" এইমাত্ৰ পাৰ হৈ যোৱা
মিচিলটো"
এইমাত্ৰ পাৰ হৈ যোৱা মিচিলটো
এজন মন্ত্ৰীৰ আছিল
আপুনি জানেনে মন্ত্ৰী
হোৱাৰ আগতে তেওঁ
কি আছিল?
কি কৰিছিল?
৫ বছৰ বয়সত তেওঁ
কাষৰ ঘৰৰ বিৰাজ দাৰ
মূৰত নেলীয়া কটাৰীৰ
আগটো বহুৱাই দিছিল
বৰ্তমান বিৰাজ দা কলেজ শিক্ষক
বিৰাজদাই কয়
বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীতে
তেওঁ এটা-দুটা বৰ্ষ বেছিকৈ লৈছিল
কাৰণ খৰছি মাৰি অধ্যয়ন কৰাটো
তেওঁৰ একপ্ৰকাৰ অভ্যাস হৈ পৰিছিল
অষ্টম মানৰ পৰাই তেওঁ
কিছুমান কামত সুনিপুণ হৈ যায়
যেনে,
পুৰীয়া মৰা, সহপাঠীৰ পিঠিত
জলন্ত চিগাৰেট লগোৱা আদিত
আনকি দশম মানত হেনো তেওঁ ছোৱালী এজনীক?
নকওঁ দিয়ক অলপ অশ্লীল হ'ব ।
মন্ত্ৰী ডাঙৰীয়া ক'লেজলৈ গ'ল নে নগ'ল কোনেও নাজানে
কিন্তু বেছ কিছুদিন যে তেওঁ
ৰাজআলিত ডকাইতি কৰিছিল
আৰু পঞ্চায়তৰ সভাপতি
হৈ থাকোতে সমুদায় পূঁজিৰ ধন যে
তেওঁৰ পকেটত সোমাইছেে
সেইটো আমিও জানো
লগতে এটা ধৰ্ষণৰ কেচো তেতিয়াই
ডিঙিত আঁৰি লোৱাৰ কথাটোও
যিটো এতিয়াও চলি আছে
আপুনি যদি বাতৰি চাই দেখিব মাজে মাজে বৰকৈ ওলাই আৰু তাৰ পাছত নিজে নিজে নোহোৱা হয়
কিয় নাজানো !
ময়ো বা আপুনিও
যোৱা নিৰ্বাচনত জিকি
তেওঁ মন্ত্ৰী হৈছে
শুনিছিলো টিকটৰ বাবে হেনো ক'ৰবাত কৰা হৈছিল
কোটি টকাৰ অংক এটা
বিৰোধীক হুমকিয়াবলৈ লগত ৰাখিছিল দাদাৰ দল এটা
এতিয়া দাদা বোৰ একো একোজন ঠিকাদাৰ
এজন মদৰ দোকানী
দোকান মন্দিৰৰ কাষতে
স্কুলখনো ওচৰতে
সন্ধিয়া বৰ গ্ৰাহক হয়
চিঞৰ বাখৰো হয়
আমি বাধা নিদিওঁ নোৱাৰিম
কাৰণ অনুজ্ঞাপ্ৰত্ৰ আছে
তাতকৈয়ো ডাঙৰ কথা
লগত মন্ত্ৰী ডাঙৰীয়া আছে ।
এইমাত্ৰ পাৰ হৈ যোৱা
মিচিলটো এজন মন্ত্ৰীৰ আছিল
সমাজ কল্যাণ তেওঁৰ দপ্তৰ ।
ණ মধু এম কলিতা ।
এইমাত্ৰ পাৰ হৈ যোৱা মিচিলটো
এজন মন্ত্ৰীৰ আছিল
আপুনি জানেনে মন্ত্ৰী
হোৱাৰ আগতে তেওঁ
কি আছিল?
কি কৰিছিল?
৫ বছৰ বয়সত তেওঁ
কাষৰ ঘৰৰ বিৰাজ দাৰ
মূৰত নেলীয়া কটাৰীৰ
আগটো বহুৱাই দিছিল
বৰ্তমান বিৰাজ দা কলেজ শিক্ষক
বিৰাজদাই কয়
বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীতে
তেওঁ এটা-দুটা বৰ্ষ বেছিকৈ লৈছিল
কাৰণ খৰছি মাৰি অধ্যয়ন কৰাটো
তেওঁৰ একপ্ৰকাৰ অভ্যাস হৈ পৰিছিল
অষ্টম মানৰ পৰাই তেওঁ
কিছুমান কামত সুনিপুণ হৈ যায়
যেনে,
পুৰীয়া মৰা, সহপাঠীৰ পিঠিত
জলন্ত চিগাৰেট লগোৱা আদিত
আনকি দশম মানত হেনো তেওঁ ছোৱালী এজনীক?
নকওঁ দিয়ক অলপ অশ্লীল হ'ব ।
মন্ত্ৰী ডাঙৰীয়া ক'লেজলৈ গ'ল নে নগ'ল কোনেও নাজানে
কিন্তু বেছ কিছুদিন যে তেওঁ
ৰাজআলিত ডকাইতি কৰিছিল
আৰু পঞ্চায়তৰ সভাপতি
হৈ থাকোতে সমুদায় পূঁজিৰ ধন যে
তেওঁৰ পকেটত সোমাইছেে
সেইটো আমিও জানো
লগতে এটা ধৰ্ষণৰ কেচো তেতিয়াই
ডিঙিত আঁৰি লোৱাৰ কথাটোও
যিটো এতিয়াও চলি আছে
আপুনি যদি বাতৰি চাই দেখিব মাজে মাজে বৰকৈ ওলাই আৰু তাৰ পাছত নিজে নিজে নোহোৱা হয়
কিয় নাজানো !
ময়ো বা আপুনিও
যোৱা নিৰ্বাচনত জিকি
তেওঁ মন্ত্ৰী হৈছে
শুনিছিলো টিকটৰ বাবে হেনো ক'ৰবাত কৰা হৈছিল
কোটি টকাৰ অংক এটা
বিৰোধীক হুমকিয়াবলৈ লগত ৰাখিছিল দাদাৰ দল এটা
এতিয়া দাদা বোৰ একো একোজন ঠিকাদাৰ
এজন মদৰ দোকানী
দোকান মন্দিৰৰ কাষতে
স্কুলখনো ওচৰতে
সন্ধিয়া বৰ গ্ৰাহক হয়
চিঞৰ বাখৰো হয়
আমি বাধা নিদিওঁ নোৱাৰিম
কাৰণ অনুজ্ঞাপ্ৰত্ৰ আছে
তাতকৈয়ো ডাঙৰ কথা
লগত মন্ত্ৰী ডাঙৰীয়া আছে ।
এইমাত্ৰ পাৰ হৈ যোৱা
মিচিলটো এজন মন্ত্ৰীৰ আছিল
সমাজ কল্যাণ তেওঁৰ দপ্তৰ ।
ණ মধু এম কলিতা ।
No comments:
Post a Comment