কথাবোৰ নৈ হৈ বয়
মনৰ মানুহ যেতিয়া
হেৰাই
কথাবোৰে আঁত হেৰাই
বাটে বাটে অঘৰী জীৱন কটাই
অনাই বনাই গছে বনে বগাই
কথাবোৰ লতা হয়
মেৰিয়াই বান্ধি লয় কাৰোবাক
লতাৰ দৰেই পৰাশ্ৰয়ী হৈ পৰে কথাবোৰ
এনেদৰেই কথাবোৰ লোকচক্ষুত
অনাদৃত হয়
অবহেলিত কথাবোৰে মনটোক খান্দি খান্দি
আগুৱাই গৈ থাকে অজান বাটে
আৰু সেই বাটে বৈ যায় এখন
দুখৰ বোৱতী নৈ নিৰবধি হৈ.......
কথাবোৰে আঁত হেৰাই
বাটে বাটে অঘৰী জীৱন কটাই
অনাই বনাই গছে বনে বগাই
কথাবোৰ লতা হয়
মেৰিয়াই বান্ধি লয় কাৰোবাক
লতাৰ দৰেই পৰাশ্ৰয়ী হৈ পৰে কথাবোৰ
এনেদৰেই কথাবোৰ লোকচক্ষুত
অনাদৃত হয়
অবহেলিত কথাবোৰে মনটোক খান্দি খান্দি
আগুৱাই গৈ থাকে অজান বাটে
আৰু সেই বাটে বৈ যায় এখন
দুখৰ বোৱতী নৈ নিৰবধি হৈ.......
ණ নিৰুপমা ডেকা ৷৷
No comments:
Post a Comment