....বহুসময় পৰীক্ষা কৰিলে চকুযুৰি দেৱদূতে.........ইজনে সিজনৰ মুখলৈ চালে | বিষন্ন হ’ল দুয়োজন | চকুযুৰি উজ্জ্বল, বহু উজ্জ্বল ... তেওঁলোকে সন্ধান কৰাত্কৈ বহুগুণে বেছি | সেই চকুযুৰি ইমান উজ্জ্ব্ল নাছিল | অহা বাটে উভতি গ’ল দুয়ো |
স্বামীৰ আচৰিত হোৱাৰ পাল | ঘ্টনা কি? ই কেনেকৈ সম্ভৱ | সাঁথৰ ভাঙিলে পত্নীয়ে | "দেৱদূতে নিৰীক্ষণ কৰি থকা সময়ত মই মাথোঁ স্মৰণ কৰিছিলো তুমি মোক প্ৰথম স্পৰ্শ কৰা দিনৰ কথা,মোৰ আবেগৰ কথা | সেই স্মৃতি এতিয়াও ইমানেও আকৰ্ষণীয় যে তাৰ সতেজতা আৰু লাজৰ লালিমাই মোক আজিও উজ্জ্বল কৰি তোলে আৰু তাৰ বহি:প্ৰকাশ ঘটে মোৰ দুচকুত | সেই উজ্জ্বলতাৰ আগত সকলো নিস্প্ৰ্ভ হৈ পৰে |" ইমান ধুনীয়া লিখিব জানে দীপুৱে ! নাজানে, নিচিনে এইটো দীপুক, যাৰ লগত তাই একেলগে ডাঙৰ হৈছে | পাগল, পুৰা পাগল ল’ৰাটো | তাই আৰু একো নাভাবিলে | পঢ়িবলৈ আছে এসোপা | এতিয়াও পৰীক্ষা শেষ হ’বলৈ তিনিদিন বাকী | বাসন্তী পূজাও আৰম্ভ হৈছে | কালি অষ্টমী, দেৱীৰ চৰণত এপাহি ফুল আগবঢ়াই সেৱা এটি কৰি আহিব লাগিব | মনতে ভাবিলে পখীয়ে ...
( আগলৈ)
ණ সুস্মিতা দাস 

No comments:

Post a Comment